--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ মাহৰ পাছত সংবাদ মাধ্যমৰ আগত দেখা দিছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ পত্নী ৰি চোল জু৷ বুধবাৰে প্ৰায় পাঁচ মাহৰ পাছত দেখা গৈছিল ৰি চোল জুক৷ জানিব পৰা মতে, কৰ'না মহামাৰীৰ সময়ত শাসকীয় পৰিয়ালটোৱে সুৰক্ষাৰ স্বাৰ্থতে আতঁৰি থকা বুলি তথ্য প্ৰকাশিত হৈছে৷ চৰকাৰী কেচিএনএ সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি কিম আৰু ৰিয়ে ৰাজধানী পিয়ংইয়ংৰ মানচুদাই আৰ্ট থিয়েটাৰত চন্দ্ৰ নৱবৰ্ষৰ বন্ধ উদযাপন কৰি এক কলা প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল৷ তেওঁক শেষবাৰৰ বাবে ৯ ছেপ্টেম্বৰত ৰাজহুৱাভাৱে দেখা গৈছিল৷ দেশ প্ৰতিষ্ঠাৰ বাৰ্ষিকীত ৰিয়ে তেওঁৰ স্বামী কিমৰ সৈতে সূৰ্যৰ কুমচুজান প্ৰাসাদ পৰিদৰ্শন কৰিছিল৷ যি স্থানত কিমৰ স্বৰ্গীয় ককাদেউতা আৰু দেউতাকৰ সমাধি আছে। কিম তেওঁৰ পত্নী ৰি চোল জুৰ সৈতে থিয়েটাৰ প্ৰেক্ষাগৃহত উপস্থিত হোৱাৰ সময়তে স্বাগতম সংগীতে বিপুল আদৰণী জনাইছিল দৰ্শকে। উল্লেখ্য যে, কিম আৰু ৰিৰ তিনিটা সন্তান আছে বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ বিষয়ে ৰাজহুৱাভাৱে খুব কম জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু