--°C
Loading...
Listen to Article
2 min read
80%

সকলো বয়সৰ লোকে শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে খাব পাৰে ব্ৰাহ্মী

ডিজিটেল ডেস্কঃ মনৰ অস্থিৰতাৰ পৰা টোপনি নিয়ন্ত্ৰণ কৰালৈকে ব্ৰাহ্মীৰ আছে বহুতো লাভালাভ, যি ইয়াক আয়ুৰ্বেদত মানসিক স্বাস্থ্যৰ বাবে এক বিশেষ ঔষধৰ স্থান দিয়া হৈছে। কেৱল সেয়াই নহয়, আপোনাক চাপমুক্ত কৰিও ৰাখে ব্ৰাহ্মীয়ে। যদি ঘৰৰ শিশুৱে পঢ়িবলৈ মন নকৰে, পাহৰি যায় বা নতুন বস্তু শিকিবলৈ সময় লয়, তেন্তে ব্ৰাহ্মী আপোনাৰ পৰিয়ালৰ বাবে অতি উত্তম উপযোগী। ব্ৰাহ্মী ব্যৱহাৰৰ আছে বহুতো লাভালাভ- ১. ব্ৰাহ্মীয়ে স্মৃতিশক্তি বৃদ্ধি কৰাৰ লগতে যদি আপুনি পাহৰি যায় বা কিবা মনত ৰখাত সমস্যা হয়, ব্ৰাহ্মী ব্যৱহাৰৰ পৰা এই সমস্যাৰ সঠিক সমাধান পাব পাৰে। ২. আপুনি জানি আচৰিত হ'ব পাৰে, কিন্তু এয়া সঁচা যে কৰ্কট ৰোগৰ আশংকা হ্ৰাস কৰা আৰু কৰ্কট কোষবোৰ বৃদ্ধি হোৱাত প্ৰতিহত কৰাৰ বাবে ব্ৰাহ্মী হৈছে এক অতি কাৰ্যকৰী ঔষধ। ৩. ডায়েবেটিছৰ দৰে মাৰাত্মক ৰোগ নিয়ন্ত্ৰণ কৰাতো ব্ৰাহ্মীৰ হৈছে অতুলনীয়। এই ঔষধে তেজৰ ভিতৰত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণত ৰাখে আৰু ৰোগটো বৃদ্ধি হোৱাক প্ৰতিহত কৰে। ৪. শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে আমাৰ সকলোৰে বাবে প্ৰয়োজনীয় ব্ৰাহ্মী, কিন্তু কৰ’না সংক্ৰমণৰ পিছত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে সকলোৰে মাজত যথেষ্ট সজাগতা বৃদ্ধি পাইছে। ব্ৰাহ্মীয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰা আৰু ইয়াক বজাই ৰখাত যথেষ্ট কাৰ্যকৰী গুণ আছে। ৫. যকৃত সম্পৰ্কীয় সমস্যা আঁতৰ কৰা আৰু যকৃত স্বাস্থ্যৱান কৰি ৰখাত ব্ৰাহ্মী কেপচুল অতি উপকাৰী। ৬. বৰ্ধিত বয়সৰ সৈতে আলঝেইমাৰৰ সমস্যাটো সচৰাচৰ বৃদ্ধি হয়। অৱশ্যে যদি চিকিৎসকৰ তত্বাৱধানত ব্ৰাহ্মী সময়মতে আৰম্ভ কৰা হয়, তেন্তে আলঝেইমাৰ ৰোগ পৰিহাৰ কৰিব পাৰি। ৭. এই ঔষধবিধে মৃগীৰোগ আৰু হাপানীৰ দৰে ৰোগ সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰে। ব্ৰাহ্মী ব্যৱহাৰৰ পদ্ধতি- ১. শাৰীৰিক আৰু মানসিক ৰোগ প্ৰতিৰোধ আৰু স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ আহাৰ খোৱাৰ পিছত দিনত দুবাৰকৈ ব্ৰাহ্মী খোৱা উচিত। ২. এই কেপচুল বা চিৰাপ সাধাৰণতে গাখীৰেৰে গ্ৰহণ কৰা হয়। অৱশ্যে আপোনাৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত ইয়াক সুবিধা অনুসৰি ব্যৱহাৰ কৰিব পাৰে। ৩. চিকিৎসকৰ পৰামৰ্শ অবিহনে কেতিয়াও কোনো ঔষধ গ্ৰহণ কৰা উচিত নহয়। অন্যথা আপুনি লাভৰ পৰিৱৰ্তে লোকচানহে হ’ব পাৰে। ৪. গৰ্ভৱতী মহিলাসকলে ব্ৰাহ্মী সেৱনৰ পৰা বিৰত থাকিব লাগে। আনকি আপুনি কেঁচুৱাৱক স্তন্যপান কৰালেও ব্ৰাহ্মী গ্ৰহণ কৰিব নালাগে। ৫. চিকিৎসকৰ নিৰ্দেশনা অনুসৰিয়েই ইয়াক গ্ৰহণ কৰিব লাগে। ইয়াক অত্যধিক পৰিমাণে গ্ৰহণ কৰিলে মূৰ ঘূৰোৱা, মুৰৰ বিষ বা বমি আদি হ'ব পাৰে। BFC-new-banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
৪ বছৰত ২৫ হাজাৰ একৰ ভূমি বেদখলৰ পৰা মুক্ত হ’ল: মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
ত্রি-মুকুট অৰ্জনৰ দিশে পি এছ জি
অষ্ট্ৰেলিয়া ভ্ৰমণলৈ ভাৰতৰ মহিলা দল ঘোষণা ; অসমৰ উমা চেত্ৰীৰ স্থান লাভ
গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতাত দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী ল’ৰা-ছোৱালীৰ অংশগ্ৰহণ
গীতে-মাতে জীপাল হ'ল কুঠৰীস্থিত ড° ভূপেন হাজৰিকাৰ পৰিত্যক্ত বাসগৃহ
পিতৃৰ তিনিটাকৈ গুলীত ঢলি পৰিল উদীয়মান টেনিছ তাৰকা, কিন্তু কিয় সংঘটিত হ'ল এই ঘটনা ?
প্ৰটিন দেহত কমিলে নানা ক্ষতি হয়! জানি লওক সৱিশেষ
আত্মনিৰ্ভৰশীলতাৰ নিদৰ্শন দাঙি ধৰিলে ডিগবৈৰ পাঁচ গৰাকী উদ্যমী মহিলাই
আমেৰিকাৰ ছিকাগ’ত তিনিদিনীয়া বিশেষ কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে অসম অভিৱৰ্তন ২০২৫
এইবাৰ মহিলাই নেতৃত্ব দিব বিজেপিক, দক্ষিণৰ তিনিগৰাকী নেত্ৰীৰ নাম চৰ্চাত
বলীউডে সুশান্তৰ দৰে কাৰ্তিকক আঁতৰাবলৈ চেষ্টা কৰিছে! সংগীত পৰিচালক অমল মালিকৰ দাবী
আমেৰিকাত সোণ জিনিলে জামুগুৰিহাটৰ কন্দৰ্প বৰাই
৫০০০ কিল'মিটাৰ দূৰত্বৰ পৰা ছেটেলাইটৰ জৰিয়তে সম্পন্ন কৰিলে ৰ'বটিক ছাৰ্জাৰী
প্রধানমন্ত্রী মোদীক ট্ৰিনিডাড-টবেগোৰো সর্বোচ্চ সন্মান