--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ 'বিভ্ৰান্তিকৰ' বিজ্ঞাপন গোচৰত অৱশেষত যোগ গুৰু ৰামদেৱ  উচ্চতম ন্যায়ালয়ত হাজিৰ হ’বলগীয়া হ’ল।  আদালতত উপস্থিত হৈ ৰামদেৱে  পতঞ্জলিৰ 'বিভ্ৰান্তিকৰ' বিজ্ঞাপনৰ বাবে চৰ্তহীন ক্ষমা বিচাৰে। আদালতত ক্ষমা বিচাৰিও অৱশ্যে নিস্তাৰ নাপালে ৰামদেৱে।  মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে ৰামদেৱ আৰু তেওঁৰ সহায়ক বালকৃষ্ণক ভৰ্ৎসনা কৰি কয়, "আপোনালোকে  সহনশীলতাৰ সীমা অতিক্ৰম কৰিছে। সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰক।  

উল্লেখ্য পতঞ্জলীয়ে বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বাবে কেইবাবাৰো উচ্চতম ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হৈছে। যোৱা বছৰৰ নৱেম্বৰ মাহত উচ্চতম  ন্যায়ালয়ে কৈছিল যে মিছা তথ্য থকা বিজ্ঞাপন প্ৰচাৰ কৰিলে ১ কোটি টকালৈকে জৰিমনা  ভৰিব লাগিব।  পতঞ্জলিৰ বিজ্ঞাপনক লৈ  ন্যায়ালয়ে মন্তব্য কৰে, "চৰকাৰ অন্ধভাৱে বহি আছে। এয়া  অতি দুৰ্ভাগ্যজনক। চৰকাৰে দ্ৰুততাৰে কাম কৰিব লাগিব। ’’উচ্চতম ন্যায়ালয়ে ইতিমধ্যে ৰামদেৱৰ কোম্পানীটোক জাননী জাৰি কৰিছিল।  জাননীখনত ৰামদেৱ আৰু পতঞ্জলিৰ পৰিচালনা সঞ্চালক আচাৰ্য বালকৃষ্ণক উচ্চতম ন্যায়ালয়ত হাজিৰ হ'বলৈ আৰু "চৰ্তহীন ক্ষমা বিচাৰিবলৈ" কোৱা হৈছিল।

 তাৰ পিছত  কোম্পানীটোৰ দুয়োগৰাকী মুৰব্বীয়ে  উচ্চতম ন্যায়ালয়ত উপস্থিত হৈ বিভ্ৰান্তিকৰ বিজ্ঞাপন প্ৰকাশ কৰাৰ বাবে  ক্ষমা বিচাৰে। ৰামদেৱে মঙলবাৰে উচ্চতম ন্যায়ালয়ত হাজিৰ হয়  আৰু ক্ষমা বিচাৰে। যোগ গুৰুজনৰ অধিবক্তাই  কয়  "আমি এক চৰ্তহীন ক্ষমা বিচাৰিছো। তেওঁ (বাবা ৰামদেৱ) ব্যক্তিগতভাৱে ক্ষমা বিচাৰিবলৈ ইয়ালৈ আহিছে। ’’  ইয়াৰ পাছতো ৰামদেৱে আদালতৰ তীব্ৰ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হয়। বিচাৰকসকলে মন্তব্য কৰে  যে  ৰামদেৱে সমগ্ৰ দেশৰ ওচৰত ক্ষমা বিচাৰিব লাগে। তেওঁ সকলো সীমা অতিক্ৰম কৰিছে...।

ৰামদেৱৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাটাও গোচৰ চলি আছে। কোভিড মহামাৰীৰ সময়ত যোগ গুৰুজনে কৰোনাৰ চিকিৎসাত এলোপেথিৰ ব্যৱহাৰ সম্পৰ্কে কেইবাটাও নেতিবাচক মন্তব্য কৰিছিল। তেওঁ চিকিৎসকসকলকো তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ পিছত আইএমএই  কেইবাখনো ৰাজ্যত এজাহাৰ দাখিল কৰিছিল। যোগ গুৰুজনে সকলো অভিযোগৰ তদন্তৰ ওপৰত স্থগিতাদেশ বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু