--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই গৱেষণাৰ বাবে কিউৰিঅ’চিটি ৰোভাৰ মঙ্গল গ্ৰহলৈ পঠিয়াইছিল। সেই কিউৰিঅ’চিটি ৰোভাৰৰ সহায়ত এটা আশ্চৰ্যজনক তথ্য পোহৰলৈ আহিছে। ৰঙা গ্ৰহত পোৱা গৈছে পানীৰ অস্তিত্ব!

বিজ্ঞানীসকলে জনাইছে যে এসময়ত মঙ্গল গ্ৰহৰ পৰ্বতমালাৰ পাদদেশত এটা সৰু জলাশয় আছিল! কিউৰিওচিটি ৰোভাৰে তাৰ প্ৰমাণো উলিয়াইছে। যদিও পানী শুকাই গৈছে, ঢৌৰ আভাস ৰৈছে ৰঙা গ্ৰহৰ মাটিত।

নাছাই এই ফটো মুকলি কৰিছে। জলাশয়ৰ তলৰ অংশত জমা হোৱা পলসৰ পৰাই শিলবোৰত ঢৌৰ প্ৰলেপ সৃষ্টি হৈছে। 

উল্লেখ্য যে বিজ্ঞানীসকলে এতিয়ালৈকে মঙ্গল গ্ৰহত পানীৰ অস্তিত্ব সম্পৰ্কে সন্দিহান হৈ আছিল। কিন্তু নাছাৰ নতুন আৱিষ্কাৰে কেৱল পৰম্পৰাগত সন্দেহ আঁতৰ কৰাই নহয়, মঙ্গলগ্ৰহৰ গৱেষণাৰ দিশতো ঘূৰি আহিছে নতুন প্ৰাণ। বহু বছৰ আগৰ সেই জলাশয়ত গ্ৰেনাইটৰ চিহ্নও পোৱা গৈছে।

কিউৰিঅ’চিটিৰ অধ্যয়নৰ সৈতে জড়িত এজন বিজ্ঞানী অশ্বিন বাচাভাৰাই কৈছে যে সমগ্ৰ অভিযানটোত পানী আৰু ঢৌৰ এয়াই আটাইতকৈ শক্তিশালী প্ৰমাণ।

ইয়াৰ পূৰ্বেও কিউৰিঅ’চিটি ৰোভাৰ সেই অঞ্চলটোত উপস্থিত হৈছিল যদিও পানীৰ কোনো চিহ্ন পোৱা নাছিল। শুকান পৰিৱেশত শিলৰ স্তৰটো পানীৰ চিহ্নৰে আবৃত হৈ আছিল। বিজ্ঞানীসকলে কৈছে যে সেই পানীত ছালফেট বিদ্যমান আছিল। পিছত যেতিয়া পানী লাহে লাহে বাষ্পীভূত হয়, তাত নিমখৰ স্তৰ এটা সৃষ্টি হয়।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল যে তাৰ মাটিত এটা নতুন শিলৰ স্তৰ পোৱা গৈছে। যাৰ পৰা এইটো ধাৰণা কৰা হয় যে জলবায়ু চক্ৰৰ পৰিণতিয়ে হৈছে এই নতুন বিন্যাস।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক