--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খানৰ পাঠান ছবিৰ বেচৰম ৰং গীতটিচ গেৰুৱা বিকিনি পিন্ধি নৃত্য কৰাৰ পিছতে ব্যাপক সমালোচনাৰ সন্মুখীন হৈছে দীপিকা পাডুকন। বহুতে আনকি গীতটিয়ে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ কৰি পাঠান ছবি খন নিষিদ্ধ কৰাৰো দাবী জনাইছে। ছবি খনৰ বিৰোধিতা কৰি আনকি অযোধ্যাত শাহৰুখ খানৰ আদ্য শ্ৰাদ্ধও পাতিছে। এনেবোৰ কথাই হয়তো দুখ দিছে অভিনেত্ৰী দীপিকাক।

সেয়ে বিগত কিছুদিন ধৰি দীপিকাই ৰাজহুৱা দৰ্শন দিয়া নাই। তেওঁ ক’লৈ গ’ল সেয়াও কোনেও সঠিককৈ ক’ব নোৱাৰে। অন্যবাৰ ৩১ ডিচেম্বৰৰ নিশা দীপিকাই বলীউডৰ আন তাৰকাৰে মিলি পাৰ্টী কৰে। এইবাৰ সেইবোৰৰ কোন উমঘামেই নাই। দীপিকাৰ ঘনিষ্ঠ মহলেও আনকি ক’ব নোৱাৰে দীপিকা ক’ত আছে। বলীউডৰে বহুতেই আনকি বেচৰম ৰং গীতটিৰ বাবে দীপিকাক সমালোচনাৰে থকা সৰকা কৰিছে।


সৌসিদিনালৈ দীৰপিকাৰ পৰম বন্ধু হৈ থকা সকলৰ মাজৰেও একাংশই গীতটিকলৈ দীপিকাক সমালোচনা কৰিছে। গায়ক অভিজিতকে ধৰি বহুতে দীপিকা আৰু শ্বাহৰুখক বেয়াকৈ লমালোচনা কৰিছে। এনেবোৰ কথায়ো হয়তো দীপিকাক দুখ দিছে। সেয়ে তেওঁ সাময়িকভাবে হ’লেও তেওঁ ৰৈাজহুৱা জীৱনৰ পৰা কিছু নিলগত আছে বুলি ধাৰণা কৰা হৈছে। আন বছৰ বোৰত ৩১ ডিচেম্বৰৰ আগে আগে দীপিকাই মুম্বাইৰ অভিজাত ৰেষ্টুৰেণ্ট বোৰলৈ গৈ খাদ্যৰ জুতি লয়। 


কিন্তু এইবাৰ সেইবোৰ একো নাই। সেয়ে দীপিকা অবিহনে বলীউড আৰু মায়ানগৰী একপ্ৰকাৰ নিজম পৰিছে। ভূৰখা মহলে প্ৰকাশ কৰা মতে জানুৱাৰীত পাঠানে মুক্তি লাভ কৰাৰ পিছতে দীপিকাই পুনৰ ৰাজহুৱাভাবে আত্মপ্ৰকাশ কৰিব। ছবি খনকলৈ আৰু নতুনকৈ বিতৰ্ক হোৱাৰো সম্ভাৱনা নাই। কাৰণ ছবি খনৰ বিতৰ্কিত দৃশ্যবোৰ কৰ্তন কৰাৰ বাবে ইতিমধ্যে ফিল্ম চেন্সৰ বোৰ্ডে সিদ্ধান্ত লৈছে। তথাপি দীপিকা বিহীন নৱবৰ্ষ যেন বহুতৰে বাবে অসহনীয় হৈ পৰিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক