--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বায়ুমণ্ডলত থকা আটাইবোৰ গেছৰ ভিতৰত অন্যতম এই অক্সিজেনক লৈ বিজ্ঞানীসকলে বিভিন্ন পৰীক্ষা-নিৰীক্ষা কৰি আছে। অক্সিজেনৰ অভাৱতে বৰ্তমান বহুতে বিভিন্ন ৰোগত আক্ৰান্ত হোৱা দেখা যায়। বায়ুমণ্ডলত থকা অক্সিজেন গেছ বিশুদ্ধ ৰূপত নোপোৱাৰ ফলতে মানুহৰ বিভিন্ন ৰোগ হয়।

যান-বাহন আৰক্ষীৰ মতে, তেওঁলোকৰ কৰ্মকৰ্তা সকলে বিভিন্ন জংচন আৰু পথত প্ৰায় ৮-১০ ঘণ্টা সময় যান-বাহন নিয়ন্ত্ৰণত সময় অতিবাহিত কৰে। অধিক প্ৰদূষণ, ধূলি আৰু তাপৰ সংস্পৰ্শলৈ অহাৰ বাবে যান-বাহন কৰ্মীসকল প্ৰায়ে শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু আনুষংগিক সমস্যাৰ চিকাৰ হৈ পৰে। প্ৰদূষণৰ মাত্ৰা উচ্চ হ’লে উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ লগতে জ্বলা-পোৰাৰ সৃষ্টি হয়। ট্ৰেফিক আৰক্ষীয়ে শ্বাস-প্ৰশ্বাসজনিত সমস্যাই নহয় চকুৰ খজুৱতি, কঁকালৰ বিষ আনকি ভৰিৰ বিষৰ সন্মুখীন হ’বলগীয়া হয়। তেওঁলোকক মাস্ক দিয়া হয় যদিও হুইচেল নবজোৱা পৰ্যন্ত মানুহে নিয়ম মানি নচলে, যাৰ বাবে তেওঁলোকে মাস্কবোৰ আঁতৰাব লাগে। 

কিন্তু ইয়াৰ পৰা পৰিত্ৰাণৰো আছে উপায়। হয় ৪০ হাজাৰ টকাৰ অক্সিজেন কনচেনট্ৰেটৰ আমেৰিকাই নিৰ্মাণ কৰিলে। অক্সিজেন কনচেণ্ট্ৰেটৰে ব্যৱহাৰকাৰীক অধিক অক্সিজেন গ্ৰহণ কৰাত সহায় কৰে। ই বায়ু পৰিষ্কাৰ কৰি ব্যৱহাৰকাৰীৰ বাবে টিউবৰ জৰিয়তে যোগান ধৰে।এই যন্ত্ৰটো সমগ্ৰ বিশ্বতে জনপ্ৰিয় আৰু ই উচ্চ মানদণ্ডৰ। 

প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষৰ চুৰাতত এই অক্সিজেন কনচেণ্ট্ৰেটৰ যোগান ধৰাৰ কাম এটা বেচৰকাৰী সংস্থাই আৰম্ভ কৰিছিল। যান-বাহন আৰক্ষীৰ সৈতে সহযোগিতা কৰি যান-বাহন পুলিচসকলক অক্সিজেন কনচেণ্ট্ৰেটৰ যোগান ধৰাৰ বাবে এক পাইলট প্ৰজেক্ট আৰম্ভ কৰিছিল। কিন্তু এয়া বৰ্তমান পৰ্যন্ত সফল ৰূপায়ন নহ'ল । 

গধুৰ যান-জঁটৰ বাবে পথত প্ৰদূষণৰ মাত্ৰা অধিক হয় । আৰু ট্ৰেফিক পুলিচ সকলে প্ৰদূষিত বায়ু উশাহ ল'বলৈ বাধ্য হয়। ই তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। কিন্তু ৰাতিপুৱা আৰু গধূলি ১০ মিনিটৰ বাবে অক্সিজেন কনচেণ্ট্ৰেটৰৰ সহায়ত উশাহ লোৱাৰ ফলত ই এক বৃহৎ উপকাৰ সাধন হ'ব বুলি অনুমান কৰিব পাৰি।

বিশেষজ্ঞসকলে কয় যে অক্সিজেন থেৰাপীয়েও এই ক্ষেত্ৰত সহায় কৰিব পাৰে কিন্তু এই থেৰাপী হয়তো স্থায়ী সমাধান নহ’বও পাৰে । যান-জঁট আৰক্ষী বিভাগে ইয়াৰ কৰ্মীসকলৰ বাবে স্বাস্থ্য পেকেজ প্ৰস্তুত কৰাৰ প্ৰয়োজন আছে। ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ সভাপতি প্ৰকাশ মাৰাথেয়ে কয়, ‘অক্সিজেন থেৰাপী এটা অস্থায়ী সমাধান।অক্সিজেন চেম্বাৰত যান-জঁটৰ কৰ্মীক আপুনি সকলো সময়তে ৰাখিব নোৱাৰে, তেওঁলোক পুনৰ প্ৰদূষকৰ বলি হ’ব।

এই যান-বাহন কৰ্মীসকলৰ  উন্নত সুৰক্ষাৰ বাবে চৰকাৰৰ বহু পদক্ষেপৰ এতিয়াও আধৰুৱা তথা লেহেমীয়া। অতি সোনকালেই ট্ৰেফিক আৰক্ষীৰ বাবে চৰকাৰে ‌উপযুক্ত আঁচনি‌ বা সুবিধা প্ৰদান নকৰিলে  হয়তো বহু সংখ্যক কৰ্মচাৰীয়ে শ্বাস-পশ্বাস জনিত সমস্যাৰ চিৰকাল‌ বলি হ'ব লাগিব। এওঁলোক‌ আমাৰ ৰক্ষক । গতিকে এওঁলোকৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে জনসাধাৰণৰো কৰনীয় যঠেষ্ট আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
জার্মান-মার্কিন ৩ বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা
ভাৰত-ৱেষ্ট ইণ্ডিজৰ প্ৰথম টি-২০ আজি
প্লেগৰ আতংক বিয়পিছে ৰাছিয়াত; মহিলা গৱেষকৰ মৃত্যুৰ পাছত ২০০ লোক কোৱাৰেণ্টাইনত
ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; ৰাষ্ট্ৰীয় ঘাইপথৰ ৰেলিঙত বাহনৰ খুন্দা, মহিলাসহ তিনিজনৰ মৃত্যু
বদৰপুৰঘাটত বিভিচিএল হেল্থ চেণ্টাৰত লায়ন্স ক্লাবৰ চতুৰ্থটো চকু পৰীক্ষা শিবিৰ
স্মিত মচ্চাৰক ইজৰাইলৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ প্ৰধানমন্ত্ৰী নেটান্যাহুৰ
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’