--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বৰ বহু ইছসামিক দেশত এতিয়া হিজাবৰ বিৰুদ্ধে তীব্ৰ প্ৰতিৰোধ গা কৰি উঠিছে। বিশেষকৈ ইৰানত তেনে প্ৰতিবাদে তুংগত আৰোহণ কৰিছে। ইৰানৰ এগৰাকী যুৱতী মেৰীয়ে ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত ইৰাণ এৰিবলৈ বাধ্য হৈছিল। তেওঁ বৰ্তমান আমেৰিকাত আছে। মাহশা আমিনীৰ মৃত্যুৰ পিছত মেৰীয়ে ইৰাণৰ শেহতীয়া ঘটনাৱলী দেখি সংবাদ মাধ্যমৰ আগত মুখ খুলিছে।

মেৰী মহম্মদীৰ জন্ম ইৰাণৰ এটা মুছলমান পৰিয়ালত হৈছিল। পিছত তেওঁ নিজৰ ধৰ্ম সলনি কৰে। মেৰীয়ে ইছলাম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰে। তেতিয়াৰে পৰা দেশৰ মাটিত তেওঁৰ জীৱনবিন্ন  হৈ পৰিছিল।
 তেওঁ কোনো দ্বিধা নকৰাকৈ দেশৰ মাটিত কি সহ্য কৰিব লগা হৈছিল সেয়া সংবৈাদ মাধ্যমৰ আগত ব্যক্ত কৰিছে।

মেৰীয়ে দাবী কৰিছিল যে ২০২০ চনত আৰক্ষীয়ে তেওঁক হিজাব সঠিকভাৱে পৰিধান নকৰাৰ "অপৰাধ"ৰ বাবে গ্ৰেপ্তাৰ কৰিছিল। তেওঁক তেহৰাণৰ ওচৰৰ এটা ডিটেনচন চেণ্টাৰত ৰখা হৈছিল।মেৰীয়ে অভিযোগ কৰিছে যে তেওঁক  ডিটেনচন কেম্পত  দেহৰ কাপোৰ খুলিবলৈ বাধ্য কৰোৱা হৈছিল। অৱশ্যে তেতিয়া তাত  মহিলা আৰক্ষী আছিল। তেওঁ প্ৰশাসনৰ ভূমিকাক তীব্ৰ গৰিহণা দিছে।

মেৰীয়ে অভিযোগ কৰিছিল যে ইৰাণৰ কৰ্তৃপক্ষই ছোৱালীক দমন কৰিবলৈ যৌন নিৰ্যাতনৰ আশ্ৰয় লৈছে। মহিলাসকলক বিভিন্ন ধৰণে ভাবুকি দিয়া হয়। প্ৰতিবাদৰ কণ্ঠস্বৰ দমন কৰিবলৈ ইৰাণ চৰকাৰৰ এইটো কৌশল।

ইৰাণত অ-মুছলমান ছোৱালীয়েও মুছলমান ছোৱালীৰ সৈতে হিজাব পিন্ধিব লাগিব। এইটো দেশৰ আইনৰ অধীনত থকা  বাধ্যতামূলক। আনকি মেৰীয়ে নিজৰ ধৰ্ম সলনি কৰাৰ পাছতো তেওঁ হিজাব পিন্ধিব লগীয়া হৈছিল আৰু তাইৰ মূৰ আৰু শৰীৰৰ বাকী অংশ ঢাকি ৰাখিবলগীয়া হৈছিল।

২৪ বছৰীয়া ইৰানী যুৱতীগৰাকীয়ে  কৈকয়  যে তেওঁ ২০১৯ চনত এখন বাছত তেহৰাণলৈ যাত্ৰা কৰি আছিল। গৰম অনুভৱ হোৱাৰ বাবে তেওঁ হিজাবটো মূৰৰ পৰা অলপ আঁতৰাই দিছিল। লগে লগে এগৰাকী হিজাব পৰিহিত মহিলা তেওঁৰ ওচৰলৈ আহিছিল। তেওঁ মেৰীক তাইৰ মূৰটো কাপোৰেৰে ঢাকিবলৈ কৈছিল।

কিন্তু ছোৱালীজনীয়ে অজ্ঞাত মহিলাগৰাকীৰ  এনে কথাত সন্মত হোৱা নাছিল। তেওঁ বাছখনত তেওঁৰ সৈতে তৰ্ক কৰিছিল। মহিলাগৰাকীয়ে আনকি তেওঁক আক্ৰমণ কৰিছিল বুলিও অভিযোগ কৰা হৈছে। মাৰৰ কোবত মেৰীৰ মুখ ফাটি গৈছিল।

তেওঁ ন্যায় বিচাৰি ৰক্তাক্ত  মুখেৰে  আৰক্ষী চকীলৈ গৈছিল। কিন্তু এইটো অভিযোগ কৰা হৈছে যে আৰক্ষীয়ে তেওঁৰ কথা শুনা নাছিল। তেওঁৰ অভিযোগ গ্ৰহণ কৰা হোৱা নাছিল। অভিযুক্ত মহিলাগৰাকীক মুকলি কৰাৰ পিছত মেৰীক আৰক্ষী চকীত আটক কৰা হৈছিল।ইয়াৰ পিছতে তেওঁক বিহা হৈছিল ’যৌন শাস্তি’।মেৰীৰ এনে স্বীকাৰোক্তিয়ে এতিয়া বিশ্বত জোকাৰণি তুলিছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক