--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানসিক ৰোগীসকলৰ বাবে এজন মানৱদৰদী চিকিৎসকে এক নতুন পদক্ষেপ লৈছে। মানসিক ৰোগত ভোগা লোকসকলৰ বাবে এটা বিবাহযোগ্য পাত্ৰীৰ সন্ধানসংক্ৰান্তীয় ৱেবছাইট সৃষ্টি কৰা হৈছে। নামটো দিয়া হৈছে 'মনো মেৰেজ'। আপুনি তাত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে আৰু মনৰ মানুহৰ সন্ধান লাভ কৰিব। www.manomarriage.com বুলি মাৰিলেই ৱেবচাইটটো খুলিব পাৰিব। 

যোৱা চল্লিশ বছৰ ধৰি মানসিক ৰোগীৰ চিকিৎসা কৰি আহিছে ড০ অবিনাশ যোশীয়ে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা চিকিৎসকগৰাকীয়ে ৱেবছাইটটো সৃষ্টি কৰিছে। কিয় ৱেবচাইটটো তেওঁ প্ৰস্তুত কৰিলে, সেই বিষয়ে সংবাদ সংস্থাক জনায়- "মানসিক ৰোগীসকলক দীৰ্ঘদিন ধৰি চিকিৎসা কৰি আহিছো। কিন্তু এই ৰোগীসকলে অলপ আৰোগ্য হোৱাৰ পিছত জীৱনসংগীও বিচাৰে। কিন্তু  মানসিক ৰোগীসকলে জীৱনসংগী বিচাৰি পোৱাটো সহজ নহয়। এইসমূহ ভাবিয়েই ৱেবচাইটটো তৈয়াৰ কৰা হৈছে।’’

অৱশ্যে 'মনো মেৰেজ' ৱেবছাইটটো নতুন নহয়। যোৱা তিনি বছৰ ধৰি চলি আছে ই। লাহে লাহে ইয়াৰ বাতৰি বিয়পি পৰিল। তিনি বছৰত ৩০০ জন লোকে অন্তৰ্ভূক্ত হৈছে। যিসকলে নাম ভৰ্তি কৰে তেওঁলোকৰ সকলো প্ৰশ্নৰ উত্তৰ চিকিৎসকে নিজেই দিয়ে। 

এই ৱেবছাইটত নামভৰ্তি কৰিবলৈ অৱশ্যেই মনোৰোগীসকলে চিকিৎসকৰ প্ৰমাণপত্ৰ আনিব লাগিব। যদি চিকিৎসকে ব্যক্তিজন কি 
 মানসিক ৰোগৰ পৰিস্থিতিত আছে সেই বিষয়ে লিখে, তেন্তে তেওঁৰ বিবাহৰ বিষয়টো আগুৱাই নিব পাৰি।

ৱেবছাইটত নামভৰ্তি কৰিবলৈ হ’লে ১৫০০ টকা জমা দিব লাগিব। তাৰ পিছত  আপুনি যিমান দিন বিচাৰে ৱেবচাইটটোত থাকিব পাৰিব। প্ৰস্তুতকৰ্তা ডাক্তৰ অবিনাশে কয়, "এইটো মোৰ ব্যৱসায়ৰ স্থান নহয়। গতিকে বেছি টকা লোৱা নহয়।’’

পঞ্জীয়নৰ পৰা সংগ্ৰহ কৰা ধন অবিনাশে নাগপুৰৰ 'এমআই মিউজিয়াম অফ ব্ৰেইন এণ্ড মাইণ্ড'লৈ প্ৰেৰণ কৰে। এই সংগ্ৰহালয়টো এটা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ জাননী জাৰি ট্ৰাম্পৰ
বিশ্বৰ বিভিন্ন দেশত ইৰানৰ অস্ত্র-শস্ত্ৰ নিৰ্মাণকাৰী কাৰখানা আছে
কলিয়াবৰৰ জখলাবন্ধা ৰে’লগে’টত গুলীচালনাৰ ঘটনা ; সন্দেহজনক বাহনলৈ আৰক্ষীৰ গুলি
ভাৰতীয় মহাকাশ, প্ৰতিৰক্ষা বিজ্ঞানীৰ দুটা গুৰুত্বপূৰ্ণ সম্পৰীক্ষা
বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত চোৰৰ সন্ত্ৰাস ! লুটি নিলে ইনভাৰ্টাৰ,বেটাৰী,পানী উঠোৱা মটৰ আৰু বৈদ্যুতিক তাঁৰ
অনিশ দয়াল সিঙক ভাৰতৰ উপ-ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা নিযুক্তি
সলনি হ'ব পাৰে GMCHৰ অধ্যক্ষ ; ডাঃ অচ্যুত বৈশ্যক শাস্তিমুলক বদলিৰ সম্ভাৱনা
৬ হাজাৰ ছাত্ৰৰ ভিছা বাতিল আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ
ৰাজ্যৰ বনাঞ্চলত উচ্ছেদক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ঐতিহাসিক ৰায়
আলমণ্ডৰ পৰা তৈয়াৰ কৰা গাখীৰ খোৱাটো কিমান উপকাৰী? জানি লওক সবিশেষ
নাম-কীৰ্তনেৰে মুখৰ ৰাজ্যৰ সত্ৰ-নামঘৰ, আৰম্ভ হ'ল পৱিত্ৰ ভাদ মাহ
২০ আগষ্টত 'চতিয়া দিৱস'ৰ প্ৰস্তুতি, ৰাজ্যিক স্বীকৃতিৰ পাছত প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে হ'ব উদযাপন
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ ভয়াৱহ খহনীয়া! মাইজানৰ বৃহৎ অংশ নিলে উটুৱায়
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল