--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আপুনি আপোনাৰ স্বাস্থ্যক লৈ কিমান সজাগ ? যদি সজাগ তেন্তে বাৰিষা কালত বৰ্জন কৰক এই ৭বিধ খাদ্য বৰ্জন কৰক। কাৰণ বাৰিষা মানেই বৰষুণ আৰু বৰষুণৰ বতৰত মনটো স্বাভাৱিকতে উল্লাসিত হৈ পৰে। কিন্তু এই সময়ত জ্বৰ-ঠাণ্ডা-কাহো স্থায়ী হৈ থাকে খাদ্যৰ প্ৰতি গুৰুত্ব নিদিলে ভিন ভিন ৰোগত ভুগিব পাৰে। এই বতৰত কিছুমান খাদ্য খোৱা স্বাস্থ্যৰ বাবে অপকাৰী তথা উচিত নহয় ই আপোনাক দুৰাৰোগ্য ৰোগলৈ ঠেলি দিব পাৰে।

১) কচুঃ-ৰঙা বা কচুথুৰী বাৰিষা খাব নালাগে। বাৰিষা বতৰত বেক্টেৰিয়া আৰু ভেঁকুৰৰ সংক্ৰমণৰ তীব্ৰ আশংকা থাকে। শাক-পাচলিৰ পাততো পোক-পৰুৱা থাকিব পাৰে। ইয়াৰ ফলত পেটৰ বিষ হোৱাৰ প্ৰচুৰ সম্ভাৱনা থাকে

২) কাঠফুলাঃ-কাঠফুলা বাৰিষা খাব নালাগে, কাৰণ বাৰিষা কালত মাটিত গজা কাঠফুলাৰ পৰা ভেঁকুৰৰ সংক্ৰমণৰ আশংকা থাকে।

৩) দৈঃ-বাৰিষা কালত দুগ্ধজাত সামগ্ৰী বিশেষকৈ দৈ খাব নালাগে দৈয়ে বেক্টেৰিয়াৰ পৰিমাণ বৃদ্ধি কৰে। ফলস্বৰূপে পেটৰ বিষ হোৱাৰ সম্ভাৱনা থাকে।

৪) মাছঃ-বাৰিষা কালত মাছ আৰু অন্যান্য সাগৰীয় প্ৰাণীৰ প্ৰজনন বতৰ। তদুপৰি বাৰিষা কালত মাছবোৰ আৱৰ্জনাত থাকে। এনে মাছ খাদ্য হিচাপে গ্ৰহণ কৰিলে বিষাক্ত হোৱাৰ সম্ভাৱনা থাকে।

৫) ৰঙা মাংসঃ-বাৰিষা কালত মানুহৰ ৰঙা মাংসৰ হজম ক্ষমতা দুৰ্বল হয়, যাৰ বাবে মানুহে এনে খাদ্য হজম কৰিব নোৱাৰি পেটৰ সমস্যাত ভোগে। সেইবাবেই ৰঙা মাংস খোৱাৰ পৰা বিৰত থাকিব লাগে।

৬)ষ্ট্ৰীটফুডঃ-ষ্ট্ৰীটফুড খোৱাৰ ফলত বিভিন্ন সময়ত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা যায়। ডাক্তৰে কয় যে বাৰিষাৰ সময়ত মুকলি ঠাইৰ ফলমূল আৰু খাদ্য খোৱা উচিত নহয়, কাৰণ বৰষুণৰ লগত বিভিন্ন ধৰণৰ বীজাণু থাকে যি স্বাস্থ্যৰ বাবে অপকাৰী।

৭) চালাড:-বিশেষজ্ঞসকলে বাৰিষাৰ সময়ত চালাডটো খোৱা নিষিদ্ধ কৰিছে। আচলতে বাৰিষা কালত কেঁচা শাক-পাচলি খোৱা উচিত নহয় কাৰণ ইয়াত বিভিন্ন ধৰণৰ পোক-পৰুৱা আৰু বেক্টেৰিয়া থাকিব পাৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ