--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আজি বিশ্বজুৰি পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস৷ এই শুভক্ষণত বহু তাৰকাই শ্বেয়াৰ কৰিছে ফটো৷ অভিনেত্ৰী কেটৰিনা কাইফেও ইনষ্টাগ্ৰামত তেওঁৰ ভগ্নীসকললৈ এখন আলোকচিত্ৰ পোষ্ট কৰিছে। তেওঁৰ ভগ্নী, অভিনেত্ৰী ইছাবেল কাইফেও শুভেচ্ছা জনাই কেইখনমান ফটো শ্বেয়াৰ কৰিছিল। কেটৰিনাৰ আছে তিনিগৰাকী জ্যেষ্ঠ ভগ্নী, তিনিগৰাকী কনিষ্ট ভগ্নী আৰু এজন জ্যেষ্ঠ ভ্ৰাতৃ। ফটোখন পোষ্ট কৰি কেটৰিনাই শিৰোনাম লিখিছিল, 'আমি একেটা পৰিয়ালেই নাৰী #womensday #sisters৷ ফটোখনত কেটৰিনাক তেওঁৰ পাঁচগৰাকী ভগ্নীৰ সৈতে মাজত থিয় হৈ থকা দেখা গৈছে৷ ইছাবেলেও কেইখনমান ফটো পোষ্ট কৰি লিখিছিল, কঠিন সময় জয় কৰি নিজৰ জীৱন উপভোগ কৰা প্ৰতিগৰাকী মহিলালৈ নাৰী দিৱসৰ শুভকামনা জ্ঞাপন কৰিলো৷' ২০০৯ চনৰ এটা সাক্ষাৎকাৰত, কেটৰিনাই তেওঁৰ মাক চুজান টাৰ্কোটে কেনেদৰে তেওঁৰ সাতটা সন্তানক অকলে ডাঙৰ-দীঘল কৰিছিল সেই বিষয়ে বৰ্ণনা কৰিছিল। লগতে তেওঁ কৈছিল যে, 'যেতিয়া আমি বহুত সৰু আছিলোঁ তেতিয়া মোৰ মা-দেউতা পৃথক হৈছিল। আমাক মায়ে ডাঙৰ-দীঘল কৰিছিল৷ প্ৰতিগৰাকী নাৰী বাবে এইটো এটা কঠিন কাম আছিল৷ কিন্তু , মায়ে এই কামটো সুন্দৰভাৱে কৰিছিল।' তেওঁৰ মাতৃ তেওঁৰ অনুপ্ৰেৰণা আৰু বিশ্বাস বুলিও অবিহিত কৰিছিল৷ লগতে কয়, ' আমাৰ সপোনবোৰ জীয়াই ৰাখিবলৈ মোৰ মাতৃয়ে অহোপুৰুষাৰ্ধ কৰিছে৷' আবেগিক হৈ অভিনেত্ৰীগৰাকীয়ে এইবুলিও বৰ্ণনা কৰিছিল যে, 'আমাক সময়ে কঠিন কৰি তুলিছিল ৷' কলেজলৈ গৈ ডিগ্ৰী ল'বলৈ বা চিকিৎসক বা উকীল হ'বলৈ কেতিয়াও জোৰ কৰা নাছিল তেওঁলোকক। এতিয়া তেওঁলোক আটায়ে এজন সুপৰিচিত নাগৰিক। 'মোৰ এজন ভাই আছে। তেওঁ এজন পেছাদাৰী স্কিয়াৰ আৰু এজন শিল আৰোহী' বুলিও মন্তব্য কৰিছিল কেটৰিনাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু