--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ একোচা সুন্দৰ চুলিৰ অধিকাৰী হবলৈ সকলোৱে বিচাৰে। চুলি ধুনীয়া দেখাবলৈ হলে চুলি সুস্থ হৈ থকাটো অতি প্ৰয়োজনীয়। চুলিখিনি সঠিকভাৱে ৰাখিবলৈ আৰু মজবুত, উজ্জ্বল কৰি ৰাখিবলৈ সময়ে সময়ে তেল লগাব লাগে। বহুতে চুলিত একেবাৰে তেল নলগায়। কিন্তু কিছুমান মানুহে নিয়মীয়াকৈ তেল লগাই চুলিত জিলিকাই ৰাখে। চুলিত সদায় তেল লগালেও বহু ক্ষতি হয়। কিন্তু সপ্তাহত দুই-তিনিদিন লগোৱাটো প্ৰয়োজনীয়। চুলিত তেল লগালে কেৱল চুলিত উপকাৰ হোৱাই নহয়, মূৰৰ ছালো উপকৃত হয়। সেইবাবেই চুলিত তেল লগোৱাটো অতি প্ৰয়োজনীয়। চুলিত তেল নলগালে কি কি অসুবিধা হয় জানো আহক।

চুলিত তেল নলগালে হোৱা সমস্যাসমূহ

১) চুলিত তেল নলগালে চুলি শুকাই যাব পাৰে আৰু ইয়াৰ ফলত চুলি দুৰ্বল হৈ পৰে।

২) গৰমৰ দিনত চুলি আৰু মূৰৰ ছালৰ আৰ্দ্ৰতা ধৰি ৰাখিবলৈ চুলিত তেল লগাব লাগে।

৩) মূৰৰ ছালত হোৱা খজুৱতিৰ পৰা হাত সাৰিবলৈ চুলিত তেল লগাব লাগে।

৪) চুলিত তেল নলগালে উফিৰ দৰে সমস্যাই দেখা দিয়ে।

৫) চুলিত নলগালে চুলিয়ে পুষ্টি নাপায় আৰু চুলি ফাটিবলৈ আৰম্ভ কৰে।

চুলিত তেল দিয়াটো কিয় গুৰুত্বপূৰ্ণ?

১) চুলিত তেল নিদিয়াৰ বাবে আপোনাৰ বহুতো সমস্যা হব পাৰে। চুলিৰ পৰ্যাপ্ত পুষ্টি, বৃদ্ধি আৰু শক্তিৰ বাবে সময়ে সময়ে তেল লগাব লাগে।

২) চুলি মজবুত আৰু সুস্থ কৰি তুলিবলৈ তেল লগাব লাগে।

৩)চুলিৰ ৰুক্ষতা কমাবলৈ আৰু ফাটি যোৱাৰ পৰা ৰক্ষা কৰিবলৈ তেল লগাব লাগে।

৪) চুলিত হাইড্ৰেট কৰি ৰাখিবলৈ চুলিত তেল লগাব লাগে।

৫)চুলিৰ পুষ্টিত সহায় কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ