--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তদন্ত আৰু চিকিৎসাৰ সকলো ব্যৱস্থা থকাৰ পিছতো কেন্সাৰ আজিও ইমানেই ভয়ংকৰ ৰোগ হৈয়েই আছে, ইয়াৰ নাম শুনি মানুহ আতংকিত হৈ পৰে। শৰীৰৰ যিকোনো অংশত কৰ্কট ৰোগ হ’ব পাৰে। ইয়াৰ ভিতৰত লিভাৰৰ কেন্সাৰো আছে। আন ৰোগৰ দৰে লিভাৰৰ কৰ্কট ৰোগ হ’লে শৰীৰত কিছুমান অস্বাভাৱিক লক্ষণ দেখা দিবলৈ আৰম্ভ কৰে। চিকিৎসকে কয় যে যদি আমি আৰম্ভণিতে সেই লক্ষণবোৰ চিনি পাওঁ, তেন্তে আমি এই মাৰাত্মক ৰোগটোক সহজে পৰাস্ত কৰাত সফলতা লাভ কৰিব পাৰো। সেই লক্ষণবোৰ কি কি আৰু এই লিভাৰ কেন্সাৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

চিকিৎসকৰ মতে, লিভাৰৰ কৰ্কট ৰোগৰ লক্ষণসমূহ তাত থকা কিছুমান কোষৰ অস্বাভাৱিক বৃদ্ধিৰ বাবে আৰম্ভ হয়। আচলতে শৰীৰত কোষ গঠন আৰু ধ্বংস প্ৰক্ৰিয়া অবিৰতভাৱে চলি থাকে। কিন্তু কিছুমান কোষ যদি অস্বাভাৱিক আৰু দ্ৰুতগতিত বৃদ্ধি পায়, তেন্তে সেইবোৰ গোটা হৈ পৰে, যিবোৰে পিছলৈ কেন্সাৰৰ ৰূপ লয়। যদি লিভাৰত এনে এটা গোট গঠন হয়, তেন্তে ই লিভাৰৰ কেন্সাৰ ৰোগত পৰিণত হ’ব পাৰে।

কৰ্কট বিশেষজ্ঞৰ মতে লিভাৰৰ কেন্সাৰ ৰোগৰ ২টা প্ৰধান লক্ষণ আছে, সময়ত চিনাক্ত হ’লে এই ৰোগ জয় কৰিব পৰা যায়। ইয়াৰ ভিতৰত সকলো সময়তে বমি বা ওকালিৰ দৰে অনুভৱ হোৱা আৰু অলপ খালেই পেট ভৰ্তি হৈ যোৱাৰ দৰে অনুভৱ হোৱা। চিকিৎসকৰ মতে সাধাৰণতে এই লক্ষণ দুটাক মানুহে বদহজম বুলি গণ্য কৰে আৰু ইয়াৰ প্ৰতি বিশেষ গুৰুত্ব নিদিয়ে, কিন্তু তেনে কৰিলে বিপদজনক হ’ব পাৰে। যদি এই সমস্যা দীৰ্ঘদিন ধৰি চলি আছে, তেন্তে লিভাৰ বিশেষজ্ঞ চিকিৎসকক লগ কৰি পৰীক্ষা কৰিব লাগে।

চিকিৎসকৰ মতে যেতিয়া শৰীৰত Liver Cancer Symptoms দেখা দিয়ে তেতিয়া তেজত থকা কেলচিয়ামৰ পৰিমাণ বৃদ্ধি পায়। যাক হাইপাৰকেলচিয়াম বোলা হয়। এই অৱস্থাত শৰীৰত দুৰ্বলতা, বমি, বিভ্ৰান্তি বা পেশীৰ বিষ হ’ব পাৰে। পুৰুষৰ অণ্ডকোষৰ আকাৰ সংকুচিত হোৱা বা হঠাতে স্তনৰ আকাৰ বৃদ্ধি হোৱাটোও ইয়াৰ লক্ষণ হ’ব পাৰে। যেতিয়া লিভাৰৰ কেন্সাৰ বাঢ়িবলৈ আৰম্ভ কৰে, তেতিয়া ভুক্তভোগীৰ সকলো সময়তে ভাগৰুৱা আৰু অজ্ঞান হোৱাৰ সমস্যাও হ’ব পাৰে।

স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে যদি আপুনি কেইবাদিনো পেটত অসুবিধা অনুভৱ কৰি আছে বা আপোনাৰ পাচন শৈলীত কিছু পৰিৱৰ্তন অনুভৱ কৰে তেন্তে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। আপোনাৰ লক্ষণ দেখি চিকিৎসকে পেট আৰু লিভাৰৰ লগত জড়িত কিছুমান পৰীক্ষা কৰিবলৈ কয়। সেই পৰীক্ষাবোৰৰ পৰাই গম পোৱা যায় যে সেয়া স্বাভাৱিক গেছ-এচিডিটি বিষ নে লিভাৰ কেন্সাৰৰ ৰোগৰ লক্ষণ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰেম বিবাহৰ ৬ মাহ পাছতেই নিজৰ দেহত জুই লগাই আ*ত্ম*হ*ত্যা স্নেহাৰ! কৰ্মসূত্ৰে স্বামী আছিল বাহিৰত
‘সন্ত্ৰাসবাদ আৰু মেচ কেনেকৈ একেলগে চলিব পাৰে’, ভাৰত-পাকিস্তানৰ মেচক লৈ প্ৰশ্ন উত্থাপন AIMIMৰ
আয় বহির্ভূত সম্পত্তি!  মালিগাঁৱৰ সহকাৰী কাৰ্যবাহী অভিযন্তা প্ৰণৱ বৈশ্যৰ বিৰুদ্ধে গোচৰ ৰুজু CBIৰ
১৯৭৩ চনৰ বিমান হাইজেকত জড়িত নেপালৰ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কিৰ স্বামী
মুস্তাক খানৰ দুষ্কৰ্ম! ছ'চিয়েল মিডিয়াত ছোৱালীৰ নামত ফেক একাউণ্ট খুলি বহু পুৰুষক ব্লেকমেইল
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
যৌৱনে আমনি কৰে-২ৰ পোষ্টাৰ আৰু গীত মুকলি
এক আচৰিত ঘটনা, এগৰাকী প্ৰসূতিয়ে জন্ম দিলে ৫.২ কেজি ওজনৰ দেৱশিশু
দক্ষিণ ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৫ (SIIMA) ; শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ দখল আল্লু অৰ্জুন আৰু ৰশ্মিকা মান্দানাৰ
'পেন্টাগন'ৰ নতুন নাম 'যুদ্ধ দপ্তৰ' দিলে ট্রাম্পে
ভাৰত-আমেৰিকাৰ সম্পৰ্কক লৈ দুশ্চিন্তাৰ কোনো কাৰণ নাই: ট্রাম্প
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ