--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত অব্যাহত চিকিৎসা বিজ্ঞানৰ জয়যাত্ৰা৷২০২২ চনৰ জানুৱাৰী মাহ।  ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে ৰচিছিল অভিলেখ। পোন প্ৰথমবাৰৰ বাবে গাহৰিৰ পৰা মানুহৰ শৰীৰত সংৰোপণ কৰিছিল বৃক্ক।

বিশ্বত এনে বহুসংখ্যক উদাহৰণ আছে য'ত এটা অংগৰ বাবে অপেক্ষা কৰি বহু ব্যক্তিয়ে জীৱন কটায়;বহু সময়ত প্ৰয়োজনীয় অংগ নোপোৱাৰ বাবে মৃত্যুমুখতো পৰে বহুজন। মানুহৰ শৰীৰৰ অংগসমূহ পোৱাটো অতি কঠিন কাম। এই সমস্যা দূৰ কৰিবলৈ এতিয়া মানৱ শৰীৰত প্ৰাণীৰ অংগ প্ৰতিস্থাপনৰ পৰীক্ষা-নিৰীক্ষা কৰা হৈছে, য’ত চিকিৎসকসকলেও সফলতা লাভ কৰিছে। ফ্ৰান্সৰ প্ৰেছৰ খবৰ অনুসৰি শেহতীয়াকৈ আমেৰিকাৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে গাহৰিৰ বৃক্ক মানুহৰ শৰীৰত সফলতাৰে সংৰোপণ কৰিছে। অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে কয় যে মানৱ শৰীৰত প্ৰতিস্থাপন কৰা গাহৰিৰ বৃক্কে ৩২ দিন ধৰি নিখুঁতভাৱে কাম কৰি আছে।

আমেৰিকাৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে গাহৰিৰ বৃক্ক জিন সলনি কৰি ব্ৰেইন ডেথ্ বুলি ঘোষণা কৰা এজন ব্যক্তিৰ শৰীৰত প্ৰতিস্থাপন কৰিছিল। বৃহস্পতিবাৰে অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে জনোৱা মতে, গাহৰিৰ বৃক্কতোৱে বৰ্তমানো মানুহজনৰ শৰীৰত সঠিকভাৱে কাম কৰি থকাৰ বাবেই ৬১ দিনৰ পাছত পৰীক্ষাৰ অন্ত পেলাইছে। এই সফলতাৰ পাছত জেনোট্ৰান্সপ্লাণ্টৰ ক্ষেত্ৰত চিকিৎসকৰ আশা যথেষ্ট বৃদ্ধি পাইছে। উল্লেখনীয় বিষয় এই যে যেতিয়া কোনো প্ৰাণীৰ অংগ মানুহৰ শৰীৰত সংৰোপণ কৰা হয় তেতিয়া ইয়াকে জেনোট্ৰান্সপ্লাণ্ট বুলি কোৱা হয়।






আমেৰিকাত ১০৩,০০০ হাজাৰতকৈ অধিক লোকে শৰীৰৰ অংগ সংৰোপণৰ বাবে অপেক্ষা কৰি আছে, ইয়াৰে ৮৮ হাজাৰ লোকক প্ৰয়োজন বৃক্কৰ । জুলাই মাহত অস্ত্ৰোপচাৰৰ নেতৃত্ব দিয়া নিউয়ৰ্ক ইউনিভাৰ্চিটি লেংগন ট্ৰান্সপ্লাণ্ট ইনষ্টিটিউটৰ সঞ্চালক ৰবাৰ্ট মণ্টগোমেৰীয়ে কয় যে যোৱা দুমাহত তেওঁ বহু বিশ্লেষণ আৰু সযতনে পৰ্যবেক্ষণ কৰিছিল আৰু ইয়াৰ পৰা বহু কথা শিকিছিল। এতিয়া তেওঁ ভবিষ্যতৰ প্ৰতি অতি আশাবাদী। উল্লেখযোগ্য যে এয়া আছিল অস্ত্ৰোপচাৰ বিশেষজ্ঞ মণ্টগোমাৰীয়ে কৰা পঞ্চমটো জেনোট্ৰান্সপ্লাণ্ট। ২০২১ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ বিশ্বৰ প্ৰথমটো জিনীয়ভাৱে পৰিৱৰ্তিত গাহৰিৰ বৃক্ক সংৰোপণৰ কাম কৰিছিল।

তথ্য অনুসৰি মানুহৰ শৰীৰত বৃক্ক সংৰোপণৰ বাবে অনা গাহৰিটো ভাৰ্জিনিয়াস্থিত জৈৱ প্ৰযুক্তি কোম্পানী ৰেভিভিকৰে পালন কৰা জাকৰ পৰা অনা হৈছিল। ২০২২ চনৰ জানুৱাৰী মাহত ইউনিভাৰ্চিটি অৱ মেৰিলেণ্ড মেডিকেল স্কুলৰ অস্ত্ৰোপচাৰ বিশেষজ্ঞসকলে গাহৰিৰ পৰা মানুহৰ শৰীৰলৈ অৰ্থাৎ জীৱিত ৰোগীৰ ওপৰত সংৰোপণ কৰিছিল। অৱশ্যে দুমাহৰ পাছত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ অংগটোত থকা গাহৰিৰ চাইট’মেগাল’ভাইৰাছ বুলি ধৰা পৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ