--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু গৌৰী। বলীউডৰ এক আদৰ্শ দম্পতী। কেতিয়াও কোনো জটিল বিতৰ্কত সোমাই পৰা নাই এহাল দম্পতী।  চেলিব্ৰেটীয়েই হওঁক বা সাধাৰণ পুৰুষেই হওঁক,বেছিভাগ বিবাহিত পুৰুষেই তেওঁলোকৰ পত্নীক অপল হ’লেও ভয় কৰে। শ্বাহৰুখকো ইয়াৰ ব্যতিক্ৰম নহয়। এই কথাৰ শেহতীয়াকৈ  প্ৰমাণো পোৱা গৈছে।

শ্বাহৰুখ খান সোমবাৰে গৌৰী খানৰ কফি টেবুল বুক উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল। তাত বিভিন্ন কথাৰ মাজতে  বলীউডৰ বাদশ্বাহে পত্নী  গৌৰীৰ বিষয়ে বহু কথাই  ক’লে। 
শ্বাহৰুখে কয় "গৌৰীৰ কিতাপখন পঢ়ি মই অতি উৎসাহিত বোধ কৰিব পাৰিম। মই জানিব বিচাৰো যে গৌৰীয়ে এই কিতাপখনত কোনো নতুন ডিজাইনৰ বিষয়ে লিখিছে নেকি। যদি আপুনি কিবা নতুন লিখে, মই গৌৰীক মোৰ নিজৰ কোঠাৰ বাবে তেনে ডিজাইন  কৰিবলৈ কম। "



কিতাপ উন্মোচন অনুষ্ঠানত ভাষণ দি শ্বাহৰুখে কয়, "গৌৰী গোটেই দিনটো অতি ব্যস্ত হৈ থাকে। অৱশ্যে, গৌৰীৰ মতে, আৰিয়ান গোটেই পৰিয়ালৰ আটাইতকৈ ব্যস্ত লোক, শ্বাহৰুখ বা গৌৰী নহয়’’। 

কিন্তু এনেদৰে কথা কৈ থকাৰ মাজতে শ্বাহৰুখে কিবা এটা প্ৰসংগত  গৌৰীৰ বয়সেই পাহৰি গ’ল। গৌৰীয়ে লগে লগে শ্বাহৰুখক কথা কোৱা ৰখাই দিলে। তেতিয়াহে  শ্বাহৰুখ আচল ঘটনাৰ ওৰ বিচাৰি পালে। পত্নীৰ খং উঠা বুলি জানি শ্বাহৰুখে কথাৰ সুৰ সলাই ক'লে, 'তোমাৰ বয়স কিমান গৌৰী, তোমাক দেখিলেতো  বয়সৰ কথা  একো মনলৈয়েই নাহে!’’ পত্নী গৌৰীৰ খং উঠা মুহূৰ্তত পৰিস্থিতিটো কেনেদৰে মোকাবিলা কৰিব লাগে সেয়া শ্বাহৰুখে ভালদৰেই আয়ত্ব কৰি পৰিবেশটো মধুৰ কৰি ৰাখিলে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু