--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডায়েবেটিছ এক অতি জটিল ৰোগ, এই ৰোগত কেৱল ভাৰতৰে নহয় সমগ্ৰ বিশ্বতে বহু লোকে ভুগিছে। এবাৰ এই ৰোগ কাৰোবাৰ হ’লে, তেতিয়া আজীৱন ইয়াৰ সৈতে জীয়াই থাকিব লাগে। ইয়াৰ আঁৰত বহুবাৰ জিনীয় কাৰণ থাকিব পাৰে। ই সাধাৰণতে জীৱনশৈলীৰ অৱনতি আৰু ভুল খাদ্যাভ্যাসৰ ফল। ডায়েবেটিছ ৰোগীয়ে ইমানবোৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হয় যে তেওঁলোকৰ শত্ৰুৱেও এই ৰোগত আক্ৰান্ত নহ’বলৈ প্ৰাৰ্থনা কৰে।

ডায়েবেটিছৰ ৰোগে লগে লগে আক্ৰমণ নকৰে, কিন্তু ইয়াৰ আগমনৰ জাননী দিয়ে। এই চিকিৎসাজনিত অৱস্থাক প্ৰি ডায়েবেটিছ ষ্টেজ বোলা হয়। ইয়াৰ দ্বাৰা তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি হ’বলৈ আৰম্ভ কৰে আৰু বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। যদি আপুনি ইয়াৰ সমাধান অতি সোনকালে বিচাৰি নাপায়, তেন্তে আপুনি টাইপ ২ ডায়েবেটিছৰ বলি হ’ব পাৰে। প্ৰি ডায়েবেটিছ ষ্টেজ কেনেকৈ চিনাক্ত কৰিব পাৰি জানো আহক।

প্ৰি ডায়েবেটিছ পৰ্যায়ৰ সতৰ্কবাণী চিন

-সঘনাই প্ৰস্ৰাৱ কৰা
-হাত-ভৰি অজ্ঞান হোৱা
-বৰ ভোক লগা
-হাত-ভৰিত জিনজিননি
-সোনকালে ভাগৰি পৰা

প্ৰি ডায়েবেটিছ পৰ্যায়ত এনেদৰে জীৱনশৈলী সলনি কৰক

১) মিঠা বস্তু খোৱা বন্ধ কৰকঃ তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধিৰ আটাইতকৈ ডাঙৰ কাৰণ হ’ল চেনি আৰু ইয়াৰ পৰা তৈয়াৰী বস্তু, গতিকে মিঠা খাদ্য খোৱাটো লগে লগে বন্ধ কৰিব লাগে, অৱশ্যে যদি আপুনি প্ৰাকৃতিক চেনিৰে সমৃদ্ধ ফল খাব বিচাৰে তেন্তে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

২) শাৰীৰিক ক্ৰিয়া-কলাপ বৃদ্ধি কৰাঃ যদি আপুনি দৈনিক ব্যায়াম কৰিবলৈ নিজকে সময় দিয়ে, তেন্তে বহু ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। খোজ কাঢ়ি, দৌৰি, চিৰি বগাই বা জিমত ঘাম উলিয়াবলৈ চেষ্টা কৰক।

৩) পৰ্যাপ্ত পৰিমাণে টোপনি লোৱাঃ বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই এজন সুস্থ প্ৰাপ্তবয়স্কক ৭ৰ পৰা ৮ ঘণ্টা টোপনি ল’বলৈ পৰামৰ্শ দিয়ে, যদি আপুনি ইয়াতকৈ কম শুৱে তেন্তে ইনচুলিন প্ৰতিৰোধৰ আশংকা দূৰ কৰাটো কঠিন হ’ব।

৪) মদ খাব নালাগেঃ মদ খোৱাটো সদায় স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। ই ইনচুলিনৰ কাৰ্য্যত বেয়া প্ৰভাৱ পেলায় আৰু তেজত ছুগাৰৰ মাত্ৰা বৃদ্ধি কৰিব পাৰে, গতিকে এই বেয়া অভ্যাস যিমান সোনকালে এৰিব সিমানেই ভাল।

৫) ধূমপান এৰিবঃ যিসকলে চিগাৰেট, বিড়ি, হুকা আদি ধূমপান কৰে তেওঁলোকৰ বাবে প্ৰি-ডায়েবেটিছ ষ্টেজ বিপদজনক বুলি প্ৰমাণিত হ’ব পাৰে, অতি সোনকালে তেওঁলোক tit-2 ডায়েবেটিছৰ বলি হ’ব পাৰে, গতিকে তৎক্ষণাত ধূমপান বন্ধ কৰক।









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু