--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সন্দেহজনক পৰিস্থিতিত এগৰাকী বোৱাৰীৰ মৃত্যু। যৌতুক দাবী পূৰণ নোহোৱাত শহুৰৰ পৰিয়ালে হত্যা কৰা বুলি অভিযোগ কৰিছে বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে। মৃতকৰ ভাতৃৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে স্বামী, শহুৰেক, শাহুৱেক, ভনীয়েক আৰু দুজন ভায়েকৰ বিৰুদ্ধে যৌতুকৰ গোচৰ ৰুজু কৰা হৈছে। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে স্বামী আৰু শহুৰেকক। এই ঘটনা নয়ডাৰ।

দিল্লীৰ বাসিন্দা কৰিশ্মাই ২০২২ চনৰ ৪ ডিচেম্বৰত খেদা চৌগানপুৰৰ বাসিন্দা বিকাশৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। কৰিশ্মাৰ ভাতৃ দীপকে কয় যে বিবাহত যৌতুক হিচাপে গাড়ী আৰু সোণকে ধৰি অন্যান্য মূল্যৱান সামগ্ৰীৰ লগতে ১১ লাখ টকা দিয়া হৈছিল। ইয়াৰ পিছতো স্বামীগৃহ সুখী নাছিল। তেওঁলোকৰ দাবী আছিল এখন ফৰ্চুনাৰ গাড়ী আৰু ২১ লাখ টকা। ইফালে কৰিশ্মাই কন্যা সন্তান জন্ম দিলে। যাৰ কাৰণে তেওঁক স্বামীগৃহই বেছিকৈ হাৰাশাস্তি কৰিবলৈ ধৰিলে।

কৰিশ্মাৰ পৰিয়ালৰ লোকে কেইবাবাৰো গাঁৱলৈ আহি সমাজৰ মানুহক মাতি পঞ্চায়ত পাতিছিল। লগতে বিষয়টো সমাধানৰ চেষ্টা কৰিছিল। ইয়াৰ বাবে কৰিশ্মাৰ স্বামীগৃহক ১০ লাখ টকা দিয়া হৈছিল কিন্তু তেওঁলোকৰ যৌতুক দাবী পূৰণ নহ’ল।

আৰক্ষীক দিয়া এজাহাৰত কৰিশ্মাৰ ভাতৃ দীপকে অভিযোগ কৰিছে যে যোৱা ২৯ মাৰ্চত কৰিশ্মাই ডাঙৰ ভগ্নীক ফোন কৰি কয় যে তেওঁক স্বামী, শাহুৱেক, শহুৰেক, ননদ আৰু বৰজনাকে মাৰপিট কৰিছে। ইয়াৰ পিছত যেতিয়া দীপক আৰু তেওঁৰ পৰিয়ালে সেই স্থানত উপস্থিত হ’ল, তেতিয়া তেওঁলোকে গম পালে যে কৰিশ্মাক ইতিমধ্যে তেওঁলোকে হত্যা কৰিছে। মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ অন্তত দিল্লীৰ জগতপুৰ গাঁৱত কৰিশ্মাৰ অন্তিম ৰীতি-নীতি সম্পন্ন কৰা হয়।

ভাতৃ দীপকৰ এজাহাৰত আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিছে স্বামী বিকাশ আৰু শহুৰেক সোমপাল ভাটীক। আন অভিযুক্তক জেৰা চলাই থকা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ