--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানসিক ৰোগীসকলৰ বাবে এজন মানৱদৰদী চিকিৎসকে এক নতুন পদক্ষেপ লৈছে। মানসিক ৰোগত ভোগা লোকসকলৰ বাবে এটা বিবাহযোগ্য পাত্ৰীৰ সন্ধানসংক্ৰান্তীয় ৱেবছাইট সৃষ্টি কৰা হৈছে। নামটো দিয়া হৈছে 'মনো মেৰেজ'। আপুনি তাত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰে আৰু মনৰ মানুহৰ সন্ধান লাভ কৰিব। www.manomarriage.com বুলি মাৰিলেই ৱেবচাইটটো খুলিব পাৰিব। 

যোৱা চল্লিশ বছৰ ধৰি মানসিক ৰোগীৰ চিকিৎসা কৰি আহিছে ড০ অবিনাশ যোশীয়ে। মহাৰাষ্ট্ৰৰ নাগপুৰৰ বাসিন্দা চিকিৎসকগৰাকীয়ে ৱেবছাইটটো সৃষ্টি কৰিছে। কিয় ৱেবচাইটটো তেওঁ প্ৰস্তুত কৰিলে, সেই বিষয়ে সংবাদ সংস্থাক জনায়- "মানসিক ৰোগীসকলক দীৰ্ঘদিন ধৰি চিকিৎসা কৰি আহিছো। কিন্তু এই ৰোগীসকলে অলপ আৰোগ্য হোৱাৰ পিছত জীৱনসংগীও বিচাৰে। কিন্তু  মানসিক ৰোগীসকলে জীৱনসংগী বিচাৰি পোৱাটো সহজ নহয়। এইসমূহ ভাবিয়েই ৱেবচাইটটো তৈয়াৰ কৰা হৈছে।’’

অৱশ্যে 'মনো মেৰেজ' ৱেবছাইটটো নতুন নহয়। যোৱা তিনি বছৰ ধৰি চলি আছে ই। লাহে লাহে ইয়াৰ বাতৰি বিয়পি পৰিল। তিনি বছৰত ৩০০ জন লোকে অন্তৰ্ভূক্ত হৈছে। যিসকলে নাম ভৰ্তি কৰে তেওঁলোকৰ সকলো প্ৰশ্নৰ উত্তৰ চিকিৎসকে নিজেই দিয়ে। 

এই ৱেবছাইটত নামভৰ্তি কৰিবলৈ অৱশ্যেই মনোৰোগীসকলে চিকিৎসকৰ প্ৰমাণপত্ৰ আনিব লাগিব। যদি চিকিৎসকে ব্যক্তিজন কি 
 মানসিক ৰোগৰ পৰিস্থিতিত আছে সেই বিষয়ে লিখে, তেন্তে তেওঁৰ বিবাহৰ বিষয়টো আগুৱাই নিব পাৰি।

ৱেবছাইটত নামভৰ্তি কৰিবলৈ হ’লে ১৫০০ টকা জমা দিব লাগিব। তাৰ পিছত  আপুনি যিমান দিন বিচাৰে ৱেবচাইটটোত থাকিব পাৰিব। প্ৰস্তুতকৰ্তা ডাক্তৰ অবিনাশে কয়, "এইটো মোৰ ব্যৱসায়ৰ স্থান নহয়। গতিকে বেছি টকা লোৱা নহয়।’’

পঞ্জীয়নৰ পৰা সংগ্ৰহ কৰা ধন অবিনাশে নাগপুৰৰ 'এমআই মিউজিয়াম অফ ব্ৰেইন এণ্ড মাইণ্ড'লৈ প্ৰেৰণ কৰে। এই সংগ্ৰহালয়টো এটা ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement