--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাসায়নিক পদাৰ্থৰে ভৰা প্ৰসাধন সামগ্ৰীৰ সলনি হালধিৰে সৌন্দৰ্য্য চৰ্চাৰ কেইটামান টিপছ
 ডিজিটেল ডেস্কঃ  ঘৰৰ পিছপিনে অথবা বাৰীৰ চুকত থকা হালধি হাজা৩ৰ হাজাৰ বছৰ ধৰি পপ্ৰাকৃতিক মহৌষধ হিচাবে পৰিগণিত হৈ আহিছে। হালধি বিষ নিবাৰক হোৱাৰ লগতে অম্ল পিত্তকে ধৰি বহু ৰোগ দূৰ কৰাত ই সহায় কৰে। হালধি তেজ পৰিষ্কাৰকো।
 
ভাৰতীয় মানুহৰ দৈনন্দিন খাদ্যত হালধি সদায়  ব্যৱহাৰ হৈ আহিছে। বিবাহকাৰ্য সম্পাদনৰ পূৰ্বে দৰা-কইনাক গা ধুওৱাৰ পৰা বিহুতলৈকে হালধিৰ বহু ব্যৱহাৰ আমাৰ পৰম্পৰাৰ অংশ হিচাবে পৰিগণিত হৈ আহিছে।

১. শুকান ছালৰ সমস্যাঃহালধি ব্যৱহাৰ কৰি শুকান ছালৰ সমস্যাৰ পৰা ৰক্ষা পৰিব পাৰি। সাধাৰণতে  ৰ’দৰ তাপ, প্ৰতিকূল বতৰ, চাপ বা বেয়া অভ্যাসৰ বাবে ছাল শুকাই যাব পাৰে। এনে পৰিস্থিতিত আপুনি হালধি ব্যৱহাৰ কৰিব পাৰে। হালধি গুৰি, বেচন, নেমুৰ ৰস আৰু গাখীৰ এচামুচকৈ লৈ প্ৰথমে পে’ষ্ট বনাব। তাৰ পিছত পানীৰে তিয়াই মুখখনত দহ মিনিটৰ বাবে লগাই ৰাখিব। তাৰ পিছত মুখ খন কুহুমীয়া পানীৰে ধুই দিব।হালধি শালমইনা, বয়সৰ চাপ, চকুৰ গুৰি ক’লা পৰা ভাল কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

২. চকুৰ গুৰি ক’লা পৰা:- চকুৰ গুৰি ক’লা পৰাটো বহুতৰে বাবে এক সাধাৰণ কথা। বহু কাৰণত চকুৰ গুৰি ক'লা পৰিব পাৰে।চকুৰ গুৰি ক'লা পৰিলে এচামুচ হালধি গুৰি অলপ আনাৰসৰ ৰসৰ সৈতে মিলাই দহ মিনিটৰ বাবে চকুৰ গুৰিত লগাই ৰাখিব। পিছত ঠাণ্ডা পানীৰে ধুব।

৩. গোৰোহা ফটা:- বিভিন্ন কাৰণত  গোৰোহাত ফাট মেলিব পাৰে। এনে পৰিস্থিতিত  চাৰি চামুচ হালধিৰ গুৰিৰ সৈতে নিমপাতৰ মিশ্ৰণ কৰি গোৰোহাত লগাব পাৰে। মিশ্ৰণটো আধা ঘণ্টা সময় লগাই ৰাখি পিছত কুহুমীয়া পানীৰে ধুই দিব।

৪. চুলি সৰা:- আপোনাৰ যদি চুলি সৰিছে তেন্তে হালধিৰ ৰস খাওক। ই আপোনাৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক শক্তিশালী কৰিব আৰু চুলি গজাত সহায় কৰিব।

তাৰোপৰি হালধি গুৰি মৌ আৰু গাখীৰৰ সৈতে মিশ্ৰণ কৰি তালুত লগাব পাৰে। তেতিয়াও চুলি সৰাত উপশম পাব পাৰে।
৫. টোনাৰ:- কেঁচা গাখীৰৰ সৈতে গোলাপ জল আৰু হালধিৰ মিশ্ৰণেৰে আপুনি টোনাৰ ঘৰতে প্ৰস্তুত কৰি ল’ব পাৰে।
 নিতৌ পুৱা খালী পেটত হালধিৰ ৰস খালে ছালৰ উজ্জ্বলতা বৃদ্ধি পোৱাৰ লগতে নানান ৰোগৰ পৰাও হাত সাৰি থাকিব পাৰি।





FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ