--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: আমাৰ ডিঙিৰ আগফালে থকা পখিলা আকৃতিৰ গ্ৰন্থিটোক থাইৰয়ড বোলা হয়। এই গ্ৰন্থিবোৰে নিঃসৰণ কৰা থাইৰয়ড হৰম’নে মানুহৰ বৃদ্ধি, বিকাশ, শাৰীৰিক আৰু বিপাকীয় প্ৰক্ৰিয়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। যেতিয়া এজন ব্যক্তিৰ থাইৰয়ডে এই গুৰুত্বপূৰ্ণ হৰম’নবোৰ কম বা বেছিকৈ প্ৰস্তুত কৰে, তেতিয়াই এজন ব্যক্তি থাইৰয়ডৰ সমস্যাত আক্ৰান্ত হয়।

হাইপোথাইৰয়ডিজম, থাইৰয়ডাইটিছ আৰু হাছিম’ট’ছ থাইৰয়ডাইটিছ আদি বিভিন্ন ধৰণৰ থাইৰয়ড ৰোগত কোনো ব্যক্তি আক্ৰান্ত হোৱা দেখা যায়। আজিকালি এই থাইৰয়ড ৰোগৰ প্ৰাদুৰ্ভাৱ অত্যধিক হৈ পৰা পৰিলক্ষিত হৈছে। থাইৰয়ডত আক্ৰান্ত ৰোগীৰ আন বহুতো লক্ষণৰ লগতে ভাগৰুৱা, চুলি সৰা, ওজন বৃদ্ধি, ঠাণ্ডা অনুভৱ কৰা, নিৰাশ অনুভৱ কৰা আদি সমস্যাত ভুগি থাকে। থাইৰয়ডে বিশ্বৰ ১-২% লোকক আক্ৰান্ত কৰে আৰু পুৰুষতকৈ মহিলাৰ ক্ষেত্ৰত আক্ৰান্তৰ পৰিমাণ ১০গুণ বেছি৷

কেৱল খাদ্যই থাইৰয়ডে নিৰাময় কৰিব নোৱাৰে। কিন্তু সঠিক পুষ্টিকৰ উপাদান আৰু ঔষধৰ সংমিশ্ৰণে থাইৰয়ডৰ কাৰ্যক্ষমতা পুনৰুদ্ধাৰ কৰাত সহায় কৰিব পাৰে আৰু লক্ষণসমূহো কম কৰিব পাৰে।

কোনবোৰ খাদ্য থাইৰয়ডৰ বাবে উত্তম জানো আহক--

১) শাক-পাচলি খাব লাগে: প্ৰতিদিনে এবাতি সিজোৱা শাক-পাচলি খাব লাগে। সেউজীয়া শাক-পাচলিত কেলচিয়াম, এন্টি-অক্সিডেন্ট, খনিজ আদি একাধিক মৌল থাকে। তদুপৰি প্ৰতিদিনে ১ বজাত বতৰৰ ফল খালে হৰম’নৰ মাত্ৰা ঠিক হৈ থাকে যাৰ ফলত থাইৰয়ডো নিয়ন্ত্ৰণত থাকে।

২) আলমণ্ডত চেলেনিয়াম নামৰ এবিধ পদাৰ্থ থাকে, যিটো এবিধ উপকাৰী প্ৰ’টিন। সেয়েহে থাইৰয়ড ৰোগীয়ে দিনটোত এমুঠি বাদাম খালে থাইৰয়ড গ্ৰন্থি উন্নীত হয়৷

৩) দিনটোত এটাকৈ কণী খাব লাগে। ইয়াত টাইৰ’চিন, আয়’ডিন আৰু চেলেনিয়াম থাকে, যিয়ে থাইৰয়ড হ্ৰাস কৰে।

৪) বগা ভাতৰ সলনি ব্ৰাউন ৰাইচ খাব লাগে। ইয়াত কাৰ্ব’হাইড্ৰেট থাকে, যিয়ে থাইৰয়ডৰ সমস্যা দূৰ কৰাত সহায় কৰে৷

৫) থাইৰয়ড ৰোগীৰ বাবে ওমেগা থ্ৰি ফেটি এচিড অতি প্ৰয়োজনীয়।  গতিকে ছালমন মাছ খাব লাগে। আন যিকোনো সাগৰীয় মাছো খাব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ