--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেংছুই এতিয়া বহুতৰে জীৱন প্ৰণালীৰ অংগ হৈ পৰিছে৷  ফেংছুইৰ মতে কেকটাছ, বনছাইয়ে সৌভাগ্য কঢ়িয়াই নানে ৷ সেয়ে  সেইবোৰ ৰখাৰ স্থান সঠিক হ’ব লাগে৷ বনছাই, কেকটাছ আদিয়ে মানুহৰ মন সহজে আকৰ্ষণ কৰে। সমগ্ৰ বিশ্বতে সেয়ে  বনছাই, কেকটাছ আদি সজোৱা সামগ্ৰীৰ ভিতৰত এক অন্যতম সামগ্ৰী হিচাবে পৰিগণিত হৈছে। বিশ্বত সেয়ে  বনছাই, কেকটাছ আদিৰ বৃহৎ বজাৰ এখনো গঢ়ি উঠিছে।

আজিকালি ঘৰৰ ভিতৰত বহুতেই বনছাই, কেকটাছ আদি সজাই ৰাখে। বনছাই, কেকটাছ আদি সজাই ৰাখিলে ঘৰৰ সৌন্দৰ্য নিঃসন্দেহে বৃদ্ধি পায়। কিন্তু ফেংছুইৰ মতে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি সজাই ৰখাটো উচিত নহয়। বনছাই ,কেকটাছ আদিব পৰা অনবৰতে অশুভ শক্তি নির্গত হয়। 

কেকটাছ হৈছে কাঁইটীয়া। ই শুভশক্তিক বিনাশ কৰি অশুভ শক্তি এৰি দিয়ে। সেয়ে এনে কেকটাছ কেতিয়াও ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰৰ ভিতৰত কেকটাছ ৰাখিলে নানান ধৰণৰ দুৰ্ঘটনা, ব্যবসায়ত লোকচান, গৃহকন্দল আদি হ'ব পাৰে। একেদৰে বনছাই হৈছে বিকাশক বলপূর্বক বাধা দি ৰখাৰ প্ৰক্ৰিয়াৰ ফলত হোৱা সৃষ্টি। 

কোনো বৃহৎ গছ এজোপাক বিশেষ পদ্ধতিৰে সৰু গছৰ ৰূপতে ৰখা হয়। ইয়াৰ ফলত বিকাশৰ গতি স্তব্ধ হৈ পৰে। ই প্ৰকৃতিৰ নিয়ম বিৰুদ্ধ কথা। প্ৰকৃতিৰ নিয়মৰ বাহিৰলৈ গৈ প্ৰস্তুত কৰা বনছাই ঘৰৰ ভিতৰত ৰাখিলে নানান ধৰণৰ অপায়-অমংগল হ'ব পাৰে। 

বনছাই ঘৰৰ ভিতৰত ৰাখিলে ইয়াৰ পৰা নিৰ্গত হোৱা অশুভ শক্তিয়ে গৃহস্থৰ মানসিক অৱস্থা বিধ্বস্ত কৰি তুলিব পাৰে  । সেয়ে ঘৰৰ ভিতৰত কেতিয়াও বনছাই, কেকটাছ আদি ৰাখিব নালাগে বুলি ফেংছুইয়ে বিধান দি আহিছে। ফেংছুইৰ বিধান অনুসৰি কেকটাছ, বনচাই ৰাখিলে সুফল পোৱা যায়৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু