--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিভ্ৰান্তিকৰ' বিজ্ঞাপন গোচৰত অৱশেষত যোগ গুৰু ৰামদেৱ  উচ্চতম ন্যায়ালয়ত হাজিৰ হ’বলগীয়া হ’ল।  আদালতত উপস্থিত হৈ ৰামদেৱে  পতঞ্জলিৰ 'বিভ্ৰান্তিকৰ' বিজ্ঞাপনৰ বাবে চৰ্তহীন ক্ষমা বিচাৰে। আদালতত ক্ষমা বিচাৰিও অৱশ্যে নিস্তাৰ নাপালে ৰামদেৱে।  মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰামদেৱ আৰু তেওঁৰ সহায়ক বালকৃষ্ণক ভৰ্ৎসনা কৰি কয়, "আপোনালোকে  সহনশীলতাৰ সীমা অতিক্ৰম কৰিছে। সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰক।  

উল্লেখ্য পতঞ্জলীয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম  ন্যায়ালয়ে কৈছিল যে মিছা তথ্য থকা বিজ্ঞাপন প্ৰচাৰ কৰিলে ১ কোটি টকালৈকে জৰিমনা  ভৰিব লাগিব।  পতঞ্জলিৰ বিজ্ঞাপনক লৈ  ন্যায়ালয়ে মন্তব্য কৰে, "চৰকাৰ অন্ধভাৱে বহি আছে। এয়া  অতি দুৰ্ভাগ্যজনক। চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব। ’’উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰামদেৱৰ কোম্পানীটোক জাননী জাৰি কৰিছিল।  জাননীখনত ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালনা সঞ্চালক আচাৰ্য বালকৃষ্ণক উচ্চতম ন্যায়ালয়ত হাজিৰ হ'বলৈ আৰু "চৰ্তহীন ক্ষমা বিচাৰিবলৈ" কোৱা হৈছিল।

 তাৰ পিছত  কোম্পানীটোৰ দুয়োগৰাকী মুৰব্বীয়ে  উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে  ক্ষমা বিচাৰে। ৰামদেৱে মঙলবাৰে উচ্চতম ন্যায়ালয়ত হাজিৰ হয়  আৰু ক্ষমা বিচাৰে। যোগ গুৰুজনৰ অধিবক্তাই  কয়  "আমি এক চৰ্তহীন ক্ষমা বিচাৰিছো। তেওঁ (বাবা ৰামদেৱ) ব্যক্তিগতভাৱে ক্ষমা বিচাৰিবলৈ ইয়ালৈ আহিছে। ’’  ইয়াৰ পাছতো ৰামদেৱে আদালতৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়। বিচাৰকসকলে মন্তব্য কৰে  যে  ৰামদেৱে সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে। তেওঁ সকলো সীমা অতিক্ৰম কৰিছে...।

ৰামদেৱৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ চলি আছে। কোভিড মহামাৰীৰ সময়ত যোগ গুৰুজনে কৰোনাৰ চিকিৎসাত এলোপেথিৰ ব্যৱহাৰ সম্পৰ্কে কেইবাটাও নেতিবাচক মন্তব্য কৰিছিল। তেওঁ চিকিৎসকসকলকো তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত আইএমএই  কেইবাখনো ৰাজ্যত এজাহাৰ দাখিল কৰিছিল। যোগ গুৰুজনে সকলো অভিযোগৰ তদন্তৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ