--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দেহজনক পৰিস্থিতিত এগৰাকী বোৱাৰীৰ মৃত্যু। যৌতুক দাবী পূৰণ নোহোৱাত শহুৰৰ পৰিয়ালে হত্যা কৰা বুলি অভিযোগ কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে। মৃতকৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে স্বামী, শহুৰেক, শাহুৱেক, ভনীয়েক আৰু দুজন ভায়েকৰ বিৰুদ্ধে যৌতুকৰ গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে স্বামী আৰু শহুৰেকক। এই ঘটনা নয়ডাৰ।

দিল্লীৰ বাসিন্দা কৰিশ্মাই ২০২২ চনৰ ৪ ডিচেম্বৰত খেদা চৌগানপুৰৰ বাসিন্দা বিকাশৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কৰিশ্মাৰ ভাতৃ দীপকে কয় যে বিবাহত যৌতুক হিচাপে গাড়ী আৰু সোণকে ধৰি অন্যান্য মূল্যৱান সামগ্ৰীৰ লগতে ১১ লাখ টকা দিয়া হৈছিল। ইয়াৰ পিছতো স্বামীগৃহ সুখী নাছিল। তেওঁলোকৰ দাবী আছিল এখন ফৰ্চুনাৰ গাড়ী আৰু ২১ লাখ টকা। ইফালে কৰিশ্মাই কন্যা সন্তান জন্ম দিলে। যাৰ কাৰণে তেওঁক স্বামীগৃহই বেছিকৈ হাৰাশাস্তি কৰিবলৈ ধৰিলে।

কৰিশ্মাৰ পৰিয়ালৰ লোকে কেইবাবাৰো গাঁৱলৈ আহি সমাজৰ মানুহক মাতি পঞ্চায়ত পাতিছিল। লগতে বিষয়টো সমাধানৰ চেষ্টা কৰিছিল। ইয়াৰ বাবে কৰিশ্মাৰ স্বামীগৃহক ১০ লাখ টকা দিয়া হৈছিল কিন্তু তেওঁলোকৰ যৌতুক দাবী পূৰণ নহ’ল।

আৰক্ষীক দিয়া এজাহাৰত কৰিশ্মাৰ ভাতৃ দীপকে অভিযোগ কৰিছে যে যোৱা ২৯ মাৰ্চত কৰিশ্মাই ডাঙৰ ভগ্নীক ফোন কৰি কয় যে তেওঁক স্বামী, শাহুৱেক, শহুৰেক, ননদ আৰু বৰজনাকে মাৰপিট কৰিছে। ইয়াৰ পিছত যেতিয়া দীপক আৰু তেওঁৰ পৰিয়ালে সেই স্থানত উপস্থিত হ’ল, তেতিয়া তেওঁলোকে গম পালে যে কৰিশ্মাক ইতিমধ্যে তেওঁলোকে হত্যা কৰিছে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত দিল্লীৰ জগতপুৰ গাঁৱত কৰিশ্মাৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হয়।

ভাতৃ দীপকৰ এজাহাৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে স্বামী বিকাশ আৰু শহুৰেক সোমপাল ভাটীক। আন অভিযুক্তক জেৰা চলাই থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু