--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত অব্যাহত চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা৷২০২২ চনৰ জানুৱাৰী মাহ।  ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে ৰচিছিল অভিলেখ। পোন প্ৰথমবাৰৰ বাবে গাহৰিৰ পৰা মানুহৰ শৰীৰত সংৰোপণ কৰিছিল বৃক্ক।

বিশ্বত এনে বহুসংখ্যক উদাহৰণ আছে য'ত এটা অংগৰ বাবে অপেক্ষা কৰি বহু ব্যক্তিয়ে জীৱন কটায়;বহু সময়ত প্ৰয়োজনীয় অংগ নোপোৱাৰ বাবে মৃত্যুমুখতো পৰে বহুজন। মানুহৰ শৰীৰৰ অংগসমূহ পোৱাটো অতি কঠিন কাম। এই সমস্যা দূৰ কৰিবলৈ এতিয়া মানৱ শৰীৰত প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে, য’ত চিকিৎসকসকলেও সফলতা লাভ কৰিছে। ফ্ৰান্সৰ প্ৰেছৰ খবৰ অনুসৰি শেহতীয়াকৈ আমেৰিকাৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত সফলতাৰে সংৰোপণ কৰিছে। অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কয় যে মানৱ শৰীৰত প্ৰতিস্থাপন কৰা গাহৰিৰ বৃক্কে ৩২ দিন ধৰি নিখুঁতভাৱে কাম কৰি আছে।

আমেৰিকাৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে গাহৰিৰ বৃক্ক জিন সলনি কৰি ব্ৰেইন ডেথ্ বুলি ঘোষণা কৰা এজন ব্যক্তিৰ শৰীৰত প্ৰতিস্থাপন কৰিছিল। বৃহস্পতিবাৰে অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে জনোৱা মতে, গাহৰিৰ বৃক্কতোৱে বৰ্তমানো মানুহজনৰ শৰীৰত সঠিকভাৱে কাম কৰি থকাৰ বাবেই ৬১ দিনৰ পাছত পৰীক্ষাৰ অন্ত পেলাইছে। এই সফলতাৰ পাছত জেনোট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত চিকিৎসকৰ আশা যথেষ্ট বৃদ্ধি পাইছে। উল্লেখনীয় বিষয় এই যে যেতিয়া কোনো প্ৰাণীৰ অংগ মানুহৰ শৰীৰত সংৰোপণ কৰা হয় তেতিয়া ইয়াকে জেনোট্ৰান্সপ্লাণ্ট বুলি কোৱা হয়।






আমেৰিকাত ১০৩,০০০ হাজাৰতকৈ অধিক লোকে শৰীৰৰ অংগ সংৰোপণৰ বাবে অপেক্ষা কৰি আছে, ইয়াৰে ৮৮ হাজাৰ লোকক প্ৰয়োজন বৃক্কৰ । জুলাই মাহত অস্ত্ৰোপচাৰৰ নেতৃত্ব দিয়া নিউয়ৰ্ক ইউনিভাৰ্চিটি লেংগন ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ সঞ্চালক ৰবাৰ্ট মণ্টগোমেৰীয়ে কয় যে যোৱা দুমাহত তেওঁ বহু বিশ্লেষণ আৰু সযতনে পৰ্যবেক্ষণ কৰিছিল আৰু ইয়াৰ পৰা বহু কথা শিকিছিল। এতিয়া তেওঁ ভবিষ্যতৰ প্ৰতি অতি আশাবাদী। উল্লেখযোগ্য যে এয়া আছিল অস্ত্ৰোপচাৰ বিশেষজ্ঞ মণ্টগোমাৰীয়ে কৰা পঞ্চমটো জেনোট্ৰান্সপ্লাণ্ট। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ বিশ্বৰ প্ৰথমটো জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপণৰ কাম কৰিছিল।

তথ্য অনুসৰি মানুহৰ শৰীৰত বৃক্ক সংৰোপণৰ বাবে অনা গাহৰিটো ভাৰ্জিনিয়াস্থিত জৈৱ প্ৰযুক্তি কোম্পানী ৰেভিভিকৰে পালন কৰা জাকৰ পৰা অনা হৈছিল। ২০২২ চনৰ জানুৱাৰী মাহত ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে গাহৰিৰ পৰা মানুহৰ শৰীৰলৈ অৰ্থাৎ জীৱিত ৰোগীৰ ওপৰত সংৰোপণ কৰিছিল। অৱশ্যে দুমাহৰ পাছত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ অংগটোত থকা গাহৰিৰ চাইট’মেগাল’ভাইৰাছ বুলি ধৰা পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন