--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুছলমান যুৱকৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে সামাজিক মাধ্যমত তীব্ৰ ট্ৰ’লৰ মুখামুখি হৈছে অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্য। কিছু সংখ্যকে তেওঁৰ হ’বলগা সন্তানৰ ধৰ্ম কি হ’ব সেই লৈও প্ৰশ্ন উত্থাপন কৰিছিল।

এই সকলোবোৰক লৈ মুখ খুলিছে দেৱলীনাই। এটা টুইটযোগে তেওঁ লিখে- “মোৰ সন্তান হিন্দু হ’ব নে মুছলিম হ’ব, সেই বিষয়ে জানিবলৈ আপোনালোক কোন? যদি শিশুৰ ওপৰত আপোনালোক ইমানেই সচেতন, তেন্তে অনাথ আশ্ৰম বহুত আছে, তালৈ যাওক। অনাথ শিশুসকলক তুলি লওক আৰু তেওঁলোকক ধৰ্ম আৰু নাম দিয়ক।”

দেৱলীনাই আৰু লিখে- “আনৰ বিষয়ে গুগলত খুঁচৰাতকৈ আপোনালোকে নিজৰ ধৰ্মৰ বিষয়ে মনোযোগ দিয়ক আৰু এজন সৎ ব্যক্তি হওক। মই নিশ্চিত যে আপোনালোকৰ নিচিনা মানুহৰ উপদেশ মোক নালাগে।”

উল্লেখ্য যে যোৱা সপ্তাহত দেৱলীনাই বয়ফ্ৰেণ্ড শ্বানৱাজ শ্বেইখৰ স’তে এখনি ফটো শ্বেয়াৰ কৰিছিল। তাত শ্বেইখনৰ স’তে বিবাহপাশত আৱদ্ধ হোৱাৰ কথা ঘোষণা কৰিছিল। সামাজিক মাধ্যমযোগে অভিনেত্ৰীগৰাকীয়ে লিখিছিল- “তেওঁতকৈ ভাল মই আৰু কাকো লগ নাপালো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু