--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিকি আৰু কেটৰিনা কাঈফৰ মধুৰ সম্পৰ্কৰ কথা সকলোৱে জানে। ইয়াৰ মাজতে বিকিয়ে  কেতিয়াও কল্পনা নকৰা এটা প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হ’ল। সাংবাদিকে বিকিক সুধিলে- আপুনি কেটৰিনাক বিবাহ বিচ্ছেদ দিব নেকি? এনে প্ৰশ্নত বিব্ৰত হৈ পৰা  বিকিয়ে পিছে  সাংবাদিকজনক উপযুক্ত প্ৰত্যুত্তৰো দিলে।

বিকি কৌশল আৰু চাৰা আলী খানৰ নতুন ছবি 'জাৰা হাটকে জাৰা বাচকে'ৰ ট্ৰেইলাৰ সোমবাৰে মুক্তি দিয়া হৈছে। ট্ৰেইলাৰ মুকলি অনুষ্ঠানত এজন সাংবাদিকে বিকিক সুধিছিল, "যদি আপুনি এজনী ভাল ছোৱালী পায়, তেন্তে আপুনি কেটৰিনাক বিবাহ বিচ্ছেদ দিব নেকি?" সাংবাদিকজনৰ পৰা এনে প্ৰশ্ন শুনি বিকি হতবাক হৈছিল। কিন্তু সেই প্ৰশ্নৰ  উত্তৰ দিবলৈ  বিকিক বেছি সময় নালাগিল।বিকিয়ে সাংবাদিকসকলক কয়, "মই ৰাতি ঘৰলৈ যাব লাগিব। কিন্তু মই কেৱল এয়াই ক'ব পাৰোঁ যে কেটৰিনা আৰু মই কেৱল এই জন্মৰ সৈতে সম্পৰ্কিত নহয়, পৰৱৰ্তী সাতটা জন্মৰ সৈতে সম্পৰ্কিত। '

উল্লেখ্য এইবাৰেই  প্ৰথম বাবে বিকি আৰু চাৰাই  একেলগে এখন ছবিৰ  বাবে ঘনিষ্ঠ হৈ পৰিছে। লক্ষ্মণ ইউটেকাৰে পৰিচালনা কৰা , 'জাৰা হাটকে জাৰা বাচকে'ত ছবিখনত কপিল আৰু চোমিয়াই অভিনয় কৰিছে। পংকজ ত্ৰিপাঠী হৈছে ইন্দোৰৰ এটা মধ্যবিত্ত পৰিয়ালৰ কাহিনীৰ মূল ব্যক্তি । ট্ৰেইলাৰটো তেওঁৰ কণ্ঠেৰেই আৰম্ভ হৈছে। কাহিনীটো দুটা ভাগত বিভক্ত।

প্ৰথম খণ্ডত, কপিল আৰু চোমিয়াৰ প্ৰেমকাহিনী দেখুওৱা হৈছে। তাৰ পিছত পাৰিবাৰিক জীৱন  আৰম্ভ হ'ল। আৰু তাতেই বিপদটো আহিল। তেোঁলোকৰ সম্পৰ্কটো বিবাহ বিচ্ছেদৰ পৰ্যায়লৈ গ’ল। কপিল আৰু চোমিয়াই আদালতৰ কাষ চাপিস। কিন্তু তেওঁলোকে সঁচাকৈয়ে অন্তৰৰ পৰাই "বিবাহ বিচ্ছেদ" বিচাৰে নেকি? প্ৰশ্নবোৰৰ উত্তৰ ২ জুনত দিয়া পোৱা যাব। ছবিখন সেই দিনাই  ছবিগৃহত মুক্তি দিয়া হ'ব।বিকিক ইয়াৰ পূৰ্বে  'অল মোষ্ট পিয়াৰ উইথ ডিজে মহব্বত'ত এটা কেমিঅ' চৰিত্ৰত দেখা গৈছিল। চাৰাই 'গেছলাইট'ত কৰা অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছিল। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?