--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যেতিয়া তেওঁক সোধা হয় তেওঁ অহা বছৰ ভাৰতলৈ যাব নেকি? তেতিয়া ট্রাম্পে উত্তৰ দিয়ে, 'হয়, যাব পাৰোঁ।' উল্লেখযোগ্য যে আমেৰিকাৰ উইলমিংটনৰ ডেলৱেৰত ২০২৪ চনত কোৱাডৰ শীৰ্ষ সম্মিলন অনুষ্ঠিত হোৱাৰ পাছত পৰৱৰ্তী শীর্ষ সন্মিলন ভাৰতত অনুষ্ঠিত হ'ব আৰু ইয়াতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব।

ডিজিটেল ডেস্ক : ভাৰতীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এজন 'মহান লোক' আৰু তেওঁক লগ কৰিবলৈ বিচাৰে বুলি কৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে অহা বছৰ তেওঁ ভাৰত ভ্ৰমণ কৰিব পাৰে।


এটা প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে ট্রাম্পে অভেল হাউছত কয়-'তেওঁ (প্রধানমন্ত্রী মোদী) মোৰ বন্ধু, আৰু আমি কথা পাতোঁ... তেওঁ মই তালৈ যোৱাটো বিচাৰে। আমি সেইটো ঠিক কৰিম। মই যাম। প্রধানমন্ত্রী মোদীক সাক্ষাতৰ সেইটো মোৰ এটা উল্লেখনীয় ভ্রমণ হ'ব। তেওঁ এজন মহান লোক আৰু মই তালৈ যাম।' 


যেতিয়া তেওঁক সোধা হয় তেওঁ অহা বছৰ ভাৰতলৈ যাব নেকি? তেতিয়া ট্রাম্পে উত্তৰ দিয়ে, 'হয়, যাব পাৰোঁ।' উল্লেখযোগ্য যে আমেৰিকাৰ উইলমিংটনৰ ডেলৱেৰত ২০২৪ চনত কোৱাডৰ শীৰ্ষ সম্মিলন অনুষ্ঠিত হোৱাৰ পাছত পৰৱৰ্তী শীর্ষ সন্মিলন ভাৰতত অনুষ্ঠিত হ'ব আৰু ইয়াতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব। অৱশ্যে উক্ত শীর্ষ সন্মিলনৰ তাৰিখ ভাৰতে এতিয়াও ঘোষণা কৰা নাই। আনহাতে, ৰাষ্ট্ৰপতি ট্রাম্পে পুনৰ দাবী কৰে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিছে। তদুপৰি যোৱা ৭ মে'ত ভাৰতে আৰম্ভকৰা অপাৰেশ্যন সেন্দুৰ সন্দৰ্ভত ট্রাম্পে পুনৰ দাবী কৰে যে তেওঁৰ মধ্যস্থতাতহে ভাৰত-পাকিস্তানৰ শেহতীয়া যুদ্ধ বন্ধ হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ