--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিকি আৰু কেটৰিনা কাঈফৰ মধুৰ সম্পৰ্কৰ কথা সকলোৱে জানে। ইয়াৰ মাজতে বিকিয়ে  কেতিয়াও কল্পনা নকৰা এটা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ’ল। সাংবাদিকে বিকিক সুধিলে- আপুনি কেটৰিনাক বিবাহ বিচ্ছেদ দিব নেকি? এনে প্ৰশ্নত বিব্ৰত হৈ পৰা  বিকিয়ে পিছে  সাংবাদিকজনক উপযুক্ত প্ৰত্যুত্তৰো দিলে।

বিকি কৌশল আৰু চাৰা আলী খানৰ নতুন ছবি 'জাৰা হাটকে জাৰা বাচকে'ৰ ট্ৰেইলাৰ সোমবাৰে মুক্তি দিয়া হৈছে। ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এজন সাংবাদিকে বিকিক সুধিছিল, "যদি আপুনি এজনী ভাল ছোৱালী পায়, তেন্তে আপুনি কেটৰিনাক বিবাহ বিচ্ছেদ দিব নেকি?" সাংবাদিকজনৰ পৰা এনে প্ৰশ্ন শুনি বিকি হতবাক হৈছিল। কিন্তু সেই প্ৰশ্নৰ  উত্তৰ দিবলৈ  বিকিক বেছি সময় নালাগিল।বিকিয়ে সাংবাদিকসকলক কয়, "মই ৰাতি ঘৰলৈ যাব লাগিব। কিন্তু মই কেৱল এয়াই ক'ব পাৰোঁ যে কেটৰিনা আৰু মই কেৱল এই জন্মৰ সৈতে সম্পৰ্কিত নহয়, পৰৱৰ্তী সাতটা জন্মৰ সৈতে সম্পৰ্কিত। '

উল্লেখ্য এইবাৰেই  প্ৰথম বাবে বিকি আৰু চাৰাই  একেলগে এখন ছবিৰ  বাবে ঘনিষ্ঠ হৈ পৰিছে। লক্ষ্মণ ইউটেকাৰে পৰিচালনা কৰা , 'জাৰা হাটকে জাৰা বাচকে'ত ছবিখনত কপিল আৰু চোমিয়াই অভিনয় কৰিছে। পংকজ ত্ৰিপাঠী হৈছে ইন্দোৰৰ এটা মধ্যবিত্ত পৰিয়ালৰ কাহিনীৰ মূল ব্যক্তি । ট্ৰেইলাৰটো তেওঁৰ কণ্ঠেৰেই আৰম্ভ হৈছে। কাহিনীটো দুটা ভাগত বিভক্ত।

প্ৰথম খণ্ডত, কপিল আৰু চোমিয়াৰ প্ৰেমকাহিনী দেখুওৱা হৈছে। তাৰ পিছত পাৰিবাৰিক জীৱন  আৰম্ভ হ'ল। আৰু তাতেই বিপদটো আহিল। তেোঁলোকৰ সম্পৰ্কটো বিবাহ বিচ্ছেদৰ পৰ্যায়লৈ গ’ল। কপিল আৰু চোমিয়াই আদালতৰ কাষ চাপিস। কিন্তু তেওঁলোকে সঁচাকৈয়ে অন্তৰৰ পৰাই "বিবাহ বিচ্ছেদ" বিচাৰে নেকি? প্ৰশ্নবোৰৰ উত্তৰ ২ জুনত দিয়া পোৱা যাব। ছবিখন সেই দিনাই  ছবিগৃহত মুক্তি দিয়া হ'ব।বিকিক ইয়াৰ পূৰ্বে  'অল মোষ্ট পিয়াৰ উইথ ডিজে মহব্বত'ত এটা কেমিঅ' চৰিত্ৰত দেখা গৈছিল। চাৰাই 'গেছলাইট'ত কৰা অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
আমৰ বাকলিৰ নানা গুণে আচৰিত কৰিব আপোনাক
ৰূপকোঁৱৰৰ স্মৃতিৰ নীৰৱ সাক্ষী: গহপুৰত আজিও সুৰক্ষিত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ঐতিহাসিক চকী
ৰূপালী পর্দাত জিলিকিব ‘অসীমত যাৰ হেৰাল সীমা’; কাঞ্চন বৰুৱাৰ কালজয়ী উপন্যাসৰ চিত্ৰৰূপ
মহাৰাষ্ট্ৰত অমানৱীয় ঘটনা; পিক পেলাবলৈ মানা কৰাত এজন বৃদ্ধক নিৰ্মমভাৱে মাৰপিট অটো চালকৰ
পশ্চিমবংগত চাঞ্চল্য! এখন বিদ্যালয়ৰ পৰা ১.৪৪ কোটি টকা জব্দ
মেঘালয়ত নতুন সাপৰ প্ৰজাতি আৱিষ্কাৰ, অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ গৱেষকৰ গুৰুত্বপূৰ্ণ ভূমিকা
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement