--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ আলৱাৰ জিলাৰ এক প্ৰেম কাহিনীয়ে সকলোতে চৰ্চা লাভ কৰিছে। কৰ’না মহামাৰীৰ সময়ত আলৱাৰৰ অৰুণ শৰ্মা আৰু ইউক্ৰেইনৰ কেটৰিনা কাত্যৰ মাজত সাক্ষাৎ হৈছিল। তাৰ পাছত লাহে লাহে দুয়োৰে মাজত বন্ধুত্ব গঢ় লৈ উঠিল। 

ৰাছিয়া-ইউক্ৰেইন যুদ্ধত দুয়োৰে মাজক প্ৰেম গঢ় লৈ উঠিল। ৪৫০০ কিলোমিটাৰ দূৰৈৰ ইউক্ৰেইনৰ পৰা আলৱাৰলৈ অৰুণ শৰ্মাৰ লগত বিয়াত বহিবলৈ আহিল কেটৰিনা। ২০২৩ চনৰ ৭ ফেব্ৰুৱাৰীত দুয়োৰে বিয়া হয়। তেওঁলোকৰ বিবাহত ভাৰত আৰু ইউক্ৰেইনৰ উপৰিও ইণ্ডোনেছিয়া, ইৰাণ, জাৰ্মানী, ইজিপ্ত, তুৰস্ক, ডুবাই আদিৰ পৰাও অতিথি আহিছিল।

আই আই টিৰ ব্যৱসায়ী অৰুণ শৰ্মাই কয় যে তেওঁ মূলতঃ আলৱাৰৰ বাসিন্দা। তেওঁৰ ফিনটেক কোম্পানীটোৰ কাৰ্যালয় ইস্তানবুলত। তালৈ যাবলৈ ইউক্ৰেইনৰ মাজেৰে যাবলগীয়া হ’ল৷ আগতে তেওঁ ইউক্ৰেইনতো আছিল। কৰনাৰ তৃতীয় ঢৌত ২০২১ চনত ইউক্ৰেইনত ১৫ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লগা হৈছিল অৰুণ শৰ্মা।

কোৱাৰেণ্টাইনৰ সময়ছোৱাতেই অৰুণে ইউক্ৰেইনত ইভেণ্ট মেনেজমেণ্ট কোম্পানী চলোৱা কেটৰিনা কাত্যক লগ পাইছিল। ইফালে যেতিয়া ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ আৰম্ভ হৈছিল তেতিয়া কেটৰিনাৰ পৰিয়ালটোও যুদ্ধৰ ক্ষতিগ্ৰস্ত অঞ্চলত আবদ্ধ হৈ পৰিছিল। অৰুণে কেটৰিনাৰ পৰিয়ালক সহায় কৰি নিৰাপদে ইস্তানবুললৈ লৈ আহে। তেতিয়া দুয়ো দুয়োৰে প্ৰেমত পৰিল।

অৰুণ আৰু কেটৰিনাই যেতিয়া তেওঁলোকৰ সম্পৰ্কৰ কথা আত্মীয়ক ক’লে, সকলোৱে তেওঁলোকৰ বিয়াৰ বাবে সাজু হ’ল। মাত্ৰ তিনিমাহ আগতে কেটৰিনা আলৱাৰলৈ আহিছিল। ইয়াত তেওঁ অৰুণৰ পৰিয়াল আৰু সংস্কৃতিক বুজি লবলৈ চেষ্টা কৰিছিল আৰু ৭ ফেব্ৰুৱাৰীত দুয়োৰে বিয়া হৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক