--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অফিচত বহি বহি কাম কৰা মানুহৰ শৰীৰৰ ওজন বৃদ্ধি হৈ গৈ থাকে। বহু লোকেই অভিযোগ কৰে যে অফিচত বহি বহি কাম কৰিলে শৰীৰৰ ওজন বৃদ্ধি পাই গৈ থাকে। বহু ঘণ্টা সময় একে ঠাইতে কাম কৰাৰ বাবে শৰীৰৰ আকৃতি সলনি হোৱাটো বৰ্তমান সময়ত এক সমস্যা হৈ ধৰা দিছে। একে ঠাইতে একেৰাহে বহি থকাৰ বাবে শৰীৰৰ কেলৰিবোৰ জ্বলি নাযায় আৰু চৰ্বি জমা হৈ গৈ থকা বাবে বাবে শৰীৰটো চৰ্বিযুক্ত যেন দেখাবলৈ আৰম্ভ কৰে। এনে অৱস্থাত অফিচত নিজৰ কিছুমান অভ্যাস এৰি দিলেই ওজন কমোৱাই নহয় মেদবহুলতাও দূৰ কৰিব পাৰিব। 

কেনেকৈ মেদবহুলতা দূৰ কৰিব জানো আহক

১)সঠিক সময়ত খাদ্য গ্ৰহণঃ কৰ্মৰ হেঁচা আৰু অফিচত মিটিং বা এপইণ্টমেণ্টৰ বাবে মানুহে প্ৰায়ে দুপৰীয়াৰ আহাৰ এৰি দিয়ে বা দেৰিকৈ খায়। কাৰ্যালয়ত কৰ্মৰত লোকসকলে তেওঁলোকৰ দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময় নিৰ্দিষ্ট নহয় বুলি প্ৰায়ে অভিযোগ কৰে। উপযুক্ত সময়ত খাদ্য গ্ৰহণ নকৰা  বাবে ওজন বৃদ্ধিৰ সমস্যাই দেখা দিয়ে। গতিকে কামৰ হেঁচাত পৰি নোখোৱাকৈ কেতিয়াও নাথাকিব।

২)খৰকৈ খাদ্য গ্ৰহণ নকৰিবঃ সন্ধিয়া ঘৰলৈ যাবলৈ যাতে পলম নহয়, সেয়ে বহুতে খৰকৈ খাদ্য শেষ কৰি পুনৰ কামত মনোনিৱেশ কৰিবলৈ চেষ্টা কৰে। খাদ্য সঠিকভাৱে চোবাই নোখোৱা বাবে পাচনতন্ত্ৰত প্ৰভাৱ পৰে আৰু শৰীৰত চৰ্বি জমা হ’বলৈ ধৰে। এনে অৱস্থাত যদি আপুনি আপোনাৰ ওজন নিয়ন্ত্ৰণ কৰাটো বিচাৰে তেন্তে সদায় খাদ্যখিনি সঠিকভাৱে চোবাই খাব।

৩)ৰ’দত বহকঃ অফিচৰ কামৰ ডেডলাইন সময়মতে পূৰণ কৰিবলৈ বহু লোকে ৰাতিপুৱাই কাম আৰম্ভ কৰি গভীৰ নিশালৈকে কাম কৰে। এই অৱস্থাত শৰীৰ সূৰ্যৰ পোহৰৰ সংস্পৰ্শলৈ নাহে আৰু শৰীৰৰ চাৰ্কেডিয়ান ছন্দ অনিয়ন্ত্ৰিত হৈ পৰে। ইয়াৰ বাবেই শৰীৰৰ ওজন বৃদ্ধি হবলৈ আৰম্ভ কৰে।শৰীৰ ওজন নিয়ন্ত্ৰণ কৰিবলৈ ১০ৰ পৰা ১৫ মিনিট সময় উলিয়াই ৰ’দত বহাটো জৰুৰী।

৪)ব্যায়াম কৰকঃ দিনৰ দিনটো অফিচত বহি বহি কাম কৰা বাবে শৰীৰটোত ওজন বৃদ্ধি হৈ গৈ থাকে। গতিকে যেতিয়াই সময় পাই অলপ সময় নিজৰ বাবে ৰাখি ব্যায়াম কৰা আৰম্ভ কৰক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা