--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুৱা সাৰ পোৱাৰ লগে লগে আপুনি নিশ্চয় প্ৰায়ে দেখিছে যে মুখৰ পৰা লেলাৱটি ওলায়। বহুতে ইয়াক ঘৃণ কৰে। কিন্তু স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে পুৱা লেলাৱটি ওলোৱাটো এটা স্বাভাৱিক কথা আৰু ই স্বাস্থ্যৰ বাবে উপকাৰী। এই বাহি মুখৰ লেলাৱটিত কেলচিয়াম, গ্লুক’জ, ছ’ডিয়াম আদি এন্টিবায়টিক গুণ পোৱা যায়, যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।

 বাহি মুখৰ লেলাৱটিৰ উপকাৰিতা-

১. ডেন্টাল গাৰ্ডঃ-পুৱা বাহি লেলাৱটি দাঁতৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত কৰে। ইয়াত ফছফেট ছ’ডিয়াম, পটাছিয়াম, কেলচিয়াম, গ্লুক’জ আৰু প্ৰ’টিন আদি গুণ থাকে, যিয়ে দাঁত শক্তিশালী কৰে। লেলাৱটিত থকা এন্টিবায়টিক গুণৰ বাবে দাঁতবোক বিষাক্ত সংক্ৰমণৰ পৰা ৰক্ষা কৰে, যাৰ বাবে দাঁতৰ সমস্যা সহজে নহয়। একপ্ৰকাৰে ই দাঁতৰ বাবে সুৰক্ষামূলক ঢাল হিচাপে কাম কৰে।

২. পেটৰ সমস্যা দূৰ কৰেঃ-পেটৰ সমস্যা আঁতৰোৱাত বাহি মুখৰ লেলাৱটি সহায়ক বুলি গণ্য কৰা হয়। ইয়াৰ কাৰণ হ’ল-ইয়াত থকা টাইলিন নামৰ এনজাইমটো। যেতিয়া আমি পুৱা সাৰ পাই দৈনিক এগিলাচ পানী খাওঁ, তেতিয়া সেই লেলাৱটি পানীৰ লগত আমাৰ পেটলৈ যায়। ইয়াৰ লগতে টাইলিন নামৰ এনজাইমো পেটলৈ গৈ অন্ত্ৰ পৰিষ্কাৰ কৰে। ইয়াৰ ফলত পাচনতন্ত্ৰৰ সমস্যা দূৰ হয়।

৩. দুৰ্গন্ধ নোহোৱা হৈ যায়ঃ-বাহি মুখৰ লেলাৱটি মুখৰ দুৰ্গন্ধত ভুগি থকা লোকৰ বাবে অতি উপকাৰী। দৰাচলতে আমি যেতিয়া খাদ্য খোৱাৰ পাছত মুখখন ভালদৰে নুধুলেই মুখত দুৰ্গন্ধ গঠন হ’বলৈ আৰম্ভ কৰে। জিভাই উৎপন্ন কৰা লেলাৱটি মুখৰ সংক্ৰমণ নাইকিয়া কৰি বেয়া গোন্ধ দূৰ কৰে। ইয়াৰ বাবে আমাৰ মুখৰ পৰা ওলোৱা বেয়া গোন্ধ কমি যায়।

৪. চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰেঃ-যিসকলৰ চকুৰ দৃষ্টিশক্তি হ্ৰাস হৈছে, তেওঁলোকৰ বাবে বাহি মুখৰ লেলাৱটি বৰদানতকৈ কম নহয়। কোৱা হয় যে পুৱা কাজলৰ দৰে চকুত বাসি লেলাৱটি লগালে চকুৰ দৃষ্টিশক্তি বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ লগতে চকুৰ তলত ক’লা দাগ গঠন হোৱাটোও কমি যায়। চকুৰ বিষতো ই উপশম দিয়ে।

৫. ছালৰ সমস্যাত দূৰ কৰেঃ-পুৱা বাহি মুখৰ লেলাৱটিয়ে ছালৰ সমস্যা যেনে-ফোঁহা বা ৰিংৱৰ্মৰ দৰে সমস্যাত ভুগি থকা লোকৰ বাবে অতি উপকাৰী। বহুতে বিশ্বাস কৰে যে মুখত বাহি মুখৰ লেলাৱটি ফোঁহা আৰু পিম্পল নোহোৱা কৰে। শৰীৰৰ ঘাঁ ভাল কৰাৰ কামো কৰে। শৰীৰৰ খোলা হ’লে এই চিকিৎসা উপকাৰী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ