--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক সোমবাৰে পানামা পেপাৰ্ছ কেলেংকাৰী সন্দৰ্ভত ইডিয়ে জেৰা কৰে। সোমবাৰে ৰাজ্যসভাত চলি আছিল ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনা। ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনাত অংশ লৈ থকাৰ সময়তে সংসদৰ মজিয়াত এজন বিজেপি সাংসদে জয়া বচ্চন আৰু তেওঁৰ বোৱাৰীয়েক ঐশ্চৰ্য ৰায় বচ্চনৰ বিষয়ত ব্যক্তিগত মন্তব্য কৰে।

সংসদৰ মজিয়াত ব্যক্তিগত বিষয়ে স্থান পোৱাত একপ্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰে ঐশ্বৰ্যৰ শাহু, সমাজবাদী দলৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চন। ইডিয়ে ঐশ্বৰ্য ৰায়ক জেৰা কৰা প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছিল জয়া বচ্চন। সাংসদ জয়া বচ্চনে কয়,’’সংসদত বহি তেওঁলোকে কেনেকৈ ব্যক্তিগত মন্তব্য কৰিব পাৰে? এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ পৰ্যাপ্ত শ্ৰদ্ধা বা সন্মান নাই? বিজেপিৰ বেয়া দিন আৰম্ভ হ’বলৈ ধৰিছে। আপোনালোকৰ পতন হ'ব, মই অভিশাপ দিছো।‘’

পৰিয়ালৰ সন্দৰ্ভত কিয় সদনত এনে এক ব্যক্তিগত মন্তব্য কৰিব বুলি প্ৰতিবাদ সাব্যস্ত কৰি সভাপতিৰ আসনত থকা ভুৱনেশ্বৰ কলিতাৰ পৰা ন্যায় বিচাৰিছিল জয়াই। জয়া বচ্চনে ভুৱনেশ্বৰ কলিতাক উদ্দেশ্য কৰি কৈছিল – মই আশা কৰিছিলো মোক উদ্দেশ্যি আৰু মোৰ কেৰিয়াৰক লৈ মন্তব্য কৰা সকলৰ বিৰুদ্ধে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আপুনি একো ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো দলক প্ৰতিনিধিত্ব কৰিবলৈ আপোনাক এই চকীখনত বহোৱা হোৱা নাই। ভুৱনেশ্বৰ কলিতাই বিনম্ৰ ভাৱে তেওঁক বিধেয়কখনৰ সন্দৰ্ভত ক'বলৈ বাৰে বাৰে অনুৰোধ জনায়। আনহাতে জয়া বচ্চনে ব্যক্তিগত বিষয় তথা ঐশ্বৰ্য ৰায়ৰ নাম লৈ মন্তব্য কৰা বিজেপি সাংসদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

আৰু পঢ়কঃ তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্য লৈ আজি অসমলৈ আহিব অগ্নিকন্যা মমতা দিদি


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ