--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰণ বা একনে এটা সাধাৰণ ছালৰ অৱস্থা। মূলতঃ অতিৰিক্ত তেল, মৃত ছালৰ কোষ, বেক্টেৰিয়াৰ দৰে কাৰকৰ দ্বাৰা ই উদ্ভৱ হয়। 

শেহতীয়াকৈ প্ৰকাশিত এক তথ্যত ছালৰ বিশেষজ্ঞ ডাঃ গীতিকা মিট্টল গুপ্তাই ব্ৰণ আৰু আমাৰ দাঁত ব্ৰাছ কৰাৰ অভ্যাসৰ মাজত থকা এক সম্পৰ্কৰ কথা পোহৰলৈ আনিছে। 

তেওঁ বুজাইছে যে গা ধোৱাৰ পাছত দাঁত ব্ৰাছ কৰিলে ছাল ব্ৰেকআউট হ’ব পাৰে।

ডাঃ গুপ্তাৰ মতে, ''যেতিয়া আমি দাঁত ব্ৰাছ কৰো তেতিয়া আমাৰ মুখৰ পৰা আমাৰ ছাললৈ বেক্টেৰিয়া স্থানান্তৰিত হোৱাৰ সম্ভাৱনা বেছি। ব্ৰণৰ ৰোগ মূলতঃ অতিৰিক্ত তেল, মৃত ছালৰ কোষ, বেক্টেৰিয়াৰ দৰে কাৰকৰ বাবে হয়। আমাৰ দাঁত ব্ৰাছ কৰাৰ সময়ত বেক্টেৰিয়াবোৰ যথেষ্ট সঘনাই আমাৰ মুখৰ পৰা ছাললৈ স্থানান্তৰিত হয়, যাৰ ফলত ব্ৰেকআউট হয়। এই কাৰণেই গা ধোৱাৰ আগতে ব্ৰাছ কৰাটো ভাল।''

সেয়েহে বিশেষজ্ঞগৰাকীয়ে গা ধোৱাৰ আগতে দাঁত ব্ৰাছ কৰাৰ পৰামৰ্শ দিয়ে। যাৰ ফলত ছালৰ গুটি আৰু ব্ৰণৰ সম্ভাৱনা কম হয়।

বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে সামগ্ৰিকভাৱে ছালৰ স্বাস্থ্যৰ বাবে ভাল অভ্যাস বজাই ৰখাটো অতি প্ৰয়োজনীয়।

মুখখন স্পৰ্শ কৰাৰ আগতে বা যিকোনো সামগ্ৰী প্ৰয়োগ কৰাৰ আগতে হাত পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰক যাতে বেক্টেৰিয়াৰ সংক্ৰমণ কম হয়।

দাঁত ব্ৰাছ কৰাৰ পাছত মুখখন ভালদৰে ধুই টুথপেষ্টৰ বাকী থকা অৱশিষ্ট আঁতৰাব লাগে।

আৰু পঢ়ক : এই ২টা লক্ষণক গেছ-এচিডিটি বুলি ভাবি ভুল কেতিয়াও নকৰিব! 






FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ