--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, এইটো কি নিলাজৰ সঁচ। এই সাঁথৰটো নিশ্চয় আপোনাৰ মনত আছে। ইয়াৰ উত্তৰটো আছিল মাটিকঁঠাল। মাটিকঁঠাল এবিধ সকলোৰে পৰিচিত সুস্বাদু ৰসাল ফল। মাটিকঁঠাল অত্যন্ত মিঠা আৰু ৰসাল ফল। ৰসেৰে ভৰি থাকে এই মাটিকঁঠাল। এই ফল ব্ৰাজিলৰ আদিবাসী উদ্ভিদ। 

১৫৫০ চনমানৰ আশে-পাশে সমুদ্ৰ অভিযানকাৰী পৰ্তুগালৰ নাবিক কিছুমানৰ জৰিয়তে ভাৰতত এইবিধ ফলৰ প্ৰৱেশ ঘটিছিল। অতি কম সময়ৰ ভিতৰতে ইয়াৰ সোৱাদ আৰু ঔষধি গুণৰ বাবে চীন দেশকে ধৰি সমগ্ৰ দক্ষিণ-পূব এচিয়া আৰু পিছলৈ ইউৰোপৰ বিভিন্ন অঞ্চলত ই বিয়পি পৰিছিল। ইয়াৰ বৈজ্ঞানিক নাম হৈছে ‘আনানাচ কমোচচ’(Ananas comosus)। ইংৰাজীত কোৱা হয় Pineapple। মাটিকঁঠাল যেনেদৰে সুস্বাদু ঠিক তেনেদৰে ঔষধি গুণসম্পন্ন। গ্ৰীষ্মৰ পৰা বৰ্ষা ঋতুৰ ভিতৰত পৰ্যাপ্ত মাত্ৰাত ইয়াক পোৱা যায়। মাটিকঁঠাল খালে কি কি উপকাৰিতা হয় জানো আহক।

মাটিকঁঠালৰ গুণাগুণসমূহ

১)মাটিকঁঠালত ‘ব্ৰমেলিন’ নামৰ এবিধ মূল্যৱান ৰাসায়নিক পদাৰ্থ পোৱা যায়, যিয়ে হজম শক্তি বৃদ্ধিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। 

২)ইয়াৰ ৰসত থকা ‘ক্লোৰিণে’ মূত্ৰাশয়ৰ জৰিয়তে দেহৰ দূষিত পদাৰ্থসমূহ বাহিৰ উলিয়াই অনাত সহায় কৰে। 

৩)পকা মাটিকঁঠাল মূত্ৰবীজাণুনাশক, কৃমিনাশক আৰু পিত্ত প্ৰশমক। 

৪)ইয়াত ভিটামিন ‘এ’, ‘চি’ পোৱাৰ উপৰিও দেহৰ বাবে লাগতিয়াল বিভিন্ন খনিজ লৱণ পোৱা যায়। 

৫)এই ফল অত্যন্ত হজমীকাৰক। 

৬)ই জ্বৰ নাশক।

৭)পকা মাটিকঁঠালত পৰিমিত ৰূপত সৈন্ধৱ লৱণ আৰু জালুকৰ গুড়ি মিহলাই খালে অজীৰ্ণ ৰোগ নাশ হয়।

৮)ইয়াৰ(কুমলীয়া) পাতৰ ৰসৰ লগত সামান্য মৌ মিহলাই ২/১০ মি.গ্ৰা. মান কিছুদিন সেৱন কৰিলে কৃমি জনিত ৰোগ নাশ হয়।

৯)দেহৰ অঙ্গ-প্ৰত্যঙ্গ ফুলা, যকৃত বৃদ্ধি, মূত্ৰৰ পৰিমাণ কমি যোৱাত মাটিকঁঠাল খালে সুফল পোৱা যায়।

১০)চকুৰ তলৰ অংশ ফুলা আদি অনেক ৰোগত মাটিকঁঠালৰ ৰস সেৱন কৰিলে যথেষ্ট সুফল পাব পাৰি।

১১)ইয়াৰ ৰসৰ চৰ্বত খালে পিত্ত, বায়ু, কফ(ত্ৰিদোষ)ত সুফল পোৱা যায় আৰু হৃদয় সবল হয় বুলি আয়ুৰ্বেদত উল্লেখ আছে। 

১২)মাটিকঁঠাল এবিধ ৰোগ নিৰাময় কৰা ফল। বিভিন্ন ৰোগৰ পৰা উপশম সোনকালে পাবলৈ চিকিৎসকসকলে মাটিকঁঠালৰ ৰস খাবলৈ পৰামৰ্শ দিয়ে। 

১৩)ই কেন্সাৰ হোৱাৰ সম্ভাৱনা কম কৰাৰ লগতে ৰক্তচাপ, চৰ্দি কাহ আদি প্ৰতিৰোধ কৰে।

১৪)গৰমৰ দিনত মাটিকঁঠালৰ ৰসত অলপ ক’লা নিমখ আৰু জীৰা গুড়ি মিহলাই তাত দুটুকুৰামান বৰফ ঢালি খালে দেহটো খুব সতেজ অনুভৱ কৰা যায়।

১৫) মাটিকঁঠালে হাড় স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।

গতিকে আহক মাটিকঁঠাল খাই নিজকে সুস্বাস্থ্যৱান কৰি ৰাখো।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক