--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যেতিয়া তেওঁক সোধা হয় তেওঁ অহা বছৰ ভাৰতলৈ যাব নেকি? তেতিয়া ট্রাম্পে উত্তৰ দিয়ে, 'হয়, যাব পাৰোঁ।' উল্লেখযোগ্য যে আমেৰিকাৰ উইলমিংটনৰ ডেলৱেৰত ২০২৪ চনত কোৱাডৰ শীৰ্ষ সম্মিলন অনুষ্ঠিত হোৱাৰ পাছত পৰৱৰ্তী শীর্ষ সন্মিলন ভাৰতত অনুষ্ঠিত হ'ব আৰু ইয়াতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব।

ডিজিটেল ডেস্ক : ভাৰতীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী এজন 'মহান লোক' আৰু তেওঁক লগ কৰিবলৈ বিচাৰে বুলি কৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে কয় যে অহা বছৰ তেওঁ ভাৰত ভ্ৰমণ কৰিব পাৰে।


এটা প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে ট্রাম্পে অভেল হাউছত কয়-'তেওঁ (প্রধানমন্ত্রী মোদী) মোৰ বন্ধু, আৰু আমি কথা পাতোঁ... তেওঁ মই তালৈ যোৱাটো বিচাৰে। আমি সেইটো ঠিক কৰিম। মই যাম। প্রধানমন্ত্রী মোদীক সাক্ষাতৰ সেইটো মোৰ এটা উল্লেখনীয় ভ্রমণ হ'ব। তেওঁ এজন মহান লোক আৰু মই তালৈ যাম।' 


যেতিয়া তেওঁক সোধা হয় তেওঁ অহা বছৰ ভাৰতলৈ যাব নেকি? তেতিয়া ট্রাম্পে উত্তৰ দিয়ে, 'হয়, যাব পাৰোঁ।' উল্লেখযোগ্য যে আমেৰিকাৰ উইলমিংটনৰ ডেলৱেৰত ২০২৪ চনত কোৱাডৰ শীৰ্ষ সম্মিলন অনুষ্ঠিত হোৱাৰ পাছত পৰৱৰ্তী শীর্ষ সন্মিলন ভাৰতত অনুষ্ঠিত হ'ব আৰু ইয়াতে অষ্ট্ৰেলিয়া, জাপান আৰু আমেৰিকাৰ শীৰ্ষ নেতাসকল উপস্থিত থাকিব। অৱশ্যে উক্ত শীর্ষ সন্মিলনৰ তাৰিখ ভাৰতে এতিয়াও ঘোষণা কৰা নাই। আনহাতে, ৰাষ্ট্ৰপতি ট্রাম্পে পুনৰ দাবী কৰে যে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা বন্ধ কৰিছে। তদুপৰি যোৱা ৭ মে'ত ভাৰতে আৰম্ভকৰা অপাৰেশ্যন সেন্দুৰ সন্দৰ্ভত ট্রাম্পে পুনৰ দাবী কৰে যে তেওঁৰ মধ্যস্থতাতহে ভাৰত-পাকিস্তানৰ শেহতীয়া যুদ্ধ বন্ধ হৈছিল।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু