--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পৃথিৱীবাসী ইতিমধ্যে বহুকেইখন যুদ্ধৰ সাক্ষী হৈছে৷ আৰু এই যুদ্ধসমূহক অধিক ভয়াৱহ কৰি তুলিছে কিছুমান যুদ্ধত ব্যৱহৃত অস্ত্ৰই৷ প্ৰযুক্তিৰ উন্নতিৰৰ লগে -লগে যুদ্ধৰ ফলত হোৱা ক্ষয়-ক্ষতি বৃদ্ধি পাইছে৷ শেহতীয়াকৈ চৰ্চিত হৈছে তেনে এক বিধ্বংসীকাৰী বোমা ডাৰ্টি বোমাৰ বিষয়ে৷ 
এই  মলিন বোমা হৈছে এক প্ৰকাৰৰ বিস্ফোৰক যিয়ে তেজস্ক্ৰীয় পদাৰ্থ বিক্ষিপ্ত কৰিবলৈ প্ৰচলিত বিস্ফোৰক পদাৰ্থ ব্যৱহাৰ কৰে। মলিন বোমা বনাবলৈ সহজ আৰু ই ব্যয়বহুল নহয়৷

ৰাছিয়াআৰু  ইউক্ৰেইনৰ মাজত হোৱা যুদ্ধত এই বোমা ব্যৱহাৰৰ কথা পোহৰলৈ আহিছে৷ দুইখন দেশৰ মাজত অস্থিৰতা বৃদ্ধি কৰিবলৈ এই বোমা ব্যৱহাৰ কৰাৰ কথাও পোহৰলৈ আহিছে৷  প্ৰতিৰক্ষা মন্ত্ৰী ছাৰ্গেই শ্বোইগুৱে তেওঁৰ ব্ৰিটেইনৰ বিৰোধীক উদ্দেশ্যি মন্তব্য কৰে যে  যে তেওঁ কিভৰ সম্ভাৱ্য উত্তেজনাক লৈ ডাৰ্টি বোমাৰ ব্যৱহাৰৰ সৈতে জড়িত চিন্তিত। কিন্তু শ্বোইগু বা ৰাছিয়াই তেওঁলোকৰ দাবীৰ সমৰ্থনত কোনো প্ৰমাণ দাখিল কৰা নাই।

আনহাতে বিশ্বশান্তিৰ ধাৰণাক বিকৃত কৰি ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে মন্তব্য দিয়ে  যে বিশ্বই ‘Dirty Bomb’ৰ বাবে সাজু হ’ব লাগে, যিবোৰ প্ৰকৃততে ৰাছিয়াই ব্যৱহাৰ কৰি আছে।

গতানুগতিক পাৰমাণৱিক অস্ত্ৰতকৈ ডাৰ্টি বোমা কিছু পৃথক৷জানিব পৰা মতে,  সাধাৰণতে কাকো হত্যা কৰিব পৰাকৈ শক্তিশালী নহয় ডাৰ্টি বোমা। এই বোমা বিস্ফোৰণৰ নিচেই কাষতি থকা লোকৰ মৃত্যু হ’ব পাৰে বা আঘাতপ্ৰাপ্ত হ’ব পাৰে৷কিন্তু পাৰমানৱিক বোমাৰ  বিস্ফোৰণৰ তুলনাত এই বোমাৰ বিস্ফোৰণ কিছু দুৰ্বল৷ 



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক