--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনক সোমবাৰে পানামা পেপাৰ্ছ কেলেংকাৰী সন্দৰ্ভত ইডিয়ে জেৰা কৰে। সোমবাৰে ৰাজ্যসভাত চলি আছিল ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনা। ড্ৰাগছ সংক্ৰান্ত বিধেয়কৰ ওপৰত আলোচনাত অংশ লৈ থকাৰ সময়তে সংসদৰ মজিয়াত এজন বিজেপি সাংসদে জয়া বচ্চন আৰু তেওঁৰ বোৱাৰীয়েক ঐশ্চৰ্য ৰায় বচ্চনৰ বিষয়ত ব্যক্তিগত মন্তব্য কৰে।

সংসদৰ মজিয়াত ব্যক্তিগত বিষয়ে স্থান পোৱাত একপ্ৰকাৰ খঙত অগ্নিশৰ্মা হৈ পৰে ঐশ্বৰ্যৰ শাহু, সমাজবাদী দলৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চন। ইডিয়ে ঐশ্বৰ্য ৰায়ক জেৰা কৰা প্ৰসংগত কৰা মন্তব্যৰ বিৰুদ্ধে গৰজি উঠিছিল জয়া বচ্চন। সাংসদ জয়া বচ্চনে কয়,’’সংসদত বহি তেওঁলোকে কেনেকৈ ব্যক্তিগত মন্তব্য কৰিব পাৰে? এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে সহকৰ্মীসকলৰ প্ৰতি আপোনালোকৰ পৰ্যাপ্ত শ্ৰদ্ধা বা সন্মান নাই? বিজেপিৰ বেয়া দিন আৰম্ভ হ’বলৈ ধৰিছে। আপোনালোকৰ পতন হ'ব, মই অভিশাপ দিছো।‘’

পৰিয়ালৰ সন্দৰ্ভত কিয় সদনত এনে এক ব্যক্তিগত মন্তব্য কৰিব বুলি প্ৰতিবাদ সাব্যস্ত কৰি সভাপতিৰ আসনত থকা ভুৱনেশ্বৰ কলিতাৰ পৰা ন্যায় বিচাৰিছিল জয়াই। জয়া বচ্চনে ভুৱনেশ্বৰ কলিতাক উদ্দেশ্য কৰি কৈছিল – মই আশা কৰিছিলো মোক উদ্দেশ্যি আৰু মোৰ কেৰিয়াৰক লৈ মন্তব্য কৰা সকলৰ বিৰুদ্ধে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু আপুনি একো ব্যৱস্থা গ্ৰহণ কৰা নাই। কোনো দলক প্ৰতিনিধিত্ব কৰিবলৈ আপোনাক এই চকীখনত বহোৱা হোৱা নাই। ভুৱনেশ্বৰ কলিতাই বিনম্ৰ ভাৱে তেওঁক বিধেয়কখনৰ সন্দৰ্ভত ক'বলৈ বাৰে বাৰে অনুৰোধ জনায়। আনহাতে জয়া বচ্চনে ব্যক্তিগত বিষয় তথা ঐশ্বৰ্য ৰায়ৰ নাম লৈ মন্তব্য কৰা বিজেপি সাংসদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনায়।

আৰু পঢ়কঃ তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্য লৈ আজি অসমলৈ আহিব অগ্নিকন্যা মমতা দিদি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক