--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অফিচত বহি বহি কাম কৰা মানুহৰ শৰীৰৰ ওজন বৃদ্ধি হৈ গৈ থাকে। বহু লোকেই অভিযোগ কৰে যে অফিচত বহি বহি কাম কৰিলে শৰীৰৰ ওজন বৃদ্ধি পাই গৈ থাকে। বহু ঘণ্টা সময় একে ঠাইতে কাম কৰাৰ বাবে শৰীৰৰ আকৃতি সলনি হোৱাটো বৰ্তমান সময়ত এক সমস্যা হৈ ধৰা দিছে। একে ঠাইতে একেৰাহে বহি থকাৰ বাবে শৰীৰৰ কেলৰিবোৰ জ্বলি নাযায় আৰু চৰ্বি জমা হৈ গৈ থকা বাবে বাবে শৰীৰটো চৰ্বিযুক্ত যেন দেখাবলৈ আৰম্ভ কৰে। এনে অৱস্থাত অফিচত নিজৰ কিছুমান অভ্যাস এৰি দিলেই ওজন কমোৱাই নহয় মেদবহুলতাও দূৰ কৰিব পাৰিব। 

কেনেকৈ মেদবহুলতা দূৰ কৰিব জানো আহক

১)সঠিক সময়ত খাদ্য গ্ৰহণঃ কৰ্মৰ হেঁচা আৰু অফিচত মিটিং বা এপইণ্টমেণ্টৰ বাবে মানুহে প্ৰায়ে দুপৰীয়াৰ আহাৰ এৰি দিয়ে বা দেৰিকৈ খায়। কাৰ্যালয়ত কৰ্মৰত লোকসকলে তেওঁলোকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় নিৰ্দিষ্ট নহয় বুলি প্ৰায়ে অভিযোগ কৰে। উপযুক্ত সময়ত খাদ্য গ্ৰহণ নকৰা  বাবে ওজন বৃদ্ধিৰ সমস্যাই দেখা দিয়ে। গতিকে কামৰ হেঁচাত পৰি নোখোৱাকৈ কেতিয়াও নাথাকিব।

২)খৰকৈ খাদ্য গ্ৰহণ নকৰিবঃ সন্ধিয়া ঘৰলৈ যাবলৈ যাতে পলম নহয়, সেয়ে বহুতে খৰকৈ খাদ্য শেষ কৰি পুনৰ কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰে। খাদ্য সঠিকভাৱে চোবাই নোখোৱা বাবে পাচনতন্ত্ৰত প্ৰভাৱ পৰে আৰু শৰীৰত চৰ্বি জমা হ’বলৈ ধৰে। এনে অৱস্থাত যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাটো বিচাৰে তেন্তে সদায় খাদ্যখিনি সঠিকভাৱে চোবাই খাব।

৩)ৰ’দত বহকঃ অফিচৰ কামৰ ডেডলাইন সময়মতে পূৰণ কৰিবলৈ বহু লোকে ৰাতিপুৱাই কাম আৰম্ভ কৰি গভীৰ নিশালৈকে কাম কৰে। এই অৱস্থাত শৰীৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ নাহে আৰু শৰীৰৰ চাৰ্কেডিয়ান ছন্দ অনিয়ন্ত্ৰিত হৈ পৰে। ইয়াৰ বাবেই শৰীৰৰ ওজন বৃদ্ধি হবলৈ আৰম্ভ কৰে।শৰীৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ ১০ৰ পৰা ১৫ মিনিট সময় উলিয়াই ৰ’দত বহাটো জৰুৰী।

৪)ব্যায়াম কৰকঃ দিনৰ দিনটো অফিচত বহি বহি কাম কৰা বাবে শৰীৰটোত ওজন বৃদ্ধি হৈ গৈ থাকে। গতিকে যেতিয়াই সময় পাই অলপ সময় নিজৰ বাবে ৰাখি ব্যায়াম কৰা আৰম্ভ কৰক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ