--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই গৱেষণাৰ বাবে কিউৰিঅ’চিটি ৰোভাৰ মঙ্গল গ্ৰহলৈ পঠিয়াইছিল। সেই কিউৰিঅ’চিটি ৰোভাৰৰ সহায়ত এটা আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। ৰঙা গ্ৰহত পোৱা গৈছে পানীৰ অস্তিত্ব!

বিজ্ঞানীসকলে জনাইছে যে এসময়ত মঙ্গল গ্ৰহৰ পৰ্বতমালাৰ পাদদেশত এটা সৰু জলাশয় আছিল! কিউৰিওচিটি ৰোভাৰে তাৰ প্ৰমাণো উলিয়াইছে। যদিও পানী শুকাই গৈছে, ঢৌৰ আভাস ৰৈছে ৰঙা গ্ৰহৰ মাটিত।

নাছাই এই ফটো মুকলি কৰিছে। জলাশয়ৰ তলৰ অংশত জমা হোৱা পলসৰ পৰাই শিলবোৰত ঢৌৰ প্ৰলেপ সৃষ্টি হৈছে। 

উল্লেখ্য যে বিজ্ঞানীসকলে এতিয়ালৈকে মঙ্গল গ্ৰহত পানীৰ অস্তিত্ব সম্পৰ্কে সন্দিহান হৈ আছিল। কিন্তু নাছাৰ নতুন আৱিষ্কাৰে কেৱল পৰম্পৰাগত সন্দেহ আঁতৰ কৰাই নহয়, মঙ্গলগ্ৰহৰ গৱেষণাৰ দিশতো ঘূৰি আহিছে নতুন প্ৰাণ। বহু বছৰ আগৰ সেই জলাশয়ত গ্ৰেনাইটৰ চিহ্নও পোৱা গৈছে।

কিউৰিঅ’চিটিৰ অধ্যয়নৰ সৈতে জড়িত এজন বিজ্ঞানী অশ্বিন বাচাভাৰাই কৈছে যে সমগ্ৰ অভিযানটোত পানী আৰু ঢৌৰ এয়াই আটাইতকৈ শক্তিশালী প্ৰমাণ।

ইয়াৰ পূৰ্বেও কিউৰিঅ’চিটি ৰোভাৰ সেই অঞ্চলটোত উপস্থিত হৈছিল যদিও পানীৰ কোনো চিহ্ন পোৱা নাছিল। শুকান পৰিৱেশত শিলৰ স্তৰটো পানীৰ চিহ্নৰে আবৃত হৈ আছিল। বিজ্ঞানীসকলে কৈছে যে সেই পানীত ছালফেট বিদ্যমান আছিল। পিছত যেতিয়া পানী লাহে লাহে বাষ্পীভূত হয়, তাত নিমখৰ স্তৰ এটা সৃষ্টি হয়।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে তাৰ মাটিত এটা নতুন শিলৰ স্তৰ পোৱা গৈছে। যাৰ পৰা এইটো ধাৰণা কৰা হয় যে জলবায়ু চক্ৰৰ পৰিণতিয়ে হৈছে এই নতুন বিন্যাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু