--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাণ খাই বহুতে ভালপায়। কিছুমান মানুহ ইয়াৰ প্ৰতি ইমানেই আকৰ্ষিত যে দৈনিক খাদ্য খোৱাৰ পাছত পাণ খায়। আপোনালোকক জনাও যে পাণ স্বাস্থ্যৰ বাবে অতি স্বাস্থ্যকৰ বুলি গণ্য কৰা হয়। পাণ পাতত গেষ্ট্ৰ’-প্ৰটেক্টিভ, কাৰ্মিনেটিভ আৰু এন্টি-ফ্লেটুলেণ্ট গুণ থাকে, যিয়ে পাচন প্ৰক্ৰিয়া উন্নত কৰে। 

এই কাৰণতে খাদ্য খোৱাৰ পাছত পাণ খোৱাৰ পৰম্পৰা আছে। কিন্তু আপুনি জানেনে যে কিছুমান বস্তু পাণ খোৱাৰ পাছত কেতিয়াও খাব নালাগে। যদি আপুনি এইবোৰ সেৱন কৰে তেন্তে আপুনি স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে, গতিকে পান খোৱাৰ পাছত কি কি খাব নালাগে জানো আহক।

১) ঔষধ নাখাবঃ যদি আপুনি দৈনিক কোনো ঔষধ খায় বা হঠাৎ মূৰৰ বিষ বা পেটৰ বিষ হয়, তেন্তে মনত ৰাখিব যে পাণ খোৱাৰ পাছত সেই ঔষধ একেবাৰে সেৱন নকৰিব। যদি ঔষধ খাব লগা হয়, তেন্তে অন্ততঃ এঘণ্টা বা আধা ঘণ্টা অপেক্ষা কৰক। পাণ খোৱাৰ পিছত ঔষধ খালে ইয়াৰ ছাইড এফেক্ট হ’ব পাৰে।

২) জুচ নাখাবঃ যদি আপুনি পাৰ্টিলৈ গৈছে আৰু তাত পাণ আৰু জুচ দুয়োটা আছে, তেন্তে প্ৰথমে জুচ খাব। তাৰ পাছতহে পাণ খাব। যদি আপুনি পাণ খোৱাৰ পাছত ৰস খায়, তেন্তে ই আপোনাৰ ক্ষতি কৰিব পাৰে। ৰাতি জুচ সেৱন কৰিলেও আপোনাৰ হজম শক্তিৰ ক্ষতি হব পাৰে।

৩) গাখীৰ নাখাবঃ পাণ খোৱাৰ পাছত গাখীৰ খোৱা উচিত নহয়। ই পেটৰ বিষ কৰিব পাৰে।

৪) টেঙা বস্তু খোৱাৰ পৰা বিৰত থাককঃ যদি আপুনি পাণ খাইছে তেন্তে তাৰ পিছত টেঙা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ টেঙা খাদ্য খালে আপোনাৰ পাচনতন্ত্ৰ নষ্ট হ’ব পাৰে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু