--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী অনুষ্কা শৰ্মা বৰ্তমান সংবাদ শিৰোনামৰ অংশ হৈ পৰিছে। বৰ্তমান চৰ্চা চলি থকা অনুযায়ী অনুষ্কা দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ আগবাঢ়িছে। অনুষ্কাৰ গৰ্ভধাৰণৰ খবৰটো ভাইৰেল হৈ পৰিছে যদিও অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে ইয়াৰ বিষয়ে মৌনতা অৱলম্বন কৰিছে। এই সন্দৰ্ভত অনুষ্কা বা বিৰাটৰ কোনো প্ৰতিক্ৰিয়া নাই।ইফালে বিশ্বকাপৰ পূৰ্বে বিৰাট কোহলীয়ে ৰাইজৰ ওচৰত এক বিশেষ অনুৰোধ জনাইছে।আৰু বিৰাটৰ পাছত অনুষ্কায়ো ৰাইজক এক বিশেষ অনুৰোধ জনাইছে।

৫ অক্টোবৰৰ পৰা আৰম্ভ হ’ব আইচিচি বিশ্বকাপ। দেওবাৰে চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখন। মেচৰ পূৰ্বে অনুষ্কা আৰু বিৰাটে এক ধেমেলীয়া ধৰণেৰে সকলোকে অনুৰোধ কৰিছে।

বিৰাটে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰিছে। তেওঁ লিখিছে -“বিশ্বকাপ ওচৰ চাপি অহাৰ লগে লগে মই মোৰ সকলো বন্ধু-বান্ধৱীক বিনয়েৰে ক’ব বিচাৰিছো যে গোটেই প্ৰতিযোগিতাখনৰ সময়ছোৱাত মোক টিকটৰ বাবে একেবাৰেই অনুৰোধ নকৰিব। ঘৰৰ পৰাই উপভোগ কৰক।”

বিৰাটৰ ষ্ট’ৰীৰ ওপৰত বিৰাটৰ পোষ্টটো শ্বেয়াৰ কৰি থাকোঁতে অনুষ্কা শৰ্মাই লিখিছে - আৰু মই মাত্ৰ এইটো যোগ দিব বিচাৰিছো। যদি তেওঁৰ পৰা বাৰ্তাৰ কোনো সঁহাৰি নাপায় তেন্তে মোৰ পৰা সহায়ৰ বাবে অনুৰোধ নকৰিব। বুজাৰ বাবে ধন্যবাদ।”

এফালে বিৰাট আৰু অনুষ্কাই ছ’চিয়েল মিডিয়াত মজা কৰি থকাৰ বিপৰীতে আনফালে অভিনেত্ৰীগৰাকীয়ে গৰ্ভধাৰণক খবৰক লৈ মৌনতা অৱলম্বন কৰিছে। হিন্দুস্তান টাইমছৰ প্ৰতিবেদন অনুসৰি অনুষ্কা দ্বিতীয় বাৰৰ বাবে মাতৃ হ’বলৈ গৈ আছে। প্ৰতিবেদন অনুসৰি যোৱাবাৰৰ দৰে বিৰাট আৰু অনুষ্কাই কিছু সময়ৰ পাছত আনুষ্ঠানিকভাৱে অনুৰাগীক এই খবৰ দিব।

উল্লেখ্য যে অনুষ্কা শৰ্মাক অতি সোনকালে দেখা যাব চকদা এক্সপ্ৰেছ ছবিত। এই ছবিখনৰ জৰিয়তে বহুদিনৰ মূৰত পুনৰ অভিনয়লৈ ঘূৰি আহিবলৈ ওলাইছে অনুষ্কা। অনুষ্কাক শেষবাৰৰ বাবে শ্বাহৰুখ খানৰ সৈতে জিৰ’ বোলছবিত দেখা গৈছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক