--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আজি অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। দেশৰ অন্য ৰাজ্যতো তৃণমূল কংগ্ৰেছ তথা নিজৰ শক্তিশালী ৰূপ বিস্তাৰ কৰাৰ পৰিকল্পনাৰে অসম ভ্ৰমণলৈ আহিব অগ্নিকন্যা মমতা। পশ্চিমবংগত 'দিদি' নামেৰে জনপ্ৰিয় মমতা বেনাৰ্জীক লৈ বহুলোকে সপোন দেখিছে যে ‘দেশৰ ভৱিষ্যতৰ প্ৰধানমন্ত্ৰী মমতা বেনাৰ্জী । সেয়ে পশ্চিমবংগতেই নহয় সমগ্ৰ দেশতে দলৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ অসমলৈ আহিব বংগৰ দিদি মমতা বেনাৰ্জী।

পশ্চিম বংগৰ লগতে দেশৰ ৰাজনৈতিক পথাৰত ক্ৰমান্বয়ে অধিক সক্ৰিয় হৈ পৰিছে মমতা দিদি। দ্বিতীয়বাৰলৈ পশ্চিমবংগত মুখ্যমন্ত্ৰীৰ আসন দখল কৰাৰ পিছতে অন্যান্য ৰাজ্যতো তৃণমূল কংগ্ৰেছৰ ভেটি সুদৃশ কৰিবলৈ সংকল্পবদ্ধ পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকী। ইতিমধ্যে ত্ৰিপুৰাত শক্তিশালী ৰূপত অৱস্থান কৰিছে তৃণমূল কংগ্ৰেছে। সমগ্ৰ দেশতে প্ৰভাৱ বিস্তাৰ কৰা এইগৰাকী নেত্ৰীক আনকি প্ৰধানমন্ত্ৰীয়েও সমীহ কৰি চলা দেখিবলৈ পোৱা যায়৷ পশ্চিমবংগৰ আঞ্চলিক দল তৃণমূল কংগ্ৰেছৰ সুদৃঢ় ভেটি আৰু ৰাজ্যখনৰ স্বাৰ্থত বেনাৰ্জীৰ আপোচবিহীন স্থিতিৰ বাবেই পশ্চিমবংগত খোপনি পুতিব পৰা নাই বিজেপিয়ে৷

তৃণমূল কংগ্ৰেছক শক্তিশালী কৰাৰ লক্ষ্য লৈয়ে আজি ২১ ডিচেম্বৰ মঙলবাৰে গুৱাহাটী উপস্থিত হ’ব মমতা বেনাৰ্জী। দৰ্শন কৰিব কামাখ্যা মন্দিৰ। তাৰ পিছতে দলীয় নেতৃত্বৰ সৈতে এখন বৈঠকতো মিলিত হোৱাৰ কথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰীগৰাকীৰ। মমতা বেনাৰ্জীৰ অসম ভ্ৰমণে অসমৰ ৰাজনৈতিক পট পৰিৱৰ্তনৰ ইংগিত বহন কৰিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ