--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ভূমিকম্পৰ পৰা আৰম্ভ কৰি ৰে’ল দুৰ্ঘটনালৈকে বহু সময়ত আহতসকল বিভিন্ন দুৰ্যোগ স্থানত আবদ্ধ হৈ পৰে। তেওঁলোকৰ সৈতে যোগাযোগ কৰিব নোৱাৰাৰ বাবে কেতিয়াবা উদ্ধাৰ অভিযানত পলম হয়। কিন্তু আমি যদি আগতেই জানিলোহেঁতেন যে সেই স্থানত আহত কোনো লোক আৱদ্ধ হৈ আছে তেন্তে হয়তো বহু মানুহৰ জীৱন ৰক্ষা কৰিব পৰা গ’লহেঁতেন। এই সমস্যাটো এতিয়া দূৰ কৰিব পাৰিব নিগনিয়ে। শুনি আচৰিত যেন লাগিছে নহয়নে? আহতসকলক উদ্ধাৰ কৰিবৰ বাবে উদ্ধাৰ অভিযানত সহায় কৰিব নিগনিয়ে। বেলজিয়ামৰ বিজ্ঞানীৰ এটা দলে উদ্ধাৰ অভিযানত ব্যৱহাৰ কৰিব পৰাকৈ কিছু নিগনিক প্ৰশিক্ষণ দি আছে।

এপ’প’ নামৰ এটা সংস্থাৰ বিজ্ঞানীসকলে নিগনিৰ পিঠিত থ’ব পৰাকৈ বিশেষ ধৰণৰ বেগ বনাইছে। সেই বেগটোত থাকিব শেহতীয়া প্ৰযুক্তিৰ কেমেৰা। বিজ্ঞানীসকলে দাবী কৰিছে যে এন্দুৰবোৰে সেই বেগটো পিঠিত লৈ ধ্বংসাৱশেষৰ মাজত সোমাই আবদ্ধ হৈ থকা মানুহক বিচাৰি উলিয়াব পাৰে। এই অধ্যয়নৰ নেতৃত্ব দিছে ড’না কিন নামৰ এগৰাকী গৱেষকে। ড’নাই সংবাদ মাধ্যমৰ আগত কয় যে নিগনি অতি কৌতুহলী প্ৰাণী। আকাৰত সৰু। গতিকে ইহঁতে এটা সৰু ঠাইৰ মাজেৰে অতি সোনকালে চলাচল কৰিব পাৰে। সেইবাবেই এই প্ৰকল্পৰ বাবে নিগনি বাছি লোৱা হৈছিল।

আইণ্ডহ’ভেন ইউনিভাৰ্চিটি অৱ টেকন’লজিৰ গৱেষকসকলে নিগনিয়ে পিঠিত বান্ধি লব পৰা বেকপেকটো তৈয়াৰ কৰাত সহায় কৰিছে। ২০১৯ চনৰ পৰা বিজ্ঞানীসকলে এই বিষয়ত গৱেষণা কৰি আহিছে। ২০২১ চনত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছিল এই প্ৰকল্প। বিজ্ঞানীসকলে জনোৱা মতে, এন্দুৰৰ বেকপেকসমূহ থ্ৰীডি প্ৰিণ্টাৰ ব্যৱহাৰ কৰি তৈয়াৰ কৰা হৈছে। ইয়াত থাকিব ভিডিঅ’ কেমেৰা। সেই কেমেৰাৰ পৰা ভিডিঅ’ ফুটেজ পোনপটীয়াকৈ লেপটপ বা মোবাইলত সম্প্ৰচাৰ কৰা হ’ব। সাগৰত ডুব যোৱা জন্তুৰ দৰেই নিগনিৰ কাপোৰ তৈয়াৰ কৰা হ’ব। কিন্তু এন্দুৰবোৰে এতিয়া কাম কৰা নাই। এই বিষয়ত অধিক গৱেষণাৰ প্ৰয়োজন আছে বুলি বিজ্ঞানীসকলে কৈছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক