--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এখন নতুন পৃথিৱী৷ আধুনিক মানুহৰ চিন্তাৰ সৰ্বোচ্চ স্তৰত নিৰ্মাণ হোৱা এয়া নতুন বিশ্বৰ খবৰ৷ প্ৰযুক্তিৰ দ্ৰুত আগ্ৰাসন আৰু উত্তৰণৰ ই-দুনীয়াত এয়া যেন মেজিক ৰিয়েলিজম! প্ৰযুক্তিৰ দ্ৰুত উত্তৰণে অসম্ভৱকো সম্ভৱ কৰি তুলিছে৷ মানুহক অমৰত্ব প্ৰদানৰ বাহিৰে যথাসম্ভৱ সকলো বিষয়-বৈচিত্ৰ্যই এতিয়া প্ৰযুক্তিৰ নিয়ন্ত্ৰণাধীন৷ 

বেছিভাগ মানুহৰে এটা উৎকণ্ঠা থাকে নিজৰ মৃত্যু সম্পৰ্কে জানিবলৈ৷ নিজৰ মৃত্যুক লৈ নিৰন্তৰ অন্বেষণ মানুহৰ অৱচেতন মনত চলি থাকে৷ সেয়ে মৃত্যুক লৈ অন্ত নাই ৰহস্যৰ৷

কিন্তু, সময় এতিয়া এনে এটা পৰ্যায়ত উপনীত হৈছে, য’ত মানুহৰ মৃত্যুৰ বিষয়ে পূৰ্বানুমান কৰাটো সহজ হৈ উঠিছে৷ মৃত্যুক লৈ থকা মানুহৰ সহজাত কৌতুহল, উৎকণ্ঠাৰ অৱসান ঘটাই এটা Artificial Intelligence tool (AI Tool) নিৰ্মাণ হৈছে, যিয়ে কাৰোবাৰ মৃত্যু কেতিয়া হ’ব তাৰ ভৱিষ্যদ্বাণী কৰিব পাৰে বুলি দাবী কৰা হৈছে।

আচলতে কৃত্ৰিম বুদ্ধিমত্তাই পৃথিৱীখনক আৰু মানুহৰ মন-মগজুক নিয়ন্ত্ৰণ কৰিবলৈ আগবাঢ়িছে। এ.আই.ৰ আগমনৰ ফলত মানুহে চাকৰি হেৰুৱাব বুলিও আশংকা বাঢ়িছে। ইয়াৰ সমান্তৰালকৈ বহু কৰ্মক্ষেত্ৰত এ.আই. ব্যৱস্থা ইতিমধ্যে কাৰ্যকৰী হৈছেই৷ 

কিন্তু যদি এ.আই.-এ আপোনাৰ মৃত্যুৰ তাৰিখ ক’বলৈ সক্ষম হয় তেন্তে কি হ’ব? সঁচাকৈয়ে এ.আই. প্ৰযুক্তিয়ে এনে এক অলৌকিক কাম কৰিব পাৰিব নেকি? আচলতে কেতিয়া কাৰ মৃত্যু হ’ব সেয়া সাধাৰণতে ক’ব পৰা নাযায়। কিন্তু এ.আই. প্ৰযুক্তিয়ে আপুনি কেতিয়া মৃত্যু হ’ব সেইটো ভৱিষ্যদ্বাণী কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ বাবে এখন বিশ্ববিদ্যালয়ত প্ৰস্তুত কৰা হৈছে ডেথ কেলকুলেটৰ৷

মৃত্যু কেতিয়া আপোনাৰ ওচৰলৈ আহিব আপুনি ক’ব নোৱাৰে। প্ৰতিটো ধৰ্মতে মৃত্যুৰ বিষয়ে বিভিন্ন আখ্যান, উপাখ্যান প্ৰচলিত হৈ আছে৷ বহু কিতাপত মৃত্যুৰ ভৱিষ্যদ্বাণী কৰিব পৰাৰ কিছু ইংগিত দিয়া হৈছে। কিন্তু কেতিয়া মৃত্যু হ’ব সেয়া কোনেও সঠিকভাৱে ক’ব নোৱাৰে।

কিন্তু, ডেনমাৰ্কৰ এখন বিশ্ববিদ্যালয়ে মৃত্যুৰ ওপৰত গৱেষণা কৰি আছে। তাৰ বাবে এটা ডেথ কেলকুলেটৰ প্ৰস্তুত কৰা হৈছে। উন্নত প্ৰযুক্তিৰ এ.আই.ৰ সহায়ত চেষ্টা কৰা হ’ব যে কাৰ মৃত্যু কেতিয়া হ’ব। মানুহৰ মৃত্যুৰ তাৰিখ তেওঁলোকে জানিব। এই পৰীক্ষা চলি আছে আৰু ইয়াৰ ফলাফলে আশা কৰা ধৰণে আগবাঢ়িছে বুলি দাবী কৰা হৈছে।

ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই সন্দৰ্ভত প্ৰকাশ পাইছে নতুন নতুন তথ্য৷ তেনে এক প্ৰতিবেদনত মৃত্যু কেতিয়া হ’ব সেই কথা ভৱিষ্যদ্বাণী কৰা হৈছে বুলি দাবী কৰা হৈছে।

এই নতুন প্ৰণালী ডেনমাৰ্ক টেকনিকেল ইউনিভাৰ্চিটীৰ অধ্যাপক ছুনি লেহমেনে প্ৰস্তুত কৰিছে। Life2vec নামৰ এই এ.আই. প্ৰণালীটোৱে এজন ব্যক্তিৰ জীৱনৰ বিভি‌ন্ন দিশ  বিশ্লেষণ কৰি তেওঁৰ আয়ুস অনুমান কৰে। কোৱা হৈছে যে ইয়াৰ ভৱিষ্যদ্বাণী প্ৰায় ৭৫ শতাংশ শুদ্ধ বুলি প্ৰমাণিত হৈছে। এ.আই. মডেলে আপোনাৰ আয়, আপোনাৰ বৃত্তি, চাকৰি, আপুনি ক’ত থাকে আৰু আপোনাৰ সামগ্ৰিক স্বাস্থ্য ব্যৱহাৰ কৰি আপুনি কেতিয়া মৃত্যুবৰণ কৰিব সেইটো ভৱিষ্যদ্বাণী কৰিব। দাবী কৰা হৈছে যে ৭৮ শতাংশ ফলাফলৰে হুবহু মিল আছে।

প্ৰতিবেদন অনুসৰি লেহমেনৰ দলটোৱে ২০০৮ৰ পৰা ২০২০ৰ ভিতৰত ডেনমাৰ্কৰ ৬০লাখ লোকক লৈ এই এ.আই. সঁজুলিটোৰ বাবে গৱেষণা কৰিছিল। 

এই এ.আই. সঁজুলিটোৰ প্ৰায় কোনো ভুল নোহোৱাকৈয়ে ভৱিষ্যদ্বাণী কৰিছিল ২০২০ চনৰ ভিতৰত কোনবোৰ মানুহৰ মৃত্যু হ’ব। ইয়াৰ সঠিকতাৰ হাৰ আছিল ৭৫ শতাংশতকৈও অধিক। এই অধ্যয়নত আগতীয়াকৈ মৃত্যুৰ কাৰণ হোৱা কাৰকসমূহৰ কথাও উল্লেখ কৰা হৈছিল। এইবোৰ কাৰক আছিল মানসিক স্বাস্থ্য সম্পৰ্কীয় সমস্যা বা চাকৰি ইত্যাদি।

লেহমেনৰ মতে নৈতিক মূল্যবোধৰ প্ৰতি লক্ষ্য ৰাখি এই অধ্যয়নত অংশগ্ৰহণ কৰা কোনো এজনকো তেওঁলোকৰ জীৱনৰ পূৰ্বাভাসৰ বিষয়ে কোৱা হোৱা নাছিল। এই এ.আই. সঁজুলিটো এতিয়াও সাধাৰণ জনতাৰ বাবে উপলব্ধ নহয়, কিন্তু লেহমেন আৰু তেওঁৰ দলটোৱে ইয়াৰ ওপৰত অধিক কাম কৰিব বিচাৰে যাতে এই এ.আই.-এ গোপনীয়তাৰ সৈতে আপোচ নকৰাকৈ মানুহক প্ৰভাৱিত কৰা কাৰকসমূহ চিনাক্ত কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ ছুপাৰ ছিৰিজ খিতাপ জয় অসম কন্যা ফাগুন জ্যোতিৰ
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
ধৰ্মীয় অনুভূতিত আঘাতৰ গোচৰ: ভাৰতী সিং আৰু শেখৰ সুমনক বম্বে উচ্চ ন্যায়ালয়ৰ বৃহৎ সকাহ
দুর্ভিক্ষৰ কৰাল গ্ৰাসত পৰিব বিশ্বৰ ১.২ কোটি লোক
অনলাইন খাদ্য ব্যৱসায়ত FSSAIৰ কঠোৰ পদক্ষেপ ;ই-কমাৰ্চ কোম্পানীক ৬ লাখ টকাৰ জৰিমনা
বীমা কোম্পানীৰ মনমৰ্জি নচলিব: সময়সীমাৰ দোহাই দি দাবী নাকচ কৰাত বোম্বাই উচ্চ ন্যায়ালয়ৰ বাধা
তামুলপুৰত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত বিহু হুঁচৰি দল; থিতাতে নিহত নাচনী নিশামণি হালৈ; ৫জনৰ অৱস্থা সংকটজনক
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী