--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বহু লোক স্লিপ ডিস্ক সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এই সমস্যা সাধাৰণতে মেৰুদণ্ডত হয়। মেৰুদণ্ড হৈছে হাড়ৰ মূল কেন্দ্ৰবিন্দু। দৈনন্দিন জীৱনৰ শৰীৰৰ কাৰ্যকলাপত ই আমাক সহায় কৰে। যদি এই হাড়বোৰৰ কোনো অংশ নিজৰ ঠাইৰ পৰা অলপো আঁতৰি যায়, তেন্তে এই অৱস্থাক স্লিপ ডিস্ক বোলা হয়।

 * স্লিপ ডিস্ক বিপজ্জনক-

মেৰুদণ্ডৰ হাড়ৰ প্ৰতিটো ডিস্কৰ দুটা অংশ থাকে, য’ত ভিতৰৰ অংশটো কোমল আৰু বাহিৰৰ অংশটো কঠিন। সাধাৰণতে আঘাত আৰু দুৰ্বলতাৰ বাবে ডিস্কৰ ভিতৰৰ অংশটো বাহিৰৰ পৰা ফুলি উঠে। ইয়াক হাৰ্নিয়া বা প্ৰ’লেপচড ডিস্ক বুলি জনা যায়। এনে পৰিস্থিতিত শৰীৰৰ পিছফালৰ অংশৰ তীব্ৰ বিষ আৰম্ভ হয়। লগতে স্লিপ ডিস্কৰ বাবে স্নায়ুবোৰ সংকুচিত হ’লে সেই অংশটোও অজ্ঞান হৈ পৰে। যদি এই সমস্যা প্ৰাৰম্ভিক পৰ্যায়ত থাকে, তেন্তে ফিজিঅ’থেৰাপি আৰু ঔষধৰ সহায়ত ইয়াক নিৰাময় কৰিব পাৰি, কিন্তু গুৰুতৰ হ’লে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

 * স্লিপ ডিস্কৰ কাৰণ-

১. বয়স বৃদ্ধিৰ বাবে

২. গধুৰ সামগ্ৰী দাঙিলে

৩. ভুল পদ্ধতিৰে ব্যায়াম কৰিলে

৪. হাড়ৰ দুৰ্বলতা

৫ অত্যধিক শাৰীৰিক কাৰ্য্যকলাপ

৬. অত্যধিক ওজন বৃদ্ধি

 * স্লিপ ডিস্কৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-

১. কেতিয়াও আপোনাৰ ক্ষমতাতকৈ বেছি ওজন তুলিব নালাগে।

২. শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ নিদিব।

৩. অফিচত ৮ৰ পৰা ১০ ঘণ্টা ধৰি একেৰাহে বহাৰ পৰিৱৰ্তে মাজে-সময়ে উঠি অলপ খোজকাঢ়িব।

৪ প্ৰশিক্ষক বা বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে ব্যায়াম নকৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু