--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱা সাৰ পোৱাৰ লগে লগে আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে মুখৰ পৰা লেলাৱটি ওলায়। বহুতে ইয়াক ঘৃণ কৰে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে পুৱা লেলাৱটি ওলোৱাটো এটা স্বাভাৱিক কথা আৰু ই স্বাস্থ্যৰ বাবে উপকাৰী। এই বাহি মুখৰ লেলাৱটিত কেলচিয়াম, গ্লুক’জ, ছ’ডিয়াম আদি এন্টিবায়টিক গুণ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বাহি মুখৰ লেলাৱটিৰ উপকাৰিতা-

১. ডেন্টাল গাৰ্ডঃ-পুৱা বাহি লেলাৱটি দাঁতৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰে। ইয়াত ফছফেট ছ’ডিয়াম, পটাছিয়াম, কেলচিয়াম, গ্লুক’জ আৰু প্ৰ’টিন আদি গুণ থাকে, যিয়ে দাঁত শক্তিশালী কৰে। লেলাৱটিত থকা এন্টিবায়টিক গুণৰ বাবে দাঁতবোক বিষাক্ত সংক্ৰমণৰ পৰা ৰক্ষা কৰে, যাৰ বাবে দাঁতৰ সমস্যা সহজে নহয়। একপ্ৰকাৰে ই দাঁতৰ বাবে সুৰক্ষামূলক ঢাল হিচাপে কাম কৰে।

২. পেটৰ সমস্যা দূৰ কৰেঃ-পেটৰ সমস্যা আঁতৰোৱাত বাহি মুখৰ লেলাৱটি সহায়ক বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল-ইয়াত থকা টাইলিন নামৰ এনজাইমটো। যেতিয়া আমি পুৱা সাৰ পাই দৈনিক এগিলাচ পানী খাওঁ, তেতিয়া সেই লেলাৱটি পানীৰ লগত আমাৰ পেটলৈ যায়। ইয়াৰ লগতে টাইলিন নামৰ এনজাইমো পেটলৈ গৈ অন্ত্ৰ পৰিষ্কাৰ কৰে। ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা দূৰ হয়।

৩. দুৰ্গন্ধ নোহোৱা হৈ যায়ঃ-বাহি মুখৰ লেলাৱটি মুখৰ দুৰ্গন্ধত ভুগি থকা লোকৰ বাবে অতি উপকাৰী। দৰাচলতে আমি যেতিয়া খাদ্য খোৱাৰ পাছত মুখখন ভালদৰে নুধুলেই মুখত দুৰ্গন্ধ গঠন হ’বলৈ আৰম্ভ কৰে। জিভাই উৎপন্ন কৰা লেলাৱটি মুখৰ সংক্ৰমণ নাইকিয়া কৰি বেয়া গোন্ধ দূৰ কৰে। ইয়াৰ বাবে আমাৰ মুখৰ পৰা ওলোৱা বেয়া গোন্ধ কমি যায়।

৪. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ-যিসকলৰ চকুৰ দৃষ্টিশক্তি হ্ৰাস হৈছে, তেওঁলোকৰ বাবে বাহি মুখৰ লেলাৱটি বৰদানতকৈ কম নহয়। কোৱা হয় যে পুৱা কাজলৰ দৰে চকুত বাসি লেলাৱটি লগালে চকুৰ দৃষ্টিশক্তি বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে চকুৰ তলত ক’লা দাগ গঠন হোৱাটোও কমি যায়। চকুৰ বিষতো ই উপশম দিয়ে।

৫. ছালৰ সমস্যাত দূৰ কৰেঃ-পুৱা বাহি মুখৰ লেলাৱটিয়ে ছালৰ সমস্যা যেনে-ফোঁহা বা ৰিংৱৰ্মৰ দৰে সমস্যাত ভুগি থকা লোকৰ বাবে অতি উপকাৰী। বহুতে বিশ্বাস কৰে যে মুখত বাহি মুখৰ লেলাৱটি ফোঁহা আৰু পিম্পল নোহোৱা কৰে। শৰীৰৰ ঘাঁ ভাল কৰাৰ কামো কৰে। শৰীৰৰ খোলা হ’লে এই চিকিৎসা উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু