--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : গ্ৰীষ্ম অহাৰ লগে লগে বিভিন্ন ফলমূলে বজাৰ ভৰি পৰা আমি দেখা পাওঁ। ইয়াৰ ভিতৰত লিচু অন্যতম, যিটো সকলো বয়সৰ লোকে খাবলৈ ভালপায়। এই ফল কেৱল সোৱাদযুক্তই নহয়, বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰে সমৃদ্ধ। যিহেতু লিচুৰ সোৱাদ মিঠা, সেয়েহে ইয়াক আইচক্ৰীম, ৰসকে ধৰি বহু কামত ব্যৱহাৰ কৰা হয়। স্বাস্থ্যৰ বাবে বহু উপকাৰী উপাদান লিচুত পোৱা যায়। সেয়েহে এই ফলবিধ কি কি গুণেৰে সমৃদ্ধ জানো আহক।

 লিচুৰ পৰা আমাৰ শৰীৰে কি কি উপাদান লাভ কৰে-

১) হজম শক্তিত সহায় কৰে :-লিচুত প্ৰদাহ নিবাৰণকাৰী গুণ পোৱা যায়, যিয়ে পাচনত বহু সহায় কৰে। লিচুক আঁহৰ ভাল উৎস বুলিও গণ্য কৰা হয়। সেয়েহে পেটৰ লগত জড়িত যিকোনো সমস্যা আঁতৰ কৰাৰ উপৰি কোষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়াত সহায় কৰে।

২) ৰক্তচাপ নিয়ন্ত্ৰণ :-আজি সময়ৰ বৃহৎসংখ্যক লোক উচ্চ ৰক্তচাপৰ সমস্যাত আক্ৰান্ত। কিন্তু লিচুত এনে বহু গুণ পোৱা যায়, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণৰ কাম কৰিব পাৰে। কাৰণ লিচুত যথেষ্ট পৰিমাণৰ পটাছিয়াম পোৱা যায়, যিয়ে ৰক্তচাপ সুস্থিৰ কৰি ৰখাত সহায় কৰে।

৩) এন্টিঅক্সিডেণ্ট :-লিচুত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট থাকে। আমাৰ শৰীৰৰ ক্ষতিকাৰক ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাৰ কাম কৰে। লিচি এনেকুৱা এবিধ ফল, যাক এন্টিঅক্সিডেন্টৰ ভাল উৎস বুলি গণ্য কৰা হয়। লিচুৱে ডায়েবেটিছ আৰু এন্টিঅক্সিডেন্ট ষ্ট্ৰেছ প্ৰতিৰোধ কৰাত সহায় কৰাৰ লগতে হৃদযন্ত্ৰক সুস্থ কৰি ৰখাত সহায় কৰে।

৪) ইমিউনিটি বৃদ্ধি কৰে :-লিচুৱে প্ৰাকৃতিক প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। এইখিনি খালে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াৰ উপৰি লিচুত ভিটামিন-চিৰ এটা ভাল উৎস, যিয়ে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰখাত ডাঙৰ ভূমিকা পালন কৰে।

৫) ছাল আৰু চুলিৰ বাবে উপকাৰী :-লিচুত প্ৰচুৰ পৰিমাণে ভিটামিন-ই থাকে। যিয়ে ছাল আৰু চুলি সুস্থ আৰু উজ্জ্বল কৰি তোলাত সহায় কৰে। ভিটামিন-ই য়ে ৰ’দত পোৰা আৰু ছালৰ প্ৰদাহ নিৰাময় কৰিব পাৰে। লিচুতো তাম থাকে, যিয়ে চুলিৰ বৃদ্ধিত সহায় কৰিব পাৰে।

















FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে