--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমি পাৰ্টিৰ আহ্বায়ক অৰবিন্দ কেজৰিৱালক তিহাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। দিল্লীৰ কথিত সুৰা নীতি কেলেংকাৰিৰ সৈতে জড়িত ধন সৰবৰাহৰ গোচৰত দোষী সাব্যস্ত হৈছে কেজৰিৱাল। এতিয়া কেজৰিৱালৰ ঠিকনা তিহাৰ জে’ল নম্বৰ ২।

আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজন, কুখ্যাত গেংষ্টাৰ নীৰজ বাৱানা আৰু সন্ত্ৰাসবাদী জিয়াউৰ ৰেহমানৰ সৈতে একেখন জে’লতে বন্দী হৈ আছে কেজৰিৱাল।

আচলতে দোষী সাব্যস্ত হোৱা কয়দীক ২ নং তিহাৰ কাৰাগাৰত ৰখা হয়। অৰ্থাৎ সেই বন্দীজন, যাক আদালতে কোনো এটা গোচৰত দোষী সাব্যস্ত কৰিছে তেওঁক তাত বন্দী কৰি ৰখা হয়। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালকো এই ২ নম্বৰ কাৰাগাৰত ৰখা হৈছে। তদন্তকাৰী সংস্থা বলবৎকাৰী সঞ্চালকালয়ে যোৱা ২১ মাৰ্চত কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল। ১০ দিনৰ জিম্মাত থকাৰ পিছত সোমবাৰে কেজৰিৱালক ৰাউছ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়, য’ৰ পৰা তেওঁক ১৫ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়।

তথ্য মতে, অৰবিন্দ কেজৰিৱাল বন্দী হৈ থকা ২ নং তিহাৰ জেলত সম্প্ৰতি আণ্ডাৰৱৰ্ল্ড ডন ছোটা ৰাজন বন্দী হৈ আছে। ইণ্ডোনেছিয়াৰ পৰা বিতাড়িত হোৱা দাউদ ইব্ৰাহিমৰ ঘোৰ শত্ৰু ছোটা ৰাজনৰ ঠিকনা এতিয়া তিহাৰ জে’ল। মুম্বাইৰ এগৰাকী সাংবাদিকৰ হত্যাকাণ্ডত দোষী সাব্যস্ত হৈছে ছোটা ৰাজন।

ছোটা ৰাজনৰ উপৰিও কুখ্যাত গেংষ্টাৰ নীৰজ বাৱানাকো জেল-২ নম্বৰৰ হাই ৰিস্ক ৱাৰ্ডত ৰখা হৈছে। দিল্লীত বাৱনাৰ বিৰুদ্ধে কেইবাটাও হত্যাকাণ্ডৰ গোচৰ ৰুজু হৈছে। নীৰজ বাৱনাৰ বিৰুদ্ধেও NIA ৰ গোচৰ ৰুজু হৈছে। ইয়াৰ উপৰিও এজন কুখ্যাত সন্ত্ৰাসবাদী জিয়াউৰ ৰহমানকো ২ নম্বৰ কাৰাগাৰত ৰখা হৈছে, তেওঁকো হাই ৰিস্ক ৱাৰ্ডত ৰখা হৈছে।

বাহুবলী নেতা তথা বিহাৰৰ ছিৱানৰ ডন চাহাবুদ্দিনকো ২ নম্বৰ কাৰাগাৰত বন্দী কৰি ৰখা হৈছিল। কৰ’না কালত চাহাবুদ্দিনৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক দীনদয়াল উপাধ্যায় চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

তিহাৰ জেলৰ সূত্ৰই জনোৱা মতে, কেজৰিৱালক অতি নিৰাপদ স্থানত ৰখা হৈছে। আন কয়দীসকলে তেওঁলোকৰ লগত মিলিব নোৱাৰে। ইয়াত চিচিটিভিৰ চোৰাংচোৱাগিৰি আছে আৰু কঠোৰ নিৰাপত্তা বজাই ৰখা হৈছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ