--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আমাৰ ডিঙিৰ আগফালে থকা পখিলা আকৃতিৰ গ্ৰন্থিটোক থাইৰয়ড বোলা হয়। এই গ্ৰন্থিবোৰে নিঃসৰণ কৰা থাইৰয়ড হৰমনে মানুহৰ বৃদ্ধি, বিকাশ, শাৰীৰিক আৰু বিপাকীয় প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া এজন ব্যক্তিৰ থাইৰয়ডে এই গুৰুত্বপূৰ্ণ হৰমনবোৰ কম বা বেছিকৈ প্ৰস্তুত কৰে, তেতিয়াই এজন ব্যক্তি থাইৰয়ডৰ সমস্যাত আক্ৰান্ত হয়।

হাইপোথাইৰয়ডিজম, থাইৰয়ডাইটিছ আৰু হাছিমছ থাইৰয়ডাইটিছ আদি বিভিন্ন ধৰণৰ থাইৰয়ড ৰোগত কোনো ব্যক্তি আক্ৰান্ত হোৱা দেখা যায়। আজিকালি এই থাইৰয়ড ৰোগৰ প্ৰাদুৰ্ভাৱ অত্যধিক হৈ পৰা পৰিলক্ষিত হৈছে। থাইৰয়ডত আক্ৰান্ত ৰোগীৰ আন বহুতো লক্ষণৰ লগতে ভাগৰুৱা, চুলি সৰা, ওজন বৃদ্ধি, ঠাণ্ডা অনুভৱ কৰা, নিৰাশ অনুভৱ কৰা আদি সমস্যাত ভুগি থাকে। থাইৰয়ডে বিশ্বৰ ১-২% লোকক আক্ৰান্ত কৰে আৰু পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত আক্ৰান্তৰ পৰিমাণ ১০গুণ বেছি৷

কেৱল খাদ্যই থাইৰয়ডে নিৰাময় কৰিব নোৱাৰে। কিন্তু সঠিক পুষ্টিকৰ উপাদান আৰু ঔষধৰ সংমিশ্ৰণে থাইৰয়ডৰ কাৰ্যক্ষমতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে আৰু লক্ষণসমূহো কম কৰিব পাৰে।

কোনবোৰ খাদ্য থাইৰয়ডৰ বাবে উত্তম জানো আহক--

১) শাক-পাচলি খাব লাগে: প্ৰতিদিনে এবাতি সিজোৱা শাক-পাচলি খাব লাগে। সেউজীয়া শাক-পাচলিত কেলচিয়াম, এন্টি-অক্সিডেন্ট, খনিজ আদি একাধিক মৌল থাকে। তদুপৰি প্ৰতিদিনে ১ বজাত বতৰৰ ফল খালে হৰমনৰ মাত্ৰা ঠিক হৈ থাকে যাৰ ফলত থাইৰয়ডো নিয়ন্ত্ৰণত থাকে।

২) আলমণ্ডত চেলেনিয়াম নামৰ এবিধ পদাৰ্থ থাকে, যিটো এবিধ উপকাৰী প্ৰটিন। সেয়েহে থাইৰয়ড ৰোগীয়ে দিনটোত এমুঠি বাদাম খালে থাইৰয়ড গ্ৰন্থি উন্নীত হয়৷

৩) দিনটোত এটাকৈ কণী খাব লাগে। ইয়াত টাইৰচিন, আয়ডিন আৰু চেলেনিয়াম থাকে, যিয়ে থাইৰয়ড হ্ৰাস কৰে।

৪) বগা ভাতৰ সলনি ব্ৰাউন ৰাইচ খাব লাগে। ইয়াত কাৰ্বহাইড্ৰেট থাকে, যিয়ে থাইৰয়ডৰ সমস্যা দূৰ কৰাত সহায় কৰে৷

৫) থাইৰয়ড ৰোগীৰ বাবে ওমেগা থ্ৰি ফেটি এচিড অতি প্ৰয়োজনীয়।  গতিকে ছালমন মাছ খাব লাগে। আন যিকোনো সাগৰীয় মাছো খাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক