--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বাস্তুশাস্ত্ৰৰ মতে শিশুৰ সফল কেৰিয়াৰ আৰু উজ্জ্বল ভৱিষ্যতৰ বাবে তেওঁলোকৰ কোঠাত ৰখা কিছুমান বস্তুৰ ওপৰত মনোযোগ দিয়া উচিত। সঠিক ঠাইত আৰু সঠিক দিশত ৰখা বস্তুবোৰে ল’ৰা-ছোৱালীৰ মনোযোগ পঢ়া-শুনাত কেন্দ্ৰীভূত কৰে। ইয়াৰ লগত জড়িত বাস্তু নিয়মসমূহ জানো আহক…।

 আজিকালি অধিকসংখ্যক পিতৃ-মাতৃয়ে সন্তানৰ পঢ়া-শুনাক লৈ অধিক চিন্তিত হোৱা দেখা যায়। কিন্তু বাস্তশাস্ত্ৰ অনুসৰি বিশ্বাস কৰা হয় যে ঘৰখনত আটাইতকৈ ধনাত্মক শক্তিৰ কেন্দ্ৰবিন্দু হ’ল শিশুৰ কোঠা। বেছিভাগ পিতৃ-মাতৃয়ে নিজৰ সন্তানৰ কেৰিয়াৰক লৈ চি্ন্তাত পৰে। কিন্তু, তেওঁলোকে পাহৰি যায় যে আন বহু কাৰণত শিশুৱে পঢ়িবলৈ মন নকৰে। যাৰ মূল কাৰণ তেওঁৰ কোঠাৰ ভুল বাস্তু। বহু সময়ত মানসিক চাপত থাকে, কঠোৰ পৰিশ্ৰম কৰিও সফলতা নাপায়। এনে পৰিস্থিতিত বাস্তুশাস্ত্ৰৰ কিছুমান পদক্ষেপ শিশুৰ কেৰিয়াৰৰ বাবে ফলপ্ৰসূ বুলি প্ৰমাণিত হ’ব পাৰে।

 ১. শোৱনি কোঠা-

নতুন ঘৰ সাজোতে মনত ৰখাৰ দৰকাৰ যে ল’ৰা-ছোৱালীৰ কোঠাটো উত্তৰ-পূব দিশত হ’ব লাগে। এই দিশটো বুদ্ধিমত্তা আৰু শক্তিৰ সৈতে জড়িত বুলি বিশ্বাস কৰা হয়। শিশুৰ বিছনাও এই দিশত ৰাখিব লাগে। ইয়াৰ ফলত ইতিবাচক শক্তি সঞ্চাৰ হয় আৰু তেওঁলোক পঢ়া-শুনা মনোনিৱেশ কৰিবলৈ ধৰে।

 ২. পাতল ৰং-

বাস্তু অনুসৰি শিশুৰ অধ্যয়ন কক্ষত সদায় পাতল ৰঙৰ ৰং কৰা উচিত। পাতল হালধীয়া, পাতল গোলাপী বা পাতল সেউজীয়া ৰঙে তেওঁলোকক মনত ইতিবাচক শক্তি সঞ্চাৰ কৰি লক্ষ্যৰ ফালে মনোনিৱেশ কৰি তোলে। গাঢ় ৰঙে শিশুক বিচলিত আৰু অন্যমনস্ক কৰি তোলে।

 ৩. অধ্যয়ন টেবুল-

শিশুৰ কোঠাত আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তুটো হ’ল তেওঁলোকৰ অধ্যয়নৰ টেবুল। তেওঁলোকৰ স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি কৰিবলৈ টেবুলখন পূব বা উত্তৰ দিশত ৰাখক। সম্ভৱ হ’লে বৰ্গক্ষেত্ৰ বা আয়তক্ষেত্ৰৰ আকৃতিৰ অধ্যয়নৰ টেবুল দিব লাগে। টেবুলৰ ৰঙেও ল’ৰা-ছোৱালীৰ একাগ্ৰতাত প্ৰভাৱ পেলায়, গতিকে কেৱল পাতল ৰঙৰ টেবুল কিনিব লাগে।

 ৪. গ্ল'ব-

বাস্তুৰ মতে শিশুৰ কোঠাত গ্ল’ব ৰখাটো শুভ বুলি গণ্য কৰা হয়। কোঠাটোত গ্ল’বটো উত্তৰ-পূব দিশত ৰাখিলে শিশুসকলে অধ্যয়নত মনোনিৱেশ কৰাত সহায় কৰে আৰু লগতে ভাল নম্বৰ লাভ কৰাত সহায় কৰে।

 ৫. চাকি জ্বলাব লাগে-

শিশুৰ কোঠাত চাকি জ্বলাই পঢ়াৰ প্ৰতি তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰে বুলি বিশ্বাস কৰা হয়। চাকিটো কোঠাটোৰ পূব, উত্তৰ-পূব বা দক্ষিণ অংশত ৰাখিলে তেওঁলোকৰ বৌদ্ধিক ক্ষমতা বৃদ্ধি পায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে