--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, এইটো কি নিলাজৰ সঁচ। এই সাঁথৰটো নিশ্চয় আপোনাৰ মনত আছে। ইয়াৰ উত্তৰটো আছিল মাটিকঁঠাল। মাটিকঁঠাল এবিধ সকলোৰে পৰিচিত সুস্বাদু ৰসাল ফল। মাটিকঁঠাল অত্যন্ত মিঠা আৰু ৰসাল ফল। ৰসেৰে ভৰি থাকে এই মাটিকঁঠাল। এই ফল ব্ৰাজিলৰ আদিবাসী উদ্ভিদ। 

১৫৫০ চনমানৰ আশে-পাশে সমুদ্ৰ অভিযানকাৰী পৰ্তুগালৰ নাবিক কিছুমানৰ জৰিয়তে ভাৰতত এইবিধ ফলৰ প্ৰৱেশ ঘটিছিল। অতি কম সময়ৰ ভিতৰতে ইয়াৰ সোৱাদ আৰু ঔষধি গুণৰ বাবে চীন দেশকে ধৰি সমগ্ৰ দক্ষিণ-পূব এচিয়া আৰু পিছলৈ ইউৰোপৰ বিভিন্ন অঞ্চলত ই বিয়পি পৰিছিল। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘আনানাচ কমোচচ’(Ananas comosus)। ইংৰাজীত কোৱা হয় Pineapple। মাটিকঁঠাল যেনেদৰে সুস্বাদু ঠিক তেনেদৰে ঔষধি গুণসম্পন্ন। গ্ৰীষ্মৰ পৰা বৰ্ষা ঋতুৰ ভিতৰত পৰ্যাপ্ত মাত্ৰাত ইয়াক পোৱা যায়। মাটিকঁঠাল খালে কি কি উপকাৰিতা হয় জানো আহক।

মাটিকঁঠালৰ গুণাগুণসমূহ

১)মাটিকঁঠালত ‘ব্ৰমেলিন’ নামৰ এবিধ মূল্যৱান ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিয়ে হজম শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 

২)ইয়াৰ ৰসত থকা ‘ক্লোৰিণে’ মূত্ৰাশয়ৰ জৰিয়তে দেহৰ দূষিত পদাৰ্থসমূহ বাহিৰ উলিয়াই অনাত সহায় কৰে। 

৩)পকা মাটিকঁঠাল মূত্ৰবীজাণুনাশক, কৃমিনাশক আৰু পিত্ত প্ৰশমক। 

৪)ইয়াত ভিটামিন ‘এ’, ‘চি’ পোৱাৰ উপৰিও দেহৰ বাবে লাগতিয়াল বিভিন্ন খনিজ লৱণ পোৱা যায়। 

৫)এই ফল অত্যন্ত হজমীকাৰক। 

৬)ই জ্বৰ নাশক।

৭)পকা মাটিকঁঠালত পৰিমিত ৰূপত সৈন্ধৱ লৱণ আৰু জালুকৰ গুড়ি মিহলাই খালে অজীৰ্ণ ৰোগ নাশ হয়।

৮)ইয়াৰ(কুমলীয়া) পাতৰ ৰসৰ লগত সামান্য মৌ মিহলাই ২/১০ মি.গ্ৰা. মান কিছুদিন সেৱন কৰিলে কৃমি জনিত ৰোগ নাশ হয়।

৯)দেহৰ অঙ্গ-প্ৰত্যঙ্গ ফুলা, যকৃত বৃদ্ধি, মূত্ৰৰ পৰিমাণ কমি যোৱাত মাটিকঁঠাল খালে সুফল পোৱা যায়।

১০)চকুৰ তলৰ অংশ ফুলা আদি অনেক ৰোগত মাটিকঁঠালৰ ৰস সেৱন কৰিলে যথেষ্ট সুফল পাব পাৰি।

১১)ইয়াৰ ৰসৰ চৰ্বত খালে পিত্ত, বায়ু, কফ(ত্ৰিদোষ)ত সুফল পোৱা যায় আৰু হৃদয় সবল হয় বুলি আয়ুৰ্বেদত উল্লেখ আছে। 

১২)মাটিকঁঠাল এবিধ ৰোগ নিৰাময় কৰা ফল। বিভিন্ন ৰোগৰ পৰা উপশম সোনকালে পাবলৈ চিকিৎসকসকলে মাটিকঁঠালৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে। 

১৩)ই কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰাৰ লগতে ৰক্তচাপ, চৰ্দি কাহ আদি প্ৰতিৰোধ কৰে।

১৪)গৰমৰ দিনত মাটিকঁঠালৰ ৰসত অলপ ক’লা নিমখ আৰু জীৰা গুড়ি মিহলাই তাত দুটুকুৰামান বৰফ ঢালি খালে দেহটো খুব সতেজ অনুভৱ কৰা যায়।

১৫) মাটিকঁঠালে হাড় স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

গতিকে আহক মাটিকঁঠাল খাই নিজকে সুস্বাস্থ্যৱান কৰি ৰাখো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ