--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : এনে কিছুমান ৰোগ বা সমস্যা আছে যিবোৰ বয়স বা লিংগৰ ভিত্তিত নাহে অৰ্থাৎ যিকোনো সময়তে, যিকোনো লোকৰে হ’ব পাৰে। তেনে এটা সমস্যা হ’ল শিৰাবন্ধ হোৱা বা স্নায়ুৰ বিষ। যদি কোনো লোকৰ শিৰাবন্ধ হোৱা বা স্নায়ুৰ বিষ হয়, তেতিয়া আমি হতাশ হৈ পৰো আৰু বিষটোও অসহনীয় হৈ পৰে। এনে অৱস্থাত স্নায়ু বিষ হোৱাৰ বহু কাৰণ আছে যদিও আজি আমি ইয়াৰ কাৰণৰ কথা নকৈ ইয়াৰ সহজ প্ৰতিকাৰৰ কথাহে কৈছো। দ্ৰুত ঘৰুৱা উপায়ৰ সহায়ত আপুনি কেনেকৈ স্নায়ুৰ বিষৰ পৰা মুক্তি পাব পাৰি জানো আহক।

 ১. গা ধোৱাৰ সময়ত কৰক এই কাম-

যদি আপোনাৰ শৰীৰৰ কোনো অংগৰ স্নায়ুত বিষ হৈছে, তেন্তে গা ধোৱাৰ সময়ত সৈন্ধৱ নিমখ ব্যৱহাৰ কৰক, ই আপোনাৰ বাবে অতি উপকাৰী বুলি প্ৰমাণিত। নিমখত মেগনেছিয়াম থাকে আৰু সেয়েহে গা ধোৱাৰ সময়ত গা ধোৱাৰ পানীত দুকাপ খনিজ লৱণ মিহলাই বিষ হোৱা ঠাইখিনি প্ৰায় আধা ঘণ্টামান তিয়াই ৰাখে তেন্তে ই আপোনাৰ বিষত যথেষ্ট উপকাৰ দিব।

 ২. খাদ্যত ব্যৱহাৰ কৰক এই মছলা-

স্নায়ুৰ বিষৰ পৰা উপশম পাবলৈ খাদ্যত হালধি অন্তৰ্ভুক্ত কৰিব লাগে। হালধি এবিধ এন্টি-ইনফ্লেমেটৰী, সেয়েহে স্নায়ুৰ বিষৰ পৰা উপশম পাব পাবলৈ হালধি ব্যৱহাৰ কৰিব লাগে। এগিলাচ গাখীৰত ১-৪ চামুচ হালধি গুড়ি দি তাত এচিকুট জালুকৰ গুড়িও মিহলাই ল’ব। এতিয়া এই গাখীৰ গৰম কৰি খাব, পাৰিলে প্ৰতি সপ্তাহত এবাৰ হ’লেও খাব লাগে।

 ৩. আপেল চাইডাৰ ভিনেগাৰো এটা ভাল চিকিৎসা-

আপেল চাইডাৰ ভিনেগাৰ ব্যৱহাৰ কৰি শৰীৰৰ বহু সমস্যা দূৰ কৰিব পাৰি আৰু এই সমস্যাবোৰৰ ভিতৰত স্নায়ুজনিত সমস্যাৰ বাবে অতি উত্তম। আপেল ভিনেগাৰত মেগনেছিয়াম, ফছফৰাছ, কেলচিয়াম আৰু পটাছিয়াম থাকে আৰু ইয়াৰ প্ৰভাৱ স্নায়ুৰ বিষত অতি গুৰুত্বপূৰ্ণ হয়। এগিলাচ গৰম পানীত ২-৩ চামুচ আপেল চাইডাৰ ভিনেগাৰ দি তাৰ লগত অলপ মৌ মিহলাই সপ্তাহত দুবাৰকৈ খালে স্নায়ুৰ বিষ হ্ৰাস হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক