--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সাৱধান নহ’লে সংক্ৰমণৰ শংকা বৃদ্ধি ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ৷ ক’ভিডতকৈ তীব্ৰ গতিত সংক্ৰমণ হোৱা অ’মিক্ৰনৰ আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে ভাৰতত৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত ইতিমধ্যে অ’মিক্ৰন ঘটনাই ২০০ চুলেগৈ৷ ইয়াৰ ভিতৰত ৭৭জনে আৰোগ্য লাভ কৰিছে৷

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক ৫৪জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰন৷ ইয়াৰ উপৰি তেলেংগানাত ২০জন, কৰ্ণাটকত ১৯, ৰাজস্থানত ১৮, কেৰালাত ১৫ আৰু গুজৰাটত ১৪জন৷

ইপিনে অ’মিক্ৰনৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ববাসীক বাৰম্বাৰ সজাগ-সচেতনতাৰে থাকিবলৈ আহ্বান জনাই আহিছে৷ ক’ভিডৰ নীতি-নিয়ম মানি চলি বৰদিন উদযাপনৰ আহ্বান জনাই হুৱে কয় যে, “জীৱনটোক বিপদত পেলোৱাতকৈ কাৰ্য-কলাপ স্থগিত ৰাখিব লাগে৷ এতিয়া কঠোৰ সিদ্ধান্ত ল’ব লাগিব৷” আমেৰিকাতো প্ৰথমজনলোকৰ অ’মিক্ৰনত মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ হৈছে৷

ইয়াৰ উপৰি মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুনকৈ ভাৰতত ধৰা পৰিছে ৫,৩২৬টা ক’ভিড আক্ৰান্তৰ ঘটনা৷ বিগত ৫৮১ দিনৰ এয়াই সৰ্বনিম্ন ক’ভিড আক্ৰান্ত এটা দিনৰ ভিতৰত৷ বৰ্তমানলৈকে মুঠ ৩৪৮কোটি ভাৰতীয় জনতাই ইতিমধ্যে ক’ভিডৰ কৱলত পৰিছে৷ অৱশ্যে বৰ্তমানেও সক্ৰিয় হৈ আছে ৭৯,০৯৭টা ঘটনা৷ বিগত ২৪ ঘণ্টাত ৪৫৩জন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ