--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বহু লোক স্লিপ ডিস্ক সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। এই সমস্যা সাধাৰণতে মেৰুদণ্ডত হয়। মেৰুদণ্ড হৈছে হাড়ৰ মূল কেন্দ্ৰবিন্দু। দৈনন্দিন জীৱনৰ শৰীৰৰ কাৰ্যকলাপত ই আমাক সহায় কৰে। যদি এই হাড়বোৰৰ কোনো অংশ নিজৰ ঠাইৰ পৰা অলপো আঁতৰি যায়, তেন্তে এই অৱস্থাক স্লিপ ডিস্ক বোলা হয়।

 * স্লিপ ডিস্ক বিপজ্জনক-

মেৰুদণ্ডৰ হাড়ৰ প্ৰতিটো ডিস্কৰ দুটা অংশ থাকে, য’ত ভিতৰৰ অংশটো কোমল আৰু বাহিৰৰ অংশটো কঠিন। সাধাৰণতে আঘাত আৰু দুৰ্বলতাৰ বাবে ডিস্কৰ ভিতৰৰ অংশটো বাহিৰৰ পৰা ফুলি উঠে। ইয়াক হাৰ্নিয়া বা প্ৰ’লেপচড ডিস্ক বুলি জনা যায়। এনে পৰিস্থিতিত শৰীৰৰ পিছফালৰ অংশৰ তীব্ৰ বিষ আৰম্ভ হয়। লগতে স্লিপ ডিস্কৰ বাবে স্নায়ুবোৰ সংকুচিত হ’লে সেই অংশটোও অজ্ঞান হৈ পৰে। যদি এই সমস্যা প্ৰাৰম্ভিক পৰ্যায়ত থাকে, তেন্তে ফিজিঅ’থেৰাপি আৰু ঔষধৰ সহায়ত ইয়াক নিৰাময় কৰিব পাৰি, কিন্তু গুৰুতৰ হ’লে অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়।

 * স্লিপ ডিস্কৰ কাৰণ-

১. বয়স বৃদ্ধিৰ বাবে

২. গধুৰ সামগ্ৰী দাঙিলে

৩. ভুল পদ্ধতিৰে ব্যায়াম কৰিলে

৪. হাড়ৰ দুৰ্বলতা

৫ অত্যধিক শাৰীৰিক কাৰ্য্যকলাপ

৬. অত্যধিক ওজন বৃদ্ধি

 * স্লিপ ডিস্কৰ পৰা কেনেকৈ হাত সাৰিব পাৰি-

১. কেতিয়াও আপোনাৰ ক্ষমতাতকৈ বেছি ওজন তুলিব নালাগে।

২. শৰীৰৰ ওজন বৃদ্ধি হ’বলৈ নিদিব।

৩. অফিচত ৮ৰ পৰা ১০ ঘণ্টা ধৰি একেৰাহে বহাৰ পৰিৱৰ্তে মাজে-সময়ে উঠি অলপ খোজকাঢ়িব।

৪ প্ৰশিক্ষক বা বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে ব্যায়াম নকৰিব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক