--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস৷ এই শুভক্ষণত বহু তাৰকাই শ্বেয়াৰ কৰিছে ফটো৷ অভিনেত্ৰী কেটৰিনা কাইফেও ইনষ্টাগ্ৰামত তেওঁৰ ভগ্নীসকললৈ এখন আলোকচিত্ৰ পোষ্ট কৰিছে। তেওঁৰ ভগ্নী, অভিনেত্ৰী ইছাবেল কাইফেও শুভেচ্ছা জনাই কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। কেটৰিনাৰ আছে তিনিগৰাকী জ্যেষ্ঠ ভগ্নী, তিনিগৰাকী কনিষ্ট ভগ্নী আৰু এজন জ্যেষ্ঠ ভ্ৰাতৃ। ফটোখন পোষ্ট কৰি কেটৰিনাই শিৰোনাম লিখিছিল, 'আমি একেটা পৰিয়ালেই নাৰী #womensday #sisters৷ ফটোখনত কেটৰিনাক তেওঁৰ পাঁচগৰাকী ভগ্নীৰ সৈতে মাজত থিয় হৈ থকা দেখা গৈছে৷ ইছাবেলেও কেইখনমান ফটো পোষ্ট কৰি লিখিছিল, কঠিন সময় জয় কৰি নিজৰ জীৱন উপভোগ কৰা প্ৰতিগৰাকী মহিলালৈ নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো৷' ২০০৯ চনৰ এটা সাক্ষাৎকাৰত, কেটৰিনাই তেওঁৰ মাক চুজান টাৰ্কোটে কেনেদৰে তেওঁৰ সাতটা সন্তানক অকলে ডাঙৰ-দীঘল কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছিল। লগতে তেওঁ কৈছিল যে, 'যেতিয়া আমি বহুত সৰু আছিলোঁ তেতিয়া মোৰ মা-দেউতা পৃথক হৈছিল। আমাক মায়ে ডাঙৰ-দীঘল কৰিছিল৷ প্ৰতিগৰাকী নাৰী বাবে এইটো এটা কঠিন কাম আছিল৷ কিন্তু , মায়ে এই কামটো সুন্দৰভাৱে কৰিছিল।' তেওঁৰ মাতৃ তেওঁৰ অনুপ্ৰেৰণা আৰু বিশ্বাস বুলিও অবিহিত কৰিছিল৷ লগতে কয়, ' আমাৰ সপোনবোৰ জীয়াই ৰাখিবলৈ মোৰ মাতৃয়ে অহোপুৰুষাৰ্ধ কৰিছে৷' আবেগিক হৈ অভিনেত্ৰীগৰাকীয়ে এইবুলিও বৰ্ণনা কৰিছিল যে, 'আমাক সময়ে কঠিন কৰি তুলিছিল ৷' কলেজলৈ গৈ ডিগ্ৰী ল'বলৈ বা চিকিৎসক বা উকীল হ'বলৈ কেতিয়াও জোৰ কৰা নাছিল তেওঁলোকক। এতিয়া তেওঁলোক আটায়ে এজন সুপৰিচিত নাগৰিক। 'মোৰ এজন ভাই আছে। তেওঁ এজন পেছাদাৰী স্কিয়াৰ আৰু এজন শিল আৰোহী' বুলিও মন্তব্য কৰিছিল কেটৰিনাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান