--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে শিশুৰ সফল কেৰিয়াৰ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁলোকৰ কোঠাত ৰখা কিছুমান বস্তুৰ ওপৰত মনোযোগ দিয়া উচিত। সঠিক ঠাইত আৰু সঠিক দিশত ৰখা বস্তুবোৰে ল’ৰা-ছোৱালীৰ মনোযোগ পঢ়া-শুনাত কেন্দ্ৰীভূত কৰে। ইয়াৰ লগত জড়িত বাস্তু নিয়মসমূহ জানো আহক…।

 আজিকালি অধিকসংখ্যক পিতৃ-মাতৃয়ে সন্তানৰ পঢ়া-শুনাক লৈ অধিক চিন্তিত হোৱা দেখা যায়। কিন্তু বাস্তশাস্ত্ৰ অনুসৰি বিশ্বাস কৰা হয় যে ঘৰখনত আটাইতকৈ ধনাত্মক শক্তিৰ কেন্দ্ৰবিন্দু হ’ল শিশুৰ কোঠা। বেছিভাগ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ কেৰিয়াৰক লৈ চি্ন্তাত পৰে। কিন্তু, তেওঁলোকে পাহৰি যায় যে আন বহু কাৰণত শিশুৱে পঢ়িবলৈ মন নকৰে। যাৰ মূল কাৰণ তেওঁৰ কোঠাৰ ভুল বাস্তু। বহু সময়ত মানসিক চাপত থাকে, কঠোৰ পৰিশ্ৰম কৰিও সফলতা নাপায়। এনে পৰিস্থিতিত বাস্তুশাস্ত্ৰৰ কিছুমান পদক্ষেপ শিশুৰ কেৰিয়াৰৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।

 ১. শোৱনি কোঠা-

নতুন ঘৰ সাজোতে মনত ৰখাৰ দৰকাৰ যে ল’ৰা-ছোৱালীৰ কোঠাটো উত্তৰ-পূব দিশত হ’ব লাগে। এই দিশটো বুদ্ধিমত্তা আৰু শক্তিৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। শিশুৰ বিছনাও এই দিশত ৰাখিব লাগে। ইয়াৰ ফলত ইতিবাচক শক্তি সঞ্চাৰ হয় আৰু তেওঁলোক পঢ়া-শুনা মনোনিৱেশ কৰিবলৈ ধৰে।

 ২. পাতল ৰং-

বাস্তু অনুসৰি শিশুৰ অধ্যয়ন কক্ষত সদায় পাতল ৰঙৰ ৰং কৰা উচিত। পাতল হালধীয়া, পাতল গোলাপী বা পাতল সেউজীয়া ৰঙে তেওঁলোকক মনত ইতিবাচক শক্তি সঞ্চাৰ কৰি লক্ষ্যৰ ফালে মনোনিৱেশ কৰি তোলে। গাঢ় ৰঙে শিশুক বিচলিত আৰু অন্যমনস্ক কৰি তোলে।

 ৩. অধ্যয়ন টেবুল-

শিশুৰ কোঠাত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ’ল তেওঁলোকৰ অধ্যয়নৰ টেবুল। তেওঁলোকৰ স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰিবলৈ টেবুলখন পূব বা উত্তৰ দিশত ৰাখক। সম্ভৱ হ’লে বৰ্গক্ষেত্ৰ বা আয়তক্ষেত্ৰৰ আকৃতিৰ অধ্যয়নৰ টেবুল দিব লাগে। টেবুলৰ ৰঙেও ল’ৰা-ছোৱালীৰ একাগ্ৰতাত প্ৰভাৱ পেলায়, গতিকে কেৱল পাতল ৰঙৰ টেবুল কিনিব লাগে।

 ৪. গ্ল'ব-

বাস্তুৰ মতে শিশুৰ কোঠাত গ্ল’ব ৰখাটো শুভ বুলি গণ্য কৰা হয়। কোঠাটোত গ্ল’বটো উত্তৰ-পূব দিশত ৰাখিলে শিশুসকলে অধ্যয়নত মনোনিৱেশ কৰাত সহায় কৰে আৰু লগতে ভাল নম্বৰ লাভ কৰাত সহায় কৰে।

 ৫. চাকি জ্বলাব লাগে-

শিশুৰ কোঠাত চাকি জ্বলাই পঢ়াৰ প্ৰতি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়। চাকিটো কোঠাটোৰ পূব, উত্তৰ-পূব বা দক্ষিণ অংশত ৰাখিলে তেওঁলোকৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক