--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰণ বা একনে এটা সাধাৰণ ছালৰ অৱস্থা। মূলতঃ অতিৰিক্ত তেল, মৃত ছালৰ কোষ, বেক্টেৰিয়াৰ দৰে কাৰকৰ দ্বাৰা ই উদ্ভৱ হয়। 

শেহতীয়াকৈ প্ৰকাশিত এক তথ্যত ছালৰ বিশেষজ্ঞ ডাঃ গীতিকা মিট্টল গুপ্তাই ব্ৰণ আৰু আমাৰ দাঁত ব্ৰাছ কৰাৰ অভ্যাসৰ মাজত থকা এক সম্পৰ্কৰ কথা পোহৰলৈ আনিছে। 

তেওঁ বুজাইছে যে গা ধোৱাৰ পাছত দাঁত ব্ৰাছ কৰিলে ছাল ব্ৰেকআউট হ’ব পাৰে।

ডাঃ গুপ্তাৰ মতে, ''যেতিয়া আমি দাঁত ব্ৰাছ কৰো তেতিয়া আমাৰ মুখৰ পৰা আমাৰ ছাললৈ বেক্টেৰিয়া স্থানান্তৰিত হোৱাৰ সম্ভাৱনা বেছি। ব্ৰণৰ ৰোগ মূলতঃ অতিৰিক্ত তেল, মৃত ছালৰ কোষ, বেক্টেৰিয়াৰ দৰে কাৰকৰ বাবে হয়। আমাৰ দাঁত ব্ৰাছ কৰাৰ সময়ত বেক্টেৰিয়াবোৰ যথেষ্ট সঘনাই আমাৰ মুখৰ পৰা ছাললৈ স্থানান্তৰিত হয়, যাৰ ফলত ব্ৰেকআউট হয়। এই কাৰণেই গা ধোৱাৰ আগতে ব্ৰাছ কৰাটো ভাল।''

সেয়েহে বিশেষজ্ঞগৰাকীয়ে গা ধোৱাৰ আগতে দাঁত ব্ৰাছ কৰাৰ পৰামৰ্শ দিয়ে। যাৰ ফলত ছালৰ গুটি আৰু ব্ৰণৰ সম্ভাৱনা কম হয়।

বিশেষজ্ঞগৰাকীয়ে লগতে কয় যে সামগ্ৰিকভাৱে ছালৰ স্বাস্থ্যৰ বাবে ভাল অভ্যাস বজাই ৰখাটো অতি প্ৰয়োজনীয়।

মুখখন স্পৰ্শ কৰাৰ আগতে বা যিকোনো সামগ্ৰী প্ৰয়োগ কৰাৰ আগতে হাত পৰিষ্কাৰ হোৱাটো নিশ্চিত কৰক যাতে বেক্টেৰিয়াৰ সংক্ৰমণ কম হয়।

দাঁত ব্ৰাছ কৰাৰ পাছত মুখখন ভালদৰে ধুই টুথপেষ্টৰ বাকী থকা অৱশিষ্ট আঁতৰাব লাগে।

আৰু পঢ়ক : এই ২টা লক্ষণক গেছ-এচিডিটি বুলি ভাবি ভুল কেতিয়াও নকৰিব! 






FOLLOW US F
POPULAR
FEATURE
TRENDY
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প