--°C
Loading...
Listen to Article
2 min read
80%

ডায়েবেটিছ হোৱাৰ পিছত মানুহে খোৱা-বোৱা আৰু জীৱনশৈলীৰ বিষয়ে সতৰ্ক হয়, কিন্তু আপুনি জানেনে যে সঘনাই পিয়াহ অনুভৱ কৰাটো হ’ব পাৰে ডায়েবেটিছৰ লক্ষণ…

ডিজিটেল ডেস্ক: যিহেতু গ্ৰীষ্মকাল আৰম্ভ হ’ব ধৰিছে, এনেক্ষেত্ৰত বাৰে বাৰে পানী পিয়াহ অনুভৱ কৰাটো সাধাৰণ কথা, কিন্তু যদি আপুনি প্ৰয়োজনতকৈ অধিক তৃষ্ণাতুৰ অনুভৱ কৰে, তেন্তে সময় থাকোতেই সতৰ্ক হ'ব লাগিব, কিয়নো এইবোৰ ডায়েবেটিছৰ প্ৰাৰম্ভিক লক্ষণ হ'ব পাৰে, আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ তৎক্ষণাৎ পৰীক্ষা কৰাই লোৱা উচিত। ডায়েবেটিচৰ লক্ষণ- ১. বাৰে বাৰে পিয়াহ অনুভৱ কৰাটো ডাইবেটিছৰ লক্ষণ হ'ব পাৰে। যেতিয়া তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হয়, বৃক্কয়ে ইয়াক সহজে ফিল্টাৰ কৰিবলৈ অসমৰ্থ হয়, যাৰ ফলত শৰীৰত পানীৰ অভাৱৰ ঘটে আৰু সঘনাই পিয়াহ লাগে। ইয়াৰ উপৰি যদি আপুনি অত্যধিক ভোক অনুভৱ কৰিলেও ডায়েবেটিছৰ লক্ষণ হ'ব পাৰে। ২. ওজন হ্ৰাসঃ ডায়েবেটিক ৰোগীৰ ওজন দ্ৰুতগতিত হ্ৰাস হ'বলৈ আৰম্ভ কৰে। উচ্চ ৰক্ত শৰ্কৰাই চৰ্বি সঞ্চিত কৰাৰ পদ্ধতি প্ৰভাৱিত কৰে যাৰ ফলত ওজন হ্ৰাস হ'ব পাৰে। ৩. সঘনাই প্ৰস্ৰাৱ লগাঃ বৃক্কয়ে তেজত থকা ৰক্ত শৰ্কৰাৰ বেছিভাগ ফিল্টাৰ কৰিব নোৱাৰে, সেয়েহে এই শৰ্কৰা প্ৰস্ৰাৱৰ জৰিয়তে ওলাই আহে। অত্যধিক প্ৰস্ৰাৱৰ বাবেও শৰীৰত পানীৰ অভাৱ হ'ব পাৰে, যাৰ ফলত পিয়াহৰ অনুভৱ হয়। ৪. অত্যাধিক ভাগৰ আৰু মূৰৰ বিষ হোৱাঃ যদি আপুনি অত্যধিক ভাগৰ, মূৰৰ বিষ, অস্পষ্ট চকু আৰু দ্ৰুত হৃদস্পন্দনৰ দৰে সমস্যাৰ সন্মুখীন হৈছে, আপোনাৰ ৰক্ত শৰ্কৰাৰ স্তৰ পৰীক্ষা কৰাটো অত্যন্ত প্ৰয়োজন। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা