--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: প্ৰচুৰ পৰিমাণে কেলৰি থকাৰ বাবে বহুতে বহু সময়ত ভাত পৰিহাৰ কৰে। কম কাৰ্বহাইড্ৰেটযুক্ত খাদ্য গ্ৰহণ কৰা লোকসকলেও চাউল অপছন্দ কৰে। ওজন কমাব বিচাৰিলে দৈনন্দিন খাদ্যৰ পৰা চাউল আঁতৰাই পেলাব লাগে বুলি ধাৰণাটো ভ্ৰমৰ বাহিৰে বেলেগ একো নহয়। ভাত খোৱাৰ বহু উপকাৰীতা আছে। চাউল হৈছে এক প্ৰকাৰৰ কাৰ্বহাইড্ৰেট যি সহজে হজম হয়। পেটটো বহুসময়লৈকে ভৰ্তি হৈ থাকে, গতিকে বাৰে বাৰে ভোকৰ সন্মুখীন হৈ খাদ্য খোৱাৰ সম্ভাৱনা কমি যায়। ভাতত গ্লুটেন নাথাকে। আৰু গৰম বতৰত ভাত খালে শৰীৰটো ঠাণ্ডা হৈ থাকে । কিন্তু চাউলে সঁচাকৈয়ে মেদবহুলতা বৃদ্ধি কৰেনে?হয় ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে ই সঁচা। কিন্তু খাদ্যাভ্যাসৰ পৰা ভাত আঁতৰোৱাতো সঠিক উপায় কেতিয়াও নহয়। কি কৌশলেৰে ভাত খালে ওজন কমাব পাৰি বা স্বাস্থ্য নিৰাপদে ৰাখিব পাৰি জানো আহক :

১)ভাত খাব লাগে, কিন্তু কম পৰিমাণে খাব লাগে

ভাতত প্ৰচুৰ পৰিমাণে কাৰ্বহাইড্ৰেট থাকে যিয়ে শৰীৰক শক্তি প্ৰদানৰ কাম কৰে। শৰীৰৰ প্ৰতিটো অংগৰ বাবে এই শক্তিৰ প্ৰয়োজন। মগজুৱে এই শক্তিৰে শৰীৰ পৰিচালনা কৰে। ধানৰ পৰা পোৱা শক্তিয়ে বিপাকীয় প্ৰক্ৰিয়াও নিয়মীয়া কৰি ৰাখে। গতিকে ভাত খাওক কিন্তু কম খাওক। যদি আপুনি ডায়েট কৰি আছে তেন্তে দিনটোত এবাৰ ভাত খাব লাগে। 

২)ভাতৰ লগত বহুত শাক-পাচলি দিব লাগে

ভাতত বহুতো শাক-পাচলি দি খিচিৰিও বনাব পাৰে। পাৰিলে শাক-পাচলিৰ লগত সিজাই খাব লাগে। যদি আপুনি ভাতৰ লগত অধিক আঁহযুক্ত খাদ্য খাব পাৰে, তেন্তে ওজন কমোৱাত অধিক উপকাৰী হ’ব। অৱশ্যে কেঁচা শাক-পাচলিৰ চালাড নাখাব। হয় ভাপত দি নহয় বিভিন্ন ধৰণৰ শাক-পাচলি ৰোষ্ট বা গ্ৰীল কৰক।

৩)ব্ৰাউন ৰাইচ

বগা চাউলতকৈ ব্ৰাউন ৰাইচত অধিক ফাইবাৰ থাকে। বিশেষজ্ঞসকলৰ মতে বগা চাউলতকৈ ব্ৰাউন ৰাইচ খোৱাটো অধিক উপকাৰী। ব্ৰাউন ৰাইচত তুলনামূলকভাৱে কম কেলৰি থাকে। কিন্তু ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে যিয়ে বিপাকীয় ক্ৰিয়া উন্নত কৰে। যদি আপুনি ওজন কমোৱাৰ কথা ভাবিছে তেন্তে ব্ৰাউন ৰাইচ খোৱাটো আপোনাৰ বাবে উপকাৰী হ’ব।

৪)ৰন্ধা-বঢ়াৰ পদ্ধতি

ভাতখিনি উতলাই ফেনখন পেলাই দিব। প্ৰেচাৰ কুকাৰত সিজাইলে ই থিতাপি ল’ব। গতিকে খোলা পাত্ৰত কৰাটো ভাল। ভাত ক্ৰীম বা পনিৰৰ লগত ৰান্ধিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ ‘চিৰসেউজ বঁটা’; সোণাৰিৰ দিচাংপানীত সোণাৰু কাঞ্চন কৃষ্ণচূড়া মহোৎসৱত প্ৰদান‌ কৰা হ’ব এই বঁটা
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো