--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
বেছিভাগ মানুহে তেওঁলোকৰ দিনটো একাপ চাহৰ সৈতে আৰম্ভ কৰে। অৱশ্যে এইয়া কিমান স্বাস্থ্যকৰ অভ্যাস তাক লৈ বহু প্ৰশ্ন আছে। কিন্তু যদি আপুনি টি বেগ ব্যৱহাৰ কৰি চাহ বনায়, তেন্তে সোনকালেই সলনি কৰক আপোনাৰ এই অভ্যাস ৷ নিয়মীয়াকৈ টি বেগ ব্যৱহাৰ কৰিলে আপোনাৰ শৰীৰত কিমান বেয়া প্ৰভাৱ পৰে সেইয়া জানিবলৈ পঢ়ক এই লেখাটো পঢ়ক। 

মণ্ট্ৰিয়েলৰ মেকগিল বিশ্ববিদ্যালয়ত কৰা এক অধ্যয়নত দেখা গৈছে যে প্লাষ্টিকৰ টি বেগে আপোনাৰ চাহকাপত ক্ষতিকাৰক কণা নিৰ্গত কৰে। 
শেহতীয়াকৈ, পুষ্টিবিদ ৰাশি চৌধুৰীয়ে টি বেগৰ  পৰা নিৰ্গত এই ক্ষতিকাৰক পদাৰ্থবোৰৰ প্ৰভাৱৰ বিষয়ে সকলো তথ্য ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। চাহৰ মোনাবোৰে গৰম পানীত কোটি কোটি মাইক্ৰ' আৰু নেনোপ্লাষ্টিকো নিৰ্গত কৰে। 

ডাঃ চৌধুৰীয়ে কৈছিল যে কাগজৰ চাহৰ মোনাটোত এপিকলোৰোহিড্ৰিন নামৰ এক ৰাসায়নিক পদাৰ্থ থাকে৷  বেগটো নষ্ট নহ’বলৈ এই পদাৰ্থটো ব্যৱহাৰ কৰা হয়৷  যেতিয়া এই এপিক্লৰোহাইড্ৰিন গৰম পানীৰ সংস্পৰ্শলৈ আহে, ই কাৰ্চিনোজেন নামৰ এক পদাৰ্থ নিৰ্গত  কৰে যি কৰ্কট ৰোগৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও, পুষ্টিবিদসকলে কয় যে এই চাহ মোনাটোৱে হৰম’নৰ সমস্যাও সৃষ্টি কৰে।

চাহৰ মোনাৰ সলনি সাধাৰণ চাহ পাত বা চাহ পাতৰ গুৰি ব্যৱহাৰ কৰিব লাগে। বিশেষজ্ঞসকলৰ মতে, সাধাৰণ চাহ পাত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত এনে কোনো বিপদৰ শংকা নাই। আৰু যদি আপুনি টি বেগ ব্যৱহাৰৰ  অভ্যাস সলনি কৰিব নোৱাৰে , তেন্তে আপুনি কপাহৰ কাপোৰ ব্যৱহাৰ কৰিব পাৰে। চাহপাতবোৰ কপাহৰ কাপোৰত মেৰিয়াই দি  ইয়াক  আপুনি ইয়াক চাহৰ মোনা হিচাপে ব্যৱহাৰ কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ