--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমাৰ জীৱনশৈলী আৰু শৰীৰৰ প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি চিকিৎসকে দৈনিক ৮ৰ পৰা ১০ গিলাচ পানী খোৱাৰ পৰামৰ্শ দিয়ে। বেছিভাগ লোকেই ঠাণ্ডা পানী খায়, কিন্তু আয়ুৰ্বেদত পৰামৰ্শ দিয়া হৈছে যে আমি কেৱল গৰম পানীহে খাব লাগে। বিশেষজ্ঞসকলে বিশেষকৈ পুৱা গৰম পানী খোৱাৰ পৰামৰ্শ দিয়ে কাৰণ ই শৰীৰক ভিতৰৰ পৰা সুস্থ কৰি তুলিব পাৰে, বিপাকীয় ক্ৰিয়া বৃদ্ধি কৰে আৰু হজম শক্তি উন্নত কৰে।

 আপুনি প্ৰায়ে দেখিছে যে বহুতে পুৱা সাৰ পাই ব্ৰাছ নকৰাকৈ পানী খায় আৰু কিছুমানে ব্ৰাছ কৰাৰ পাছতহে পানী খায়। এনে ক্ষেত্ৰত আপোনাৰ মনত এটা প্ৰশ্ন উত্থাপন হ’ব পাৰে যে ব্ৰাছ কৰাৰ আগতে পানী খোৱাটো অধিক লাভজনক নে ব্ৰাছ কৰাৰ পাছত? বিশেষজ্ঞৰ মতে পুৱা ব্ৰাছ নকৰাকৈ পানী খোৱাটো অধিক উপকাৰী বুলি গণ্য কৰা হয়। এনে কৰিলে পাচনতন্ত্ৰ শক্তিশালী হয়। ইয়াৰ বাহিৰেও ব্ৰাছ নকৰাকৈ পানী খালে শৰীৰৰ বহু ধৰণৰ ৰোগ দূৰ হয়।

 পুৱা পানী খোৱাৰ উপকাৰিতা-

* পুৱা খালী পেটত পানী খোৱা শৰীৰ স্বাস্থ্য অতি লাভজনক আৰু গোটেই দিনটো হাইড্ৰেটেড কৰি ৰাখে। ইয়াৰ বাহিৰেও পেটৰ সমস্যা দূৰ কৰি ছাল উজ্জ্বল কৰি তোলে।

* ব্ৰাছ নকৰাকৈ পানী খালেও ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। যদি আপুনি প্ৰায়ে চৰ্দি, কাহ আৰু জ্বৰত আক্ৰান্ত হয় তেন্তে প্ৰতিদিনে পুৱা ব্ৰাছ নকৰাকৈ পানী খাব।

* দীঘল ডাঠ চুলি আৰু জিলিকি থকা ছালৰ বাবে পুৱা ব্ৰাছ নকৰাকৈ পানী খাব লাগে। ইয়াৰ উপৰি কোষ্ঠকাঠিন্য, মুখৰ ঘা আদি সমস্যাও দূৰ হয়।

* মুখৰ দুৰ্গন্ধ ওলোৱা লোকসকলে পুৱা সাৰ পাই এগিলাচ কুহুমীয়া পানী খাব লাগে। লালৱতী অভাৱৰ বাবে আমাৰ মুখ শুকান হৈ বেক্টেৰিয়া উৎপন্ন হয়, যাৰ ফলত মুখৰ পৰা বেয়া গোন্ধ ওলাবলৈ আৰম্ভ কৰে। এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰতিদিনে পুৱা এগিলাচ কুহুমীয়া পানী খাব লাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ