--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ছয়গাঁৱৰ এটা মফচলীয় অঞ্চলৰ পৰা গৈ বিশ্বমঞ্চত নিজৰ নাম সোণালী আখৰেৰে লিখিবলৈ সক্ষম হৈছে ৰীমা দাসে৷ 

সংগ্ৰাম, সাধনা আৰু ঐকান্তিক প্ৰচেষ্টাৰে চিনেমাৰ ক্ষেত্ৰখনত সফলতাৰ এটাৰ পাছত আন এটা অধ্যায় লিখি অসমক ৰীমা দাসে দিছে নতুন পৰিচিতি৷ এই পৰিচিতি কেতিয়াবা আহিছে ভিলেজ ৰকষ্টাৰ্চ, কেতিয়াবা বুলবুল কেন ছিং-এৰে৷
 
এইবেলি ৰীমা দাসৰ  নতুন চিনেমা ‘তৰা’ছ হাজবেণ্ড’এও দেশে-বিদেশে বুটলিছে সফলতাৰ মণি-মুকুতা৷

‘তৰা’ছ হাজবেণ্ড’ৰ বাবেও ৰীমা দাসে দেশৰ পৰিধি ভাঙি বিদেশৰ মাটিতো লাভ কৰিছে অলেখ সন্মান৷ শেহতীয়াকৈ এই চিনেমাখনৰ বাবে ১৬সংখ্যক এছিয়া পেচিফিক স্ক্ৰীণ এৱাৰ্ডচ-২০২৩ত ৰীমা দাসক শ্ৰেষ্ঠ পৰিচালকৰ বাবে মনোনীত কৰা হৈছে। 

এই সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে পৰিচালক ৰীমা দাস৷ ছ’চিয়েল মিডিয়াযোগে এই খবৰ সদৰী কৰি ৰীমা দাসে দৰ্শক আৰু অসমবাসীক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু