--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দেশৰ অন্য ৰাজ্যতো তৃণমূল কংগ্ৰেছ তথা নিজৰ শক্তিশালী ৰূপ বিস্তাৰ কৰাৰ পৰিকল্পনাৰে অসম ভ্ৰমণলৈ আহিব অগ্নিকন্যা মমতা। পশ্চিমবংগত 'দিদি' নামেৰে জনপ্ৰিয় মমতা বেনাৰ্জীক লৈ বহুলোকে সপোন দেখিছে যে ‘দেশৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী । সেয়ে পশ্চিমবংগতেই নহয় সমগ্ৰ দেশতে দলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ অসমলৈ আহিব বংগৰ দিদি মমতা বেনাৰ্জী।

পশ্চিম বংগৰ লগতে দেশৰ ৰাজনৈতিক পথাৰত ক্ৰমান্বয়ে অধিক সক্ৰিয় হৈ পৰিছে মমতা দিদি। দ্বিতীয়বাৰলৈ পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ আসন দখল কৰাৰ পিছতে অন্যান্য ৰাজ্যতো তৃণমূল কংগ্ৰেছৰ ভেটি সুদৃশ কৰিবলৈ সংকল্পবদ্ধ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে ত্ৰিপুৰাত শক্তিশালী ৰূপত অৱস্থান কৰিছে তৃণমূল কংগ্ৰেছে। সমগ্ৰ দেশতে প্ৰভাৱ বিস্তাৰ কৰা এইগৰাকী নেত্ৰীক আনকি প্ৰধানমন্ত্ৰীয়েও সমীহ কৰি চলা দেখিবলৈ পোৱা যায়৷ পশ্চিমবংগৰ আঞ্চলিক দল তৃণমূল কংগ্ৰেছৰ সুদৃঢ় ভেটি আৰু ৰাজ্যখনৰ স্বাৰ্থত বেনাৰ্জীৰ আপোচবিহীন স্থিতিৰ বাবেই পশ্চিমবংগত খোপনি পুতিব পৰা নাই বিজেপিয়ে৷

তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্য লৈয়ে আজি ২১ ডিচেম্বৰ মঙলবাৰে গুৱাহাটী উপস্থিত হ’ব মমতা বেনাৰ্জী। দৰ্শন কৰিব কামাখ্যা মন্দিৰ। তাৰ পিছতে দলীয় নেতৃত্বৰ সৈতে এখন বৈঠকতো মিলিত হোৱাৰ কথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মমতা বেনাৰ্জীৰ অসম ভ্ৰমণে অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অধিনায়কত্ব হেৰুৱাব পাৰে সূৰ্যকুমাৰ যাদৱে
দিল্লীত দেশৰ ভিতৰত প্ৰথম ৮ লেনৰ এলিভেটেড হাইৱে' মুকলি কৰিলে প্ৰধানমন্ত্ৰীয়ে
বিশ্ব টাইকোৱাণ্ডোত অসমৰ ৰ'দালিৰ চমক
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক