--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ব্ৰিটেইনৰ নতুন প্ৰধানমন্ত্ৰী ঋষি সুনক ভাৰতীয় মূলৰ। তেওঁ এই স্থানত উপনীত হোৱা প্ৰথম ভাৰতীয়। বিদেশৰ স্বনামধন্য বিদ্যালয়-বিশ্ববিদ্যালয়ৰ পৰা পঢ়া-শুনা সম্পূৰ্ণ কৰা ঋষি সুনক আজি ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত। ঋষি সুনকে ক’ৰ পৰা কিমানলৈ পঢ়া-শুনা কৰিছে জানি লওক।
১৯৮০ চনৰ ১২ মে’ত দক্ষিণ-পূব ইংলেণ্ডত অৱস্থিত হেম্পশ্বাৰৰ ছাউথমপটনত জন্মগ্ৰহণ কৰিছিল ঋষি সুনকে। তেওঁৰ পিতৃ যশবীৰ সুনক এজন সাধাৰণ চিকিৎসক আৰু মাতৃ ঊষা সুনক এগৰাকী ৰসায়নবিদ। পঞ্জাৱ প্ৰদেশত (ব্ৰিটিছ ভাৰত) জন্মগ্ৰহণ কৰা ঋষিৰ ককাক-আইতাক ১৯৬০ চনত পূব আফ্ৰিকাৰ পৰা ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰিছিল। ঋষি সুনকৰ বয়স বৰ্তমান ৪২ বছৰ।

 ইংলেণ্ডৰ হেম্পশ্বাৰত অৱস্থিত ৰমছিৰ ষ্ট্ৰাউড স্কুলৰ পৰা ঋষি সুনাকে পঢ়া-শুনা আৰম্ভ কৰিছিল। ৱিনচেষ্টাৰ কলেজত পঢ়ি থকাৰ সময়ত তেওঁ আছিল হেড বয়। এইখন এখন বৰ্ডিং স্কুল। ২০০১ চনত অক্সফৰ্ডৰ লিংকন কলেজৰ পৰা দৰ্শন, ৰাজনীতি আৰু অৰ্থনীতি বিষয়ত অধ্যয়ন কৰে। ইয়াৰ পিছত ২০০৬ চনত তেওঁ ষ্টেনফৰ্ড বিশ্ববিদ্যালয়ৰ পৰা ফুলব্ৰাইট স্কোলাৰ হিচাপে এম বি এ কৰে।
 ছাউথমপটনত পঢ়ি থকাৰ সময়ত গ্ৰীষ্মকালীন ছুটীত এখন কাৰী হাউছত ওৱেটাৰ হিচাপে কাম কৰিছিল ঋষি সুনকে। তাৰ পিছত অক্সফৰ্ড বিশ্ববিদ্যালয়ত পঢ়াৰ মাজতে কনজাৰ্ভেটিভ কেম্পেইন মুখ্য কাৰ্যালয়ত ইন্টাৰ্নশ্বিপ কৰে। ২০০১ চনৰ পৰা ২০০৪ চনৰ ভিতৰত তেওঁ এটা বিনিয়োগ বেংক গোল্ডমেন চেক্সত বিশ্লেষক হিচাপে কাম কৰিছিল। ২০১৪ চনতে তেওঁ ৰাজনৈতিক জীৱন আৰম্ভ কৰিছিল।

২০০৯ চনৰ আগষ্ট মাহত ঋষি সুনকে ইনফ’ছিছৰ প্ৰতিষ্ঠাপক এন আৰৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ঋষি সুনক ডিগ্ৰী পঢ়ি থকাৰ সময়তে দুয়োৰে চিনাকি হয়। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদত উপনীত হোৱাৰ কৃতিত্ব পৰিয়ালক দিছে ঋষিয়ে।

 ‘দ্য গাৰ্ডিয়ান’ত প্ৰকাশিত বাতৰি অনুসৰি ঋষি সুনকৰ প্ৰায়বোৰ সহপাঠী আৰু অধ্যাপকৰ তেওঁৰ নাম বা চেহেৰা মনত নাই। সেই সময়ৰ ষ্টেনফৰ্ড বিজনেছ স্কুলৰ ডীন ৰবাৰ্ট জ’নে এটা সাক্ষাৎকাৰত জনাইছিল যে স্নাতক হোৱাৰ প্ৰতিটো শ্ৰেণীত ৪০০ ছাত্ৰ-ছাত্ৰী আছিল। গতিকে সকলোকে মনত ৰখাটো সম্ভৱ নহয়। তেওঁ লগতে কয়, ‘আপুনি কেৱল সেইসকল ছাত্ৰ-ছাত্ৰীকহে মনত পেলাব পাৰে, যিসকলে কেতিয়াবা কিবা এটা বিপদত পৰিছে বা যিসকলে ডাঙৰ পুৰস্কাৰ লাভ কৰিছে।’ অর্থাৎ মহাবিদ্যালয়খনৰ নিৰৱ ছাত্র-ছাত্রীসকলৰ মাজৰ এজন আছিল ঋষি৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক