--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাসায়নিক পদাৰ্থৰে ভৰা প্ৰসাধন সামগ্ৰীৰ সলনি হালধিৰে সৌন্দৰ্য্য চৰ্চাৰ কেইটামান টিপছ
 ডিজিটেল ডেস্কঃ  ঘৰৰ পিছপিনে অথবা বাৰীৰ চুকত থকা হালধি হাজা৩ৰ হাজাৰ বছৰ ধৰি পপ্ৰাকৃতিক মহৌষধ হিচাবে পৰিগণিত হৈ আহিছে। হালধি বিষ নিবাৰক হোৱাৰ লগতে অম্ল পিত্তকে ধৰি বহু ৰোগ দূৰ কৰাত ই সহায় কৰে। হালধি তেজ পৰিষ্কাৰকো।
 
ভাৰতীয় মানুহৰ দৈনন্দিন খাদ্যত হালধি সদায়  ব্যৱহাৰ হৈ আহিছে। বিবাহকাৰ্য সম্পাদনৰ পূৰ্বে দৰা-কইনাক গা ধুওৱাৰ পৰা বিহুতলৈকে হালধিৰ বহু ব্যৱহাৰ আমাৰ পৰম্পৰাৰ অংশ হিচাবে পৰিগণিত হৈ আহিছে।

১. শুকান ছালৰ সমস্যাঃহালধি ব্যৱহাৰ কৰি শুকান ছালৰ সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি। সাধাৰণতে  ৰ’দৰ তাপ, প্ৰতিকূল বতৰ, চাপ বা বেয়া অভ্যাসৰ বাবে ছাল শুকাই যাব পাৰে। এনে পৰিস্থিতিত আপুনি হালধি ব্যৱহাৰ কৰিব পাৰে। হালধি গুৰি, বেচন, নেমুৰ ৰস আৰু গাখীৰ এচামুচকৈ লৈ প্ৰথমে পে’ষ্ট বনাব। তাৰ পিছত পানীৰে তিয়াই মুখখনত দহ মিনিটৰ বাবে লগাই ৰাখিব। তাৰ পিছত মুখ খন কুহুমীয়া পানীৰে ধুই দিব।হালধি শালমইনা, বয়সৰ চাপ, চকুৰ গুৰি ক’লা পৰা ভাল কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

২. চকুৰ গুৰি ক’লা পৰা:- চকুৰ গুৰি ক’লা পৰাটো বহুতৰে বাবে এক সাধাৰণ কথা। বহু কাৰণত চকুৰ গুৰি ক'লা পৰিব পাৰে।চকুৰ গুৰি ক'লা পৰিলে এচামুচ হালধি গুৰি অলপ আনাৰসৰ ৰসৰ সৈতে মিলাই দহ মিনিটৰ বাবে চকুৰ গুৰিত লগাই ৰাখিব। পিছত ঠাণ্ডা পানীৰে ধুব।

৩. গোৰোহা ফটা:- বিভিন্ন কাৰণত  গোৰোহাত ফাট মেলিব পাৰে। এনে পৰিস্থিতিত  চাৰি চামুচ হালধিৰ গুৰিৰ সৈতে নিমপাতৰ মিশ্ৰণ কৰি গোৰোহাত লগাব পাৰে। মিশ্ৰণটো আধা ঘণ্টা সময় লগাই ৰাখি পিছত কুহুমীয়া পানীৰে ধুই দিব।

৪. চুলি সৰা:- আপোনাৰ যদি চুলি সৰিছে তেন্তে হালধিৰ ৰস খাওক। ই আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰিব আৰু চুলি গজাত সহায় কৰিব।

তাৰোপৰি হালধি গুৰি মৌ আৰু গাখীৰৰ সৈতে মিশ্ৰণ কৰি তালুত লগাব পাৰে। তেতিয়াও চুলি সৰাত উপশম পাব পাৰে।
৫. টোনাৰ:- কেঁচা গাখীৰৰ সৈতে গোলাপ জল আৰু হালধিৰ মিশ্ৰণেৰে আপুনি টোনাৰ ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে।
 নিতৌ পুৱা খালী পেটত হালধিৰ ৰস খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে নানান ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি