--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মহাদেৱ খ্যাত বিখ্যাত টিভি অভিনেতা মোহিত ৰাইনাই ২০২২ চনৰ ১ জানুৱাৰীত অদিতি শৰ্মাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। কোনো ঢাক-ঢোল নবজোৱাকৈ অতি গোপনে অদিতিৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল মোহিত ৰাইনা। কিন্তু বিয়াৰ ১ বছৰ হ’বলৈ নাপাওঁতেই যেন মোহিত-অদিতিৰ সংসাৰত লাগিল কেৰোণ। 
PHOTOS: How Mohit became Mahadev! - Rediff Getahead
দুয়োৰে মাজত বিবাহ বিচ্ছেদ হ’ব বুলি এক উৰাবাতৰি বিয়পি পৰিল। এই বাতৰিক যেন সঁচা প্ৰমাণিত কৰিলে মোহিতে কৰা এক কামে। অভিনেতাগৰাকীয়ে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলৰ পৰা বিয়াৰ সকলো ফটো ডিলিট কৰিছে। ইয়াৰ পৰা বুজিব পাৰি যে দুয়োৰে মাজত কথাবোৰ ঠিকে চলি থকা নাই। এনে উৰাবাতৰিও দীৰ্ঘদিন ধৰি উৰি আছে যে মোহিত আৰু অদিতিৰ ইতিমধ্যে বিচ্ছেদ হৈছে। 

মোহিত ৰাইনাই বিয়াৰ সকলো ফটো ডিলিট কৰা পাছত ইউজাৰ্ছসকলে কমেণ্ট ছেকচন নানা কমেণ্টৰে ভৰাই দিছে। এজন ইউজাৰে লিখিছে, ‘মই দেখিছো যে তেওঁলোকে ইনষ্টাগ্ৰামতো ইজনে সিজনক ফ’ল’ কৰা নাই আৰু তেওঁলোকৰ সকলো ফটো ডিলিট কৰি পেলাইছে।’ 
3 Glorious takeaways from Mohit Raina and Aditi Sharma's wedding décor |  PINKVILLA
উল্লেখ্য যে মোহিত ৰাইনাই নিজৰ জীৱনটো ব্যক্তিগতভাৱে ৰাখি ভাল পায়। এক সাক্ষাৎকাৰত অভিনেতাজনে কৈছিল যে তেওঁ এজন সাধাৰণ বন্ধুৰ জৰিয়তে অদিতিক লগ পাইছিল। মোহিত ৰাইনাই 'দেৱ কা দেৱ...মহাদেৱ' শীৰ্ষক টিভি ধাৰাবাহিকত মহাদেৱৰ চৰিত্ৰত অভিনয় কৰি ঘৰে ঘৰে জনপ্ৰিয় হৈ উঠিছিল। তেওঁ আজিও সকলোৰে মাজত মহাদেৱ নামেৰেই সমাদৃত। 











FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু