--°C
Loading...
Listen to Article
2 min read
80%

সকলো বয়সৰ লোকে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে খাব পাৰে ব্ৰাহ্মী

ডিজিটেল ডেস্কঃ মনৰ অস্থিৰতাৰ পৰা টোপনি নিয়ন্ত্ৰণ কৰালৈকে ব্ৰাহ্মীৰ আছে বহুতো লাভালাভ, যি ইয়াক আয়ুৰ্বেদত মানসিক স্বাস্থ্যৰ বাবে এক বিশেষ ঔষধৰ স্থান দিয়া হৈছে। কেৱল সেয়াই নহয়, আপোনাক চাপমুক্ত কৰিও ৰাখে ব্ৰাহ্মীয়ে। যদি ঘৰৰ শিশুৱে পঢ়িবলৈ মন নকৰে, পাহৰি যায় বা নতুন বস্তু শিকিবলৈ সময় লয়, তেন্তে ব্ৰাহ্মী আপোনাৰ পৰিয়ালৰ বাবে অতি উত্তম উপযোগী। ব্ৰাহ্মী ব্যৱহাৰৰ আছে বহুতো লাভালাভ- ১. ব্ৰাহ্মীয়ে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে যদি আপুনি পাহৰি যায় বা কিবা মনত ৰখাত সমস্যা হয়, ব্ৰাহ্মী ব্যৱহাৰৰ পৰা এই সমস্যাৰ সঠিক সমাধান পাব পাৰে। ২. আপুনি জানি আচৰিত হ'ব পাৰে, কিন্তু এয়া সঁচা যে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰা আৰু কৰ্কট কোষবোৰ বৃদ্ধি হোৱাত প্ৰতিহত কৰাৰ বাবে ব্ৰাহ্মী হৈছে এক অতি কাৰ্যকৰী ঔষধ। ৩. ডায়েবেটিছৰ দৰে মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰাতো ব্ৰাহ্মীৰ হৈছে অতুলনীয়। এই ঔষধে তেজৰ ভিতৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে আৰু ৰোগটো বৃদ্ধি হোৱাক প্ৰতিহত কৰে। ৪. শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আমাৰ সকলোৰে বাবে প্ৰয়োজনীয় ব্ৰাহ্মী, কিন্তু কৰ’না সংক্ৰমণৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে সকলোৰে মাজত যথেষ্ট সজাগতা বৃদ্ধি পাইছে। ব্ৰাহ্মীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু ইয়াক বজাই ৰখাত যথেষ্ট কাৰ্যকৰী গুণ আছে। ৫. যকৃত সম্পৰ্কীয় সমস্যা আঁতৰ কৰা আৰু যকৃত স্বাস্থ্যৱান কৰি ৰখাত ব্ৰাহ্মী কেপচুল অতি উপকাৰী। ৬. বৰ্ধিত বয়সৰ সৈতে আলঝেইমাৰৰ সমস্যাটো সচৰাচৰ বৃদ্ধি হয়। অৱশ্যে যদি চিকিৎসকৰ তত্বাৱধানত ব্ৰাহ্মী সময়মতে আৰম্ভ কৰা হয়, তেন্তে আলঝেইমাৰ ৰোগ পৰিহাৰ কৰিব পাৰি। ৭. এই ঔষধবিধে মৃগীৰোগ আৰু হাপানীৰ দৰে ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰে। ব্ৰাহ্মী ব্যৱহাৰৰ পদ্ধতি- ১. শাৰীৰিক আৰু মানসিক ৰোগ প্ৰতিৰোধ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ আহাৰ খোৱাৰ পিছত দিনত দুবাৰকৈ ব্ৰাহ্মী খোৱা উচিত। ২. এই কেপচুল বা চিৰাপ সাধাৰণতে গাখীৰেৰে গ্ৰহণ কৰা হয়। অৱশ্যে আপোনাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইয়াক সুবিধা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। ৩. চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও কোনো ঔষধ গ্ৰহণ কৰা উচিত নহয়। অন্যথা আপুনি লাভৰ পৰিৱৰ্তে লোকচানহে হ’ব পাৰে। ৪. গৰ্ভৱতী মহিলাসকলে ব্ৰাহ্মী সেৱনৰ পৰা বিৰত থাকিব লাগে। আনকি আপুনি কেঁচুৱাৱক স্তন্যপান কৰালেও ব্ৰাহ্মী গ্ৰহণ কৰিব নালাগে। ৫. চিকিৎসকৰ নিৰ্দেশনা অনুসৰিয়েই ইয়াক গ্ৰহণ কৰিব লাগে। ইয়াক অত্যধিক পৰিমাণে গ্ৰহণ কৰিলে মূৰ ঘূৰোৱা, মুৰৰ বিষ বা বমি আদি হ'ব পাৰে। BFC-new-banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ