--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচুৰ পৰিমাণে কেলৰি থকাৰ বাবে বহুতে বহু সময়ত ভাত পৰিহাৰ কৰে। কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰা লোকসকলেও চাউল অপছন্দ কৰে। ওজন কমাব বিচাৰিলে দৈনন্দিন খাদ্যৰ পৰা চাউল আঁতৰাই পেলাব লাগে বুলি ধাৰণাটো ভ্ৰমৰ বাহিৰে বেলেগ একো নহয়। ভাত খোৱাৰ বহু উপকাৰীতা আছে। চাউল হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট যি সহজে হজম হয়। পেটটো বহুসময়লৈকে ভৰ্তি হৈ থাকে, গতিকে বাৰে বাৰে ভোকৰ সন্মুখীন হৈ খাদ্য খোৱাৰ সম্ভাৱনা কমি যায়। ভাতত গ্লুটেন নাথাকে। আৰু গৰম বতৰত ভাত খালে শৰীৰটো ঠাণ্ডা হৈ থাকে । কিন্তু চাউলে সঁচাকৈয়ে মেদবহুলতা বৃদ্ধি কৰেনে?হয় ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে ই সঁচা। কিন্তু খাদ্যাভ্যাসৰ পৰা ভাত আঁতৰোৱাতো সঠিক উপায় কেতিয়াও নহয়। কি কৌশলেৰে ভাত খালে ওজন কমাব পাৰি বা স্বাস্থ্য নিৰাপদে ৰাখিব পাৰি জানো আহক :

১)ভাত খাব লাগে, কিন্তু কম পৰিমাণে খাব লাগে

ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে যিয়ে শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। শৰীৰৰ প্ৰতিটো অংগৰ বাবে এই শক্তিৰ প্ৰয়োজন। মগজুৱে এই শক্তিৰে শৰীৰ পৰিচালনা কৰে। ধানৰ পৰা পোৱা শক্তিয়ে বিপাকীয় প্ৰক্ৰিয়াও নিয়মীয়া কৰি ৰাখে। গতিকে ভাত খাওক কিন্তু কম খাওক। যদি আপুনি ডায়েট কৰি আছে তেন্তে দিনটোত এবাৰ ভাত খাব লাগে। 

২)ভাতৰ লগত বহুত শাক-পাচলি দিব লাগে

ভাতত বহুতো শাক-পাচলি দি খিচিৰিও বনাব পাৰে। পাৰিলে শাক-পাচলিৰ লগত সিজাই খাব লাগে। যদি আপুনি ভাতৰ লগত অধিক আঁহযুক্ত খাদ্য খাব পাৰে, তেন্তে ওজন কমোৱাত অধিক উপকাৰী হ’ব। অৱশ্যে কেঁচা শাক-পাচলিৰ চালাড নাখাব। হয় ভাপত দি নহয় বিভিন্ন ধৰণৰ শাক-পাচলি ৰোষ্ট বা গ্ৰীল কৰক।

৩)ব্ৰাউন ৰাইচ

বগা চাউলতকৈ ব্ৰাউন ৰাইচত অধিক ফাইবাৰ থাকে। বিশেষজ্ঞসকলৰ মতে বগা চাউলতকৈ ব্ৰাউন ৰাইচ খোৱাটো অধিক উপকাৰী। ব্ৰাউন ৰাইচত তুলনামূলকভাৱে কম কেলৰি থাকে। কিন্তু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে বিপাকীয় ক্ৰিয়া উন্নত কৰে। যদি আপুনি ওজন কমোৱাৰ কথা ভাবিছে তেন্তে ব্ৰাউন ৰাইচ খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব।

৪)ৰন্ধা-বঢ়াৰ পদ্ধতি

ভাতখিনি উতলাই ফেনখন পেলাই দিব। প্ৰেচাৰ কুকাৰত সিজাইলে ই থিতাপি ল’ব। গতিকে খোলা পাত্ৰত কৰাটো ভাল। ভাত ক্ৰীম বা পনিৰৰ লগত ৰান্ধিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ