--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: টকা, টকা, টকা, সকলোকে টকা লাগে, এয়াই সঁচা কাৰণ পকেটত টকা থাকিলেহে বজাৰৰ পৰা সামগ্ৰী ক্ৰয় কৰাৰ ক্ষমতা গঢ় লৈ উঠে। টকাৰ বাবেই বজাৰ কৰিবলৈ সাহস আহে, কিন্তু যেতিয়া পইচা লগত নাথাকে, তেতিয়া মনটো বিভ্ৰান্ত হৈ থাকে। যদি আপোনাৰ পৰিস্থিতিও একেধৰণৰ, তেন্তে এই লেখাটোত লিখা ব্যৱস্থাসমূহ পঢ়ক আৰু আপুনি যি সহজ বুলি ভাবে তাকে কৰিবলৈ চেষ্টা কৰক। নিশ্চয় আপোনাৰ সমস্যাৰ সমাধান হ’ব।

১) মা লক্ষ্মীক ৰঙা ফুল আগবঢ়াওক: প্ৰতিদিনে ৰাতিপুৱা সাৰ পাই দৈনন্দিন কাম-কাজ আদিৰ পৰা অৱসৰ লোৱাৰ পিছত ধনৰ দেৱী লক্ষ্মীক ৰঙা ফুল আগবঢ়াওক আৰু গাখীৰেৰে তৈয়াৰী মিঠাই আগবঢ়াওক, এনে কৰিলে অলৌকিক ফলাফল পোৱা যাব।

২) হনুমান জীলৈ আহঁত পাত আগবঢ়াওক: আহঁতৰ সতেজ আৰু অখণ্ড পাত এটা লৈ পানীৰে চাফা কৰি তাৰ ওপৰত চন্দন বা ৰোলি আদিৰে ৰাম লিখি তাৰ ওপৰত মিঠাই কিছু দি হনুমান জীৰ মন্দিৰত আগবঢ়াই দিলে টকাৰ অভাৱ কেতিয়াও নহয়।

৩) ঘৰত ঘিউৰ বন্তি জ্বলাওক : যদি টকা পোৱাৰ বাট বন্ধ হৈ যায়, তেন্তে শুকুৰবাৰে গধূলিৰ সময়ত মহালক্ষ্মীৰ মূৰ্তি বা তুলসী গছৰ সন্মুখত গৰুৰ গাখীৰৰ পৰা তৈয়াৰী ঘিউৰ বন্তি জ্বলাই আৰ্থিক সংকট দূৰ কৰাৰ প্ৰাৰ্থনা, দেৱী লক্ষ্মীৰ কৃপা আপুনি নিশ্চয় পাব।

৪) ধনতেৰছত কিনা ঝাড়ু ব্যৱহাৰ কৰক: দীপাৱলীৰ দুদিন আগতে নতুন ঝাড়ু কিনাৰ এক নিয়ম আছে,  ধনতেৰছৰ দিনা ধনৰ দেৱতা বুলি গণ্য কৰা ধনবন্তৰী জীক পূজা কৰা হয়। এই দিনটোত ঝাড়ু কিনি দীপাৱলীৰ দিনা পূজাৰ আগত সেই ঝাড়ুৰে অলপ চাফাই কৰিব লাগে, এই কাম কৰি দৰিদ্ৰতা নোহোৱা হ'ব আৰু কুবেৰৰ লগত মা লক্ষ্মীও আহিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ