--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা মুঠ ৫১.১১ কোটি বেংক একাউণ্টৰ ভিতৰত ১০.৩৪ কোটি বেংক একাউণ্ট নিষ্ক্ৰিয় হৈ পৰিছে৷ 

নিষ্ক্ৰিয় হৈ পৰা একাউণ্ট মুঠ জন ধন একাউণ্টৰ ২০ শতাংশ। এই ১০ কোটিতকৈ অধিক নিষ্ক্ৰিয় জন ধন একাউণ্টত ক্ষেত্ৰত বিগত ২ বছৰতকৈও অধিক সময়ধৰি কোনোধৰণৰ লেনদেন কৰা হোৱা নাই। সংসদত এই তথ্য সদৰী কৰিছে বিত্ত ৰাজ্যিক মন্ত্ৰী ভাগৱত কাৰাডে৷ 

ৰাজ্যভাৰ সাংসদ জয়ন্ত চৌধাৰীয়ে বিত্ত মন্ত্ৰীক প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা একাউণ্টবোৰৰ বিষয়ে তথ্য বিচাৰিছিল৷ সাংসদগৰাকীৰ প্ৰশ্নৰ উত্তৰত বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয়, বেংকৰ পৰা প্ৰাপ্ত তথ্য অনুসৰি ২০২৩ চনৰ ৬ ডিচেম্বৰলৈকে প্ৰধানমন্ত্ৰীৰ জন ধন যোজনাৰ অধীনত খোলা মুঠ ৫১.১১ কোটি একাউণ্টৰ ২০ শতাংশ অৰ্থাৎ ১০.৩৪ কোটি অকাৰ্যকৰী হৈ পৰিছে। 

তেওঁ কয় যে বেংকিং খণ্ডত নিষ্ক্ৰিয় বেংক একাউণ্টৰ সংখ্যা প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ অধীনত খোলা বেংক একাউণ্টৰ সংখ্যাৰ সমান। মুঠ ১০.২৩ কোটি নিষ্ক্ৰিয় প্ৰধানমন্ত্ৰী জন ধন একাউণ্টৰ ৪.৯৩ কোটি বেংক একাউণ্ট মহিলাৰ। তেওঁ কয় যে নিষ্ক্ৰিয় জন ধন বেংক একাউণ্টত জমা হৈ আছে৷ প্ৰায় ১২,৭৭৯ কোটি টকা, যি হৈছে প্ৰধানমন্ত্ৰী জন ধন একাউণ্টৰ মুঠ জমাৰ ৬.১২ শতাংশ। 

বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে কয় যে নিষ্ক্ৰিয় জন ধন একাউণ্টত জমা কৰা পৰিমাণৰ সূত অপাৰেটিভ বেংক একাউণ্টত দিয়া পৰিমাণৰ সমান সময়তে পৰিশোধ কৰা হৈছে। আৰু একাউণ্ট ধাৰক বা জমাকৰ্তাসকলে একাউণ্টটো কাৰ্যকৰী হোৱাৰ পাছত যিকোনো সময়তে তেওঁলোকৰ ধন উলিয়াব পাৰে। 

বিত্ত ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে লগতে কয় যে বেংকসমূহে নিৰন্তৰ নিষ্ক্ৰিয় একাউণ্টৰ সংখ্যা হ্ৰাস কৰাত নিয়োজিত হৈ আছে আৰু চৰকাৰে ইয়াক নিৰন্তৰ নিৰীক্ষণ কৰি আছে। বেংকে স্থানীয় পৰ্যায়ত শিবিৰ আয়োজন কৰি একাউণ্ট সক্ৰিয় ৰখাৰ লাভালাভৰ বিষয়ে লোকসকলক অৱগত কৰি থাকে। এই প্ৰচেষ্টাৰ ফলস্বৰূপে, নিষ্ক্ৰিয় বেংক একাউণ্টৰ সংখ্যা ২০১৭ৰ মাৰ্চৰ ৪০ শতাংশৰ পৰা ২০ শতাংশলৈ হ্ৰাস পাইছে।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী জন ধন যোজনা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি। ২০১৪ত মোদী চৰকাৰ গঠন হোৱাৰ পাছত এই আঁচনিখনেই আছিল প্ৰথম আঁচনি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক