--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বকাপৰ ফাইনেলৰ আগদিনাখনৰ ৰাতি ফিফাৰ প্ৰেচিডেণ্ট জিয়ানি ইনফাণ্টিনোৰ স’তে কটালে নোৰা ফাটেহিয়ে। ফিফাৰ প্ৰেচিডেণ্টগৰাকীক এটা বিশেষ উপহাৰো যাচে বলিউডৰ আইটেম গাৰ্লগৰাকীয়ে।

দেখা পোৱা গৈছে যে উপহাৰটো সেউজীয়া ফিটা মৰা ৰঙা বাকচৰ ভিতৰত ভৰাই ৰখা হৈছে। উপহাৰৰ বাকচটো লাভ কৰিয়েই উল্লাসিত হৈ পৰে ফিফাৰ প্ৰেচিডেণ্ট। সহকাৰীৰ সহায়ত বাকচটো তেওঁ খুলে। বাকচৰ ভিতৰত এজোৰ ৰঙা ৰঙৰ জোতা পোৱা গ’ল। জোতাত ড্ৰাগনৰ নক্সা আছে।



জোতাযোৰ দেখি আনন্দিত হৈ পৰে ফিফাৰ প্ৰেচিডেণ্ট। কয়- “বাহ! মোৰ খুব পচন্দ হৈছে জোতাযোৰ। এই জোতাযোৰ মই অফিচত থম।”

ফিফাৰ প্ৰেচিডেণ্টৰ এই ভাষ্যৰ প্ৰত্যুত্তৰত নোৰাই কয়- “আপোনাৰ পচন্দ হৈছে বুলি জানি মই ধন্য।” নোৰাই জানিবলৈ দিছে, এই বিশেষ জোতাযোৰ ফিফাৰ প্ৰেচিডেণ্টগৰাকীৰ বাবেই তৈয়াৰ কৰা হৈছিল। 

উল্লেখ্য যে ফুটবল বিশ্বকাপৰ লুচাইল ষ্টেডিয়ামত অনুষ্ঠিতব্য ফাইনেলখনত নৃত্য পৰিৱেশন কৰিব নোৰা ফাটেহিয়ে। প্ৰথমগৰাকী বলিউডী শিল্পী হিচাপে তেওঁ এই আমন্ত্ৰণ লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক