--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: সাৱধান নহ’লে সংক্ৰমণৰ শংকা বৃদ্ধি ক’ভিডৰ নতুন প্ৰজাতি অ’মিক্ৰনৰ৷ ক’ভিডতকৈ তীব্ৰ গতিত সংক্ৰমণ হোৱা অ’মিক্ৰনৰ আক্ৰান্তৰ সংখ্যা দৈনিক বৃদ্ধি পাইছে ভাৰতত৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে দেশত ইতিমধ্যে অ’মিক্ৰন ঘটনাই ২০০ চুলেগৈ৷ ইয়াৰ ভিতৰত ৭৭জনে আৰোগ্য লাভ কৰিছে৷

উল্লেখ্য যে স্বাস্থ্য মন্ত্ৰালয়ৰ শেহতীয়া তথ্য অনুসৰি মহাৰাষ্ট্ৰ আৰু দিল্লীত সৰ্বাধিক ৫৪জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰন৷ ইয়াৰ উপৰি তেলেংগানাত ২০জন, কৰ্ণাটকত ১৯, ৰাজস্থানত ১৮, কেৰালাত ১৫ আৰু গুজৰাটত ১৪জন৷

ইপিনে অ’মিক্ৰনৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ববাসীক বাৰম্বাৰ সজাগ-সচেতনতাৰে থাকিবলৈ আহ্বান জনাই আহিছে৷ ক’ভিডৰ নীতি-নিয়ম মানি চলি বৰদিন উদযাপনৰ আহ্বান জনাই হুৱে কয় যে, “জীৱনটোক বিপদত পেলোৱাতকৈ কাৰ্য-কলাপ স্থগিত ৰাখিব লাগে৷ এতিয়া কঠোৰ সিদ্ধান্ত ল’ব লাগিব৷” আমেৰিকাতো প্ৰথমজনলোকৰ অ’মিক্ৰনত মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ হৈছে৷

ইয়াৰ উপৰি মন্ত্ৰালয়ৰ তথ্য অনুসৰি নতুনকৈ ভাৰতত ধৰা পৰিছে ৫,৩২৬টা ক’ভিড আক্ৰান্তৰ ঘটনা৷ বিগত ৫৮১ দিনৰ এয়াই সৰ্বনিম্ন ক’ভিড আক্ৰান্ত এটা দিনৰ ভিতৰত৷ বৰ্তমানলৈকে মুঠ ৩৪৮কোটি ভাৰতীয় জনতাই ইতিমধ্যে ক’ভিডৰ কৱলত পৰিছে৷ অৱশ্যে বৰ্তমানেও সক্ৰিয় হৈ আছে ৭৯,০৯৭টা ঘটনা৷ বিগত ২৪ ঘণ্টাত ৪৫৩জন ক’ভিড ৰোগীৰ মৃত্যু হোৱা বুলি তথ্য প্ৰকাশ কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক